মানু্হ আৰু পৰিৱেশ-মাণিক পাল

Rinku Rajowar
0
সাম্প্ৰতিক কালত মানুহৰ সৰ্বাধিক দৃষ্টি আকৰ্ষণ কৰা বিষয়টো হ’ল পৰিৱেশ । সেই বাবেই হয়তো আজিকালি প্ৰায়ে শুনিবলৈ পাঁও যে “save environment save life ”। পৰিৱেশ শব্দটো আগতেও ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান সময়ত এই শব্দটোৰ বিশেষ তাৎপৰ্য আছে । সম্প্ৰতি শিক্ষা-দীক্ষা , প্ৰশাসন , ব্যৱসায়,বাণিজ্য , ৰাজনীতি , অৰ্থনীতি , আন্তৰ্জাতিক সম্পৰ্ক আদি বিষয়ৰ প্ৰায় সকলো ধৰণৰ আলোচনাতে পৰিৱেশৰ কথা আহি পৰে । কাৰণ আমাৰ মাতৃ পৃথিৱীৰ সকলো ঠাইতে পৰিৱেশৰ সমস্যাই মানুহক অসুবিধাত পেলাইছে । সম্প্ৰতি সময়ত বহু চৰ্চিত পৰিৱেশৰ সমস্যাবোৰ হ’ল – গোলকীয় উষ্ণতা , জলবায়ু পৰিৱৰ্তন , বিভিন্ন প্ৰকাৰৰ প্ৰদূষণ , কৃত্ৰিম বান , ভূমিস্খলন , মৰুকৰণ ইত্যাদি । এই পৰিৱেশ সংক্ৰান্ত সমস্যা বোৰে মানুহকে আদি কৰি প্ৰকৃতিৰ জৈৱ আৰু অজৈৱ উপাদানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে । পৰিৱেশৰ এনে সমস্যাবোৰৰ বাবে আটাইতকৈ বেছি জগৰীয়া হ’ল মানুহ নিজে । কাৰণ মানুহৰ বিবেকহীন কামবোৰৰ বাবেই পৰিৱেশৰ আজি এনে অৱস্থা । মানৱ জাতিয়ে নিজে নিজৰ বিপদ টানি আনিছে । 
                       বহল অৰ্থত পৰিৱেশ শব্দটোৱে কোনো জীৱ বা জীৱ-সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে বুজায় । চাৰিওফালৰ অৱস্থাই জীৱ বৰ্তি থাকিবৰ বাবে আৱশ্যকীয় সকলো উপাদানকে সামৰি লয় । এই উপাদানবোৰ জৈৱ আৰু অজৈৱ দুয়ো ধৰণৰ হ’ব পাৰে । কিন্তু ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল । পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান বা মণ্ডলে ইয়াৰ পৰিৱেশ নিৰূপণ কৰিছে । সেইকেইটা হ’ল – ক) স্থল মণ্ডল খ) জলমণ্ডল গ) বায়ুমণ্ডল ঘ ) জীৱমণ্ডল ।  
                       যোৱা কিছু দশক ধৰি পৃথিৱীত চলি থকা প্ৰকৃতিৰ শোষণ আৰু পৰিৱেশৰ অধঃপতন উদ্বেগজনক পৰিস্থিতিত উপনীত হৈছে । যদি এতিয়াও আমি আমাৰ পৃথিৱীক ৰক্ষা কৰিবলৈ সচেতন নহওঁ তেন্তে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ যেনে – ভূমিকম্প , আকস্মিক বান , প্ৰৱল হিমবাহ , ছুনামি , চক্ৰবাত আদি হৈ পৃথিৱীক ধ্বংসৰ গৰাহত ঠেলি দিব পাৰে । যিটো পৰিস্থিতিৰ সুচনা ইতিমধ্যে আৰম্ভ হৈছে । সঁচাকৈয়ে পৰিৱেশৰ এই পতন মানৱ সমাজৰ বাবে সমগ্ৰ বিশ্বজুৰি এক চিন্তনীয় বিষয় । পৰিৱেশৰ গুৰুত্ব বুজি Evo Morales এ কৈছিল “ Sooner or later we will have to recognise that the Earth has rights too , to live without polution. What mankind must know is that human being can’t live without mother Earth , but the planet can live without human . 
