দৌৰ-সুতীৰ্থ মাধৱ দত্ত

Unknown
0
যামিনীৰ বুকুত জীৱন্ত শশাঙ্কৰ দৌৰ ,
নীৰৱে - নিতালে সপোনত ডুব যোৱা বসুধাৰ প্ৰভাতৰ দিশে দৌৰ ,
ঘামত জুৰুলি-জুপুৰি হৈ দিনটিৰো সন্ধিয়াৰ দিশে দৌৰ ....

সপোনক সপোনত লৈ কল্পনাৰ ...............!
মায়াময় জোনাকৰ দিশে দৌৰ ।

প্ৰশংসাৰ পাছে পাছে দৌৰ
হাঁহিৰ কাৰণ বিচাৰি দৌৰ
চকুলোৰ সমাধান বিচাৰি দৌৰ
মগজুৰে ন'হলে হৃদয়েৰে মাথোঁ দৌৰ, দৌৰ ,দৌৰ।

পঞ্চভূতত বিলীন হোৱাৰ লক্ষ্যৰে বগা,ৰঙা,নীলা,সেউজীয়াৰ মাজেৰে দৌৰ
হাতত ধৰি দিয়া প্ৰথম খোজটিৰ পৰা
চাৰি কান্ধত উঠি চিৰনিদ্ৰা যোৱালৈকে দৌৰ।

জীৱনৰ দিনান্তত ...................!
অনলৰ আলিঙ্গন
অৱনীৰ আতিথ্য
অনিলৰ আমোদ-প্ৰমোদ
অম্বৰৰ আলয়ত আত্মাৰ প্ৰৱেশ (স্বৰ্গৰ দিশে নতুবা নৰকৰ দিশে দৌৰ)
সুদূৰ  প্ৰসাৰী কৰ্মত সত্ত্বাটি দীৰ্ঘজীৱী কৰাৰ বাবে দৌৰ ।

অৱশেষত 
সময়ৰ পাকচক্ৰত আদৰ্শৰ দৌৰ !
মাথোঁ দৌৰ সময়ৰ খাজ কটা জখলাত
হাতত লৈ এটি দুৰূহ প্ৰশ্ন লৈ প্ৰতিক্ষণে।

চাৰিৰ পৰা হাতত ধৰি দুইলৈ,দুইৰ পৰা বিতচকু পিন্ধি লৈ তিনিলৈ 
এটি কিম্ভূত-কিমাকাৰ দৌৰ

তুমিৰ পৰা তই হৈ আপুনি লৈ এটি বিশৃংখল দৌৰ ।


✍️সুতীৰ্থ মাধৱ দত্ত
     শিৱসাগৰ
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)