২৩ জুন-আজিৰ দিনটোৰ ইতিহাস

অসমীয়া সাহিত্যৰ চানেকি
0
 ২৩ জুন হ'ল গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ১৭৪ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১৯১ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ তাৎপৰ্য-

১. আজি ৰাজহুৱা সেৱা দিৱস। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৰাজহুৱা সেৱা খণ্ডৰ অৱদানক সন্মান জনাই ২৩ জুনক ৰাজহুৱা সেৱা দিৱস হিচাপে স্বীকৃতি দিয়ে।

২. আজি আন্তৰ্জাতিক বিধৱা দিৱস। বিভিন্ন দেশত বিধৱাসকলে মুখামুখি হোৱা অমানৱীয় নিৰ্যাতনৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়।

৩. মানুহক খেলা-ধূলাৰ প্ৰয়োজনীয়তা সম্বন্ধে সজাগ কৰিবলৈ আন্তৰাষ্ট্ৰীয় অলিম্পিক দিৱস পালন কৰা হয় ।

৪. ৯৩০ চনত বিশ্বৰ আটাইতকৈ পুৰণি সংসদ আইচলেণ্ডীয় সংসদ স্থাপিত হয়।

৫. ১৮৯৪ চনত পেৰিছত আন্তৰাষ্ট্ৰীয় অলিম্পিক সমিটি গঠিত হয়।

৬. ১৯৬০ চনত বিশ্বৰ প্ৰথমটো গৰ্ভনিৰোধক বড়ি আমেৰিকা যুক্তৰাষ্ট্ৰত উপলব্ধ হয়।

৭. ১৯৭২ চনত এগনেছ হাৰিকেন আমেৰিকাৰ সৰ্বাধিক ক্ষতিকাৰক দুৰ্যোগ হিচাপে পৰিগণিত হয় যিয়ে ১৫ খন ৰাজ্যত তিনি বিলিয়নৰ ক্ষতি সাধন কৰে।

৮. ১৯৭৪  চনত পৃথিৱীৰ পৰা মহাকাশলৈ প্ৰথমটো বাৰ্তা প্ৰেৰণ কৰা হয়।

৯. ১৯৮৯ চনত টিম বাৰ্টনৰ দ্বাৰা পৰিচালিত, মাইকেল ফিয়েটন আৰু জেক নিকলছ'নৰ দ্বাৰা অভিনীত প্ৰখ্যাত ছবি "বেটমেন" মুকলি কৰা হয়।

১০. ২০১৬ চনত ইংলেণ্ডে ইউৰোপীয় ইউনিয়ন পৰিত্যাগৰ বাবে ভোট দিয়ে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)