এজাক বৰষুণৰ অপেক্ষাত -দীপ্তি কুমাৰ

©Admin
0
খেতি বাতি কৰি পেট প্ৰৱৰ্তোৱা ৰহিমে যোৱাবাৰ খেতি-খোলা কৰাৰ পিছত ভগৱানক প্ৰাৰ্থনা কৰিছিল। খেতিডৰা যাতে ভাল হয়। কালৰূপী বানপানীয়ে যাতে খেতিডৰা নষ্ট নকৰে। বাৰিষা ৰ'দ, বৰষুণ কাটি কৰি কৰা কষ্টৰ ফল যাতে সি পাই। দুখীয়া ৰহিমে এজাক সৰুকৈ বৰষুণ দিলেই বৰ চিন্তাত পৰিছিল। কিজানিবা বানপানী হয়েই। বৰষুণ দিয়াৰ লগে লগে সি পথাৰ পাইছিলগৈ খেতিডৰা চাবলৈ। কাৰণ, দুখীয়া ৰহিমৰ খেতিৰ বাহিৰে অন্য জীৱিকাৰ পথ নাছিল। প্ৰত্যেকবাৰেই সি খেতি-খোলা কৰিয়ে তাৰ একমাত্ৰ ছোৱালীজনী আৰু পত্নীক ভৰণ পোষণ দিছিল। এনেকৈয়ে তেওঁলোক সুখী আছিল।
   পিছে এইবাৰ ৰহিমৰ অনেক দুখ, অনেক চিন্তাই তাক খুলি খুলি খাইছে। সি কি কৰিব ভাবি পাৰ নোপোৱা হ'ল। তাৰ কৃষক মনটোৱে এজাক বৰষুণৰ অপেক্ষা কৰি আছে। নাই, আজি বহুদিন হ'ল এজাক বৰষুণ নাই। চাৰিওফালে কেৱল শুকান। আনকালে এনে দিনত মানুহে খেতিত নামে, পিছে এইবাৰ পথাৰখন তেনেই উদং। শুকান চপৰাৰে ভৰি আছে বাৰিষাৰ পথাৰ। সকলোৰে এটাই আশা এজাক বৰষুণ আহিব, পথাৰত পানী হ'ব, মানুহে খেতি-খোলা কৰিব। কিন্তু বৰষুণ জাক কেতিয়া আহিব ভাবি ভাবি ৰহিম বিমূঢ়ত পৰিল। তাৰ অনেক চিন্তা সি এইবাৰ ঘৰখন কেনেকৈ চলাব, ছোৱালীজনীক কেনেকৈ পঢ়া খৰছ যোগান ধৰিব। সি এইবাৰ বৰষুণজাকৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিলে। সি ভগৱানক প্ৰাৰ্থনা কৰিবলৈ ধৰিলে।
      অৱশেষত ভগৱানে তাৰ প্ৰাৰ্থনা শুনিলে। পিছদিনা ৰাতিয়ে এজাক বৰষুণ নামিল। বৰষুণৰ আগমনত তাৰ কৃষক মনটো আনন্দত ভৰি পৰিল। সি বাহিৰলৈ ওলাই আহি বৰষুণজাকত তিতি-তিতি ভগৱানক ধন্যবাদ দিবলৈ ধৰিলে। বহুদিনৰ পৰা অপেক্ষা কৰি থকা এই বৰষুণজাকে তাৰ দেহ-মন জুৰ পেলাই তাৰ অশান্ত মনটোক শান্ত কৰি পেলালে।।

      ✍️দীপ্তি কুমাৰ
            পদ্মাঝাৰ (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)