সূৰ্যোদয় | তৃতীয় খণ্ড |ধাৰাবাহিক উপন্যাস-ৰাজেন দাস

©Admin
0
মিটিৰ-মিটিৰণি আছে নে ?" বন্ধু-বন্ধৱী পাতিলে এই শব্দ ব্যৱহাৰ কৰে। বৰ ভাল লগা। তাতে বন্ধুত্বৰ সম্পর্ক বৰ ওখ। সুদামা, কৰ্ণ, কৃষ্ণৰ চৰিত্ৰতে আমি সেই কথা পাই আহিছোঁ। 
ভিতৰৰ পৰা মাৰ মাতষাৰ আহিছে-কোন ?কোন নো?আহক, আহক বাৰান্দাৰ চকীখনতে বহক। বাওঁফালে মোকাল বাঁহৰ খুটাৰে কাষৰতে তাঁতশালখন,সোঁফালে সৰু ভঁৰালটো,তলতে গৰু-গাইৰ বাবে গোহালিটো।এখেতক মাতি দিওঁ,জুহালতে জুই উম লৈ ছেপাৰ কাঠি অলপ চুচি আছে। অ' প্ৰভূ, তেখেত আহিছে। তেখেত কোন?কৰৈগুৰিৰ যে দিলীপ। কজুৱা বুলিও কয় ঠাইবিশেষে। গাখীৰ ব্যৱসায়ী।বহলকৈ মুখ। পাতলকৈ গোঁফ। পেট ওলোৱা, পেটুৱা। কথা-বতৰা বেচ স্পষ্ট, সলসলীয়া। মাৰ কথাষাৰ শেষ নৌ হওঁতেই দেউতাই বাহিৰত তেওঁৰ লগত কথা পাতি ঘৰৰো খা-খবৰ লৈ পেলালে।তামোল চালি খাই দুয়ো ইটো-সিটো কথাত মচগুল। খেতি-বাতিৰ কথা ওলাওঁতে তাৱৈয়ে মাহ,সৰিয়হ,কচু, কুঁহিয়াৰ খেতিৰ কথা কৈছিল।ভাল উৎপাদনৰ কথাও ওলাইছে। ভাল বজাৰ থকাৰ কথাইয়ো ঠাই পাইছে। কৈছিল-কচু,কুহিয়াৰত অলপ লাগি ভাগি দিব। বিহু লৈও হ'ব,এপইচাও আহিব।দেউতাই ক্ষীণ সন্মতি দিলে-বাৰু আপুনি যাওগৈ, মই আলোচনা কৰি লৈ,আনবাৰত নহ'লেও দেওবাৰে পঠাই দিম। বাৰু মই আহোঁ।বৰমুকলি(৪০নং উত্তৰ পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়তৰ অন্তৰ্গত)সোমবৰীয়া এই বজাৰৰ বয়-বস্তু বোৰ চাপৰি(শিকলিৰ চাপৰি,পাজাব চাপৰি)ৰ সিপাৰৰ গাইৰ মালিকক দিব লাগিব।তালৈকো চাইকেল কোবাবলৈ আছেই। পেডেল মাৰি মাৰি চাইকেল চলাই যাঁও,পদূলি এৰি এৰি এনেকৈ কৈ তাৱৈক মা-দেউতাই ৰাস্তালৈকে ল'ৰা-দামৰিৰে পঢ়া-শুনাকে আদি কৰি ইটো-সিটো কথা পাতি পাতি কইনাখোজেৰে আগবঢ়াই আহিলগৈ।

