আশাত বন্দী-ড° মৃদুল চন্দ্ৰ শৰ্মা

©Admin
0
আছোনে বাৰু জীয়াই
নিজৰেই শৰীৰৰ স্পৰ্শানুভূতিয়ে কয় 
হয় জীয়াই আছোঁ
হৃদয়ৰ কম্পনে উমান দিয়ে
জীয়াই আছোঁ 
উশাহে , নিশ্বাসে , মগজুৱে দিয়ে 
জীয়াই থকাৰ ইঙ্গিত
এনেকৈয়ো মানুহ জীয়াই থাকে
বন্ধ কুঠৰীত
কিবা আশাত
এদিন ভাল দিন আহিব
মুখাবিলাক খুলি মানুহে
প্ৰাণখুলি হাঁহিব
পথবোৰ লোকাৰণ্য হ'ব
ৰেল-গাড়ী , বাছ চলিব
বিষাণু আঁতৰি যাবগৈ
কালৰূপী মৃত্যুৰ কৰাল গ্ৰাস
আঁতৰি যাব
স্বাভাৱিক সুদিন বোৰ
পুনৰ ঘূৰি আহিব
মানুহক মানুহৰ দৰে
জীয়াই থাকিবলৈ দিব
জীয়াই থাকিবলৈ শান্তিৰে ৷


✍🏻ড° মৃদুল চন্দ্ৰ শৰ্মা
     যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)