কান্দিছিল তাই ,
মা , মোক বছা বুলি অ’
চিঞৰিছিল তাই ,
কিন্তু সেই নৰপিশাছ কেইটাই....!!!
এন্ধাৰত নিজৰ ব্যক্তিত্ব পাহৰা....,
পোহৰত ভদ্ৰ মানুহৰ মুখা পিন্ধা '
সেই পাপী কেইজনে
তাইক মাৰি পেলালে অ’
চিঞৰিছিলোঁ সৌ সিদিনা ...!!
সিহঁতক জেলত ভৰাই থ'ব লাগে বুলি ,
আজিৰ স'তে দুটি কবিতাওঁ লিখিলোঁ ,
ফেচবুক , হোৱাটচেপত
বহুত , লিখিলোঁ অ’....!
কিন্তু শূণ্য , চাৰিওফালে শূণ্য !!!
আৰু কিমান ?
কিমানৰ কোলা সুদা কৰিবি তহঁতে
কিমানৰ বুকু উদং কৰিবি
কিমান নিষ্পাপক হত্যা কৰিবি !
আৰু কিমানৰ তেজ হুপিবি অ ???
সিদিনাই হাঁহিম , সিদিনাই নাছিম আনন্দত ,
বুলি কৈ নিজকে লজ্জিতও নকৰোঁ দে ,
কিন্তু অ' , সুখী পিছে হ'ম সিদিনা ....!
যিদিনা , তহঁতৰ দৰে নৰপিশাচবোৰৰ ,
বাজিব মৃত্যু ঘন্টা, সিদিনাই পাব ন্যায় ,
পাহাৰী চুমিলা , গোগামুখৰ দিপশিখাৰ আত্মাই...!!
ক্ৰমশ : সেই দিনটোলৈ... !!!
✍️জিন্টু দাস
বাক্সা