(২)
নিজস্ব বুলি একো নাথাকিলেও নিজস্ব নোহোৱা নহয়। নিজস্ব অবৰ্তমান আৰু বৰ্তমানটো।দিনত উৰি ফুৰা চৰাই ৰাতি বাঁহলৈ আহে।দিনটো খাদ্য বিচাৰি বিভিন্ন ঠাইত পোক,পৰুৱা,পতঙ্গ,চাউল গুটি, ফল-মূলৰ গুটি...বিচাৰি ফুৰে ।ভ্ৰমণপিয়াসী মানুহ, চৰাইয়ো।।চৰাই পোৱালি বোৰক লঘোণে নেৰাখে।নিজেই নাখায়ো খোৱাব।আমাৰো ৰাতি সকলোকে ভাতৰ পাতত দেখা গ'ল। ল'ৰা-ছোৱালীকেইটাক কৰৈগুৰীলৈ যোৱাৰ কথাটো বুজাই দিলে।ঠিক কৰিলে অহা দেওবাৰ।নিজৰ কোৰ,কটাৰী, দা ইত্যাদি যোগাৰ লৈ যাবি,কচু কোৰ মাৰিবি, কুঁহিয়াৰ ৰস(ঘোটা,নোঘোটা) ঝাৰে ঝাৰে নি এমোন ধৰা গামলাত থ'বি, কাটিবি,গুৰভানৰ ফেলাইৰ তলত জুই দিবি, কুঁহিয়াৰৰ দাবই,জাবৰখিনি ঠেলাখনত নি নি গেজিংডোখৰত ফাঁহ ফাঁহ কৈ মেলি দিবি, পাতল পাতলকৈ,যাতে সোনকালেই ৰ'দত শুকাই। কুঁহিয়াৰৰ যেনেকৈ পেলনি অংগ নাই কলগছৰ ক্ষেত্ৰটো একে।কনমইনাৰ মাত এষাৰ বাজিল-"পাত পছলা লাভত খাবা,লংকাৰ বনিজ ঘৰতে পাবা"। কনমইনা মোৰ ভাইটি। বৰ দিগন্তপ্ৰয়াসী মন। সমাজৰ বাবে সৰুৰে পৰা কৰ্মোদ্দমী। পঢ়াই, শুনাই, নাচে-গানে,কামে-বনে।সেইদিনা সকলোৱে কলপছলা আৰু কলৰ সাৰলি দিয়া মাটিদাইলেৰে খাই -বৈ শুই পৰিলোঁ।
(৩)
সপোনতে কালি মইনাহঁতে গাই অহা গানটোৰ সৈতে একাত্ম হৈ আছিলোঁ।"কালিলৈ স্কুল বন্ধ,গোলাপ ফুলৰ গোন্ধ" এইকলি আছিল।চৰাই-চিৰিকটিৰ কল-কাকলিত আমি পাৰ পালোঁ। বাৰ দেওবাৰ।মনটো ভাল,বেয়া দুয়োটাই লাগে।আমি তিনি ভাই আৰু ওচৰৰ কাতিৰাম পেগু তাকো লৈ কৰৈগুৰি চাপৰিলৈ ওলালোঁ।দেউতাৰ আদেশ, আমাৰ স্বৰ্গদেউৰ আদেশ। দেউতাই দিয়া দিহাতেই  ওলালোঁ।মানুহঘৰ ভাল, সম্ভ্ৰান্ত। কি সুন্দৰ প্ৰাকৃতিক পৰিৱেশ।গছে-বনে ,ফুলে ফলে গোটেইখন সেউজীয়া।সেউজীয়াৰ বৰপিৰাখন। তাৱৈৰ ভায়েক দুটা। প্ৰদীপ আৰু ৰাজীৱ।বেছ কৰ্মঠ।পঢ়া- ভাল।তাতকৈ ভাল কাম।তিনিও মিলি সুন্দৰ জীৱন।"তিনিজন য'ত নিৰঞ্জন ত'ত"।