                 সম্প্ৰতি সময়ত পৃথিৱীত চলি থকা ২৪ টা প্ৰধান পৰিৱেশ সম্বন্ধীয় চিন্তা হ’ল – ১ ) বায়ু প্ৰদূষণ ২) পানী প্ৰদূষণ  ৩) মাটি প্ৰদূষণ ৪) জলবায়ু পৰিবৰ্তন ৫) গোলকীয় উষ্ণতা ৬) নিৰ্বনানীকৰণ ৭) কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি  ৮) জিনীয় পৰিবৰ্তন ৯) সামুদ্ৰিক জীৱনৰ প্ৰভাৱ ১০) মানুহৰ স্বাস্থ্য সংক্ৰান্তিয় সমস্যা ১১) জনসংখ্যাৰ জনবিস্ফোৰণ ১২) প্ৰাকৃতিক ভাৰসাম্যৰ অভাৱ ১৩) ঘৰুৱা আৰু ঔদ্যোগিক আৱৰ্জনা ১৪ ) অ'জন স্তৰৰ ক্ষমতা হ্ৰাস ১৫ ) ভূমিস্খলন ১৬) প্ৰাকৃতিক সম্পদ হ্ৰাস ১৭) নিউক্লীয় সমস্যা ১৮) বিপন্ন প্ৰজাতিৰ প্ৰাণীৰ ধ্বংস ১৯) এছিড বৰষুণ ২০) কৃষিজ প্ৰদূষণ ২১) শব্দ প্ৰদূষণ ২২) জাৱৰ-জোঁথৰ আৰু আৰ্থ ফিলিং ২৩) নগৰ মহানগৰৰ ব্যস্ততা ২৪) চিকিৎসা সংক্ৰান্তীয় বস্তুৰ নিষ্পত্তি । 
               ওপৰত উল্লেখ কৰা পৰিৱেশ সংক্ৰান্তিয় বিভিন্ন সমস্যাবোৰৰ বাবে জগৰীয়া মানৱ সমাজ । কাৰণ মানুহে , ভগৱানে মানৱৰ উপকাৰৰ বাবে দান কৰা  প্ৰকৃতিৰ কোমলতাক সদায় কঠোৰ ভাবে ব্যৱহাৰ কৰি আহিছে । যাৰ ফলত প্ৰকৃতিয়েও নিজৰ ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে। কাৰণ মানুহৰ বাবে প্ৰকৃতি আৰু পৰিৱেশ অপৰিহাৰ্য্য অংগ । প্ৰকৃতিৰ ওপৰত মানুহে কৰা কিছু বৰ্বৰতাৰ উদাহৰণ হ’ল – জধে-মধে গছ-বন কাটি লঠঙা কৰা , প্ৰাণী হত্যা , পাহাৰ কাটি শিল তৈয়াৰ কৰা , খাল-বিল পুখুৰী মাটিৰে পৰিপূৰ্ণ কৰা , মাটিত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা , য'তে ত’তে আৱৰ্জনা আৰু মল-মূত্ৰ ত্যাগ কৰা , ঔদ্যোগিক আৱৰ্জনাবোৰ নদ-নদীত পেলোৱা , অত্যাধিক গাড়ী-মটৰ ব্যৱহাৰ কৰি শব্দ আৰু বায়ু প্ৰদূষণ কৰা ইত্যাদি ।
                     পৰিৱেশ ৰক্ষা কৰিহে আমি জীয়াই থাকিব পাৰিম । গতিকে পৰিৱেশ প্ৰদূষণ কম কৰিবলৈ হ’লে আমি প্ৰকৃতিৰ ওপৰত কৰা বৰ্বৰতাবোৰ  বন্ধ কৰিব লাগিব । কিছু ব্যক্তিগত স্বাৰ্থ আৰু মুনাফাৰ বাবে গছ-বন, পাহাৰ আদি কটা বন্ধ কৰিব লাগিব । নহ’লে আমি প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ দৰ্শন কৰিবলৈ প্ৰস্তুত থাকিব লাগিব । যিমান পাৰি বৃক্ষ ৰোপণ কৰিব লাগিব । এইবোৰৰ মাজত ভাল খবৰটো হ’ল যে পৰিৱেশ সমস্যাবোৰৰ প্ৰতি সম্প্ৰতি সময়ত সমগ্ৰ বিশ্ববাসী সজাগ হৈছে আৰু সমন্বিত প্ৰচেষ্টাৰে সমস্যাবোৰ ৰোধ কৰিবলৈ আৰু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰসমূহে সহমত প্ৰকাশ কৰিছে  । কিছুমান আন্তঃৰাষ্ট্ৰীয় সংগঠনেও পৰিৱেশ সমস্যাবোৰ সমাধানৰ বাবে যত্ন কৰিছে । এনেকুৱা কিছুমান আন্তঃৰাষ্ট্ৰীয় সংগঠন হ’ল – Earth system Governance Project (ESGP), Global Environment Facility (GEF) , Local Authorities international Organisations ( KIMO) , Intergovernmental panel on Climate change (IPCC ), international Union for Conservation of nature (IUCN) , United Nations Environment Programme (UNEP) , world Nature Organization (WNO) ইত্যাদি । গতিকে দেখা গ’ল যে  সম্প্ৰতি সময়ত চলি থকা মানুহ আৰু প্ৰকৃতিৰ সংঘৰ্ষৰ বাবে মানুহ সম্পূৰ্ণৰূপে দায়ী আৰু ইয়াক সম্পূৰ্ণভাবে সমাধান কৰাৰ দায়িত্বও মানুহৰে । 

✍️মাণিক পাল 
গাঁও: শিমলীতোলা
জিলা :গোৱালপাৰা
ম’বাইল নং :: ৮৬৩৮৯৪৭২৯২

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)