খৰিকাজাঁইৰ সুবাস-বিনিতা বৰা

©Admin
0
                
মোৰ কোঠাৰ কাষতে আছে
খৰিকাজাঁই ফুলজোপা,
পুৱা খিড়িকি খুলিয়েই
তাৰ সুবাস পাওঁ মই,
সেই সুবাসত বিচাৰি পাওঁ
মোৰ মনৰ বাসনা।
হেঁপাহৰ সোনোৱালী সপোন
কৰ্মস্পৃহা,উদ্যমতা 
হৃদয়ৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে বিয়পে
খৰিকাজাঁইৰ সুগন্ধি।
সেই সুবাসতে...
ফুলি উঠে মোৰ তেজাল কলিজা
সৃষ্টি হয় এক কেঁচা কবিতা।

✍️বিনিতা বৰা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)