 আমৈতিৰ ঘৰত আইতা আৰু  
ককাও  আছে। ভকতীয়া মলাধৰাও।আইতা সাদৰি।ওখ-পাখ।মিঠাবৰণীয়া।বয়স যদিও কেইবাকুৰি তথাপি মৰাপাতবৰণীয়া চুলিৰ কোনো লেখ নাই।ককাৰ চুলিখিনি গোৱলা।মাতটো সুৱলা।স্পষ্ট,ফটফটীয়া ।মুখখন শুকান বাঁহখৰিৰ নিচিনা।ককা খুহুতীয়া।"ভাওনা "শব্দটোক ভ-ৱ-না বুলি কৈ ভাল পায়।ভাওনা কৰি ৰভাতল কম্পমান কৰা ককা।" মই যেতিয়া ভীমৰ ভাও ওলাম, গোটেই খনৰ ভয়ত হাত-ভৰি লুকাই।পেঁপোৱা লাগে সৱ। কোৱা শুনো সঁচাই ভীমহেন ।বৰ পাকৈত অভিনয়।গোটেই খন গিজগিজাই যায় হেনো..." । 
ককাই শাস্ত্ৰ-ভাগৱতৰ কাহিনী অনৰ্গল কৈ যাব পাৰে। কৃষ্ণ, অৰ্জুন,কৰ্ণ, দ্ৰৌপদী, পৰশুৰাম,সীতা, হনুমান,ৰাৱণ...ইত্যাদিৰ কাহিনী বৰ ৰসালকৈ কৈ যায়। উক্ত চৰিত্ৰক লৈ অসমীয়া সাহিত্যত পুৰাকথাৰ চৰিত্ৰৰ পুনৰ নিৰ্মাণো হৈ আছে। তেওঁ হেনো সেইবোৰৰ পৰা বহু কথা শিকি আনকো কয়। ভাওনা বচনৰ কূটবোৰ ৰসালকৈ মুখস্ত মাতি যায়। মই তধা লাগি থাকোঁ।যেন পানীৰ সোঁতত পুতি থোৱা নিৰ্দিষ্ট গোঁজডাল । মোৰ মনে মনে নিজলৈ খং উঠে। মই যে কোন দুনীয়াত আছোঁ। একো নাই লাহে লাহে শিকি গৈ থাকিম...। 
(৪)
আমি তাৱৈৰ ঘৰৰ কামখিনি দেখুৱাই দিয়ামতে কৰিছোঁ।কামৰ ফাঁকত চিৰা এঠা দৈ গুৰৰ জলপান,চাহ । মুঠতে কাম কৰি থাকিবলৈ এলাহ লগা নাই।ঘৰতে এলাহ।সেই এলাহতে মুখেদি বাজ হৈছিল--"এলেহুৱা হৈ কিয় জীৱন ধৰিছা,দহজনে পাৰে যিটো তুমিও পাৰিবা সিটো..."। ইয়াত সুকীয়া।পৰিৱেশ 
-পৰিস্থিতি। "লগত  হাত-পাত ধুই আহ, ভাত এমুঠি খাহি হঁক। আইতাগৰাকীৰ মাতষাৰ। আইতা ওখ,মৰাপাটমুঠাৰ দৰে ককাল, বেছ বুজাশক্তিৰ, কৰ্মপাকৈত। আমি ভিতৰলৈ সোমাই ভাতৰ পাতত।ক'ৰনো তিৰি মিৰি ভাটৌ খোৱা...ল'ৰা আনিছে।মই বাতিৰাম নে  কাতিৰামক সুকীয়া কৈ বাহিৰত দিলোঁ, খোৱা বাচনখনো ধুই দিব ক'লো আৰু ডোমপোৱালিৰ তাৰ প্ৰতি কি মনোভাৱ হয় হৈ থাকক ।ডোমৰ দুটা কথা । তথাপি নকয় গোকাট ফাঁকি কথা।মোৰ মনে মনে 'হাই জীৱশ্ৰেষ্ঠ মানৱ, ধিক্কাৰ.."জন্মিল। উপাধি বেলেগ লিখিলে বুলিয়েই তেনেকৈ কৰেনে? তাৱৈহঁতৰ ঘৰৰ মানুহৰ লগত তেজ,হাড়...পাৰ্থক্য ক'ত? সৱৰ তেজ ৰঙা,হাড় দুশ ছয়ডাল। তেতিয়া মনলৈ আহে কামে বনে নিপুন হৈও আমি সংক্ষিপ্ত ও নে? 
 এনেকৈ ভাইটিটোক অপমান কৰাৰ বাবে তাক নিনিয়া হ'লো। অৱশ্যে বুজিব পৰা সি হোৱাই নাই, সি সৰু। গোটেই বাটটো   কথাখিনি জুকিয়াই-মুকিয়াই আহিছোঁ-" তথাপি জাতি, জনজাতি, জনগোষ্ঠী বুলি কোনো কথা থাকিব নালাগে। সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই থাকিব লাগিব।আমি এক, ভাৰতীয় চিন্তা-চৰ্চা ত আত্মাও এক। মানুহে মানুহক কিয় হিংসা কৰে,নিচ বুলি অপমান কৰে,হাতৰ তলুৱাৰে নচুৱাব খোজে..."এনেবোৰ কথা-কাণ্ডত মোৰ মন-মগজু প্ৰতিবাদী হৈ উঠে। অথচ মাটিয়েই সকলোৰে গতি। দুহাত...। 

(৫)
আমৈৰ ঘৰত তেনেকৈ স্কুল বন্ধত কামখিনি কৰি দিও। "তহঁতক আধিয়াৰ হিচাপে কচু অলপ দিম বুলি ভাবিছোঁ। কামখিনি ভালকৈ কৰিবিহঁক"।তাৱৈৰ কথাত আমাৰো ভাল লাগিল। কামখিনি আগতকৈ ভাল কৰাত লাগিলোঁ।দিন-বাৰ,মাহ গৈ আছে।কচুৰ মাটি চপাই,ঘৰুৱা পচন খাৰ জাতীয় ব্যৱহাৰ কৰিছোঁ।

"কচু পাতবোৰ শুকাইছে । ৰঙচুৱা,ফটা-চিটা হৈছে।পূৰঠ হ'ল।সানিব লাগিব। বিক্ৰিও কৰিব লাগিব।ককাই-ভাইক সকলোকে এসাজ দিব লাগিব।তাৱৈক ক'বি কচুখিনি সানি-কাটি সোনকালেই আজৰি হ'ব লাগে। অন্যান্য কামো থাকে নহয় । বৰ বাঁহৰ বিচনাত  পঢ়ি থকাৰ পৰাই শলাগিল।এইখিনি কথা দেউতাই শুনাই আছে।
মৰাপাতৰ বস্তা কেইবাটাও লৈ লৈছোঁ।তলি আধাবিঘা বেছি হ'লেও কম নহয় । তাতে স্কুল বন্ধ ও দুদিন মান আছে।"কচুখিনি সানি কাটি যি পাঁও লৈ আহোগৈ । কোন কোন যা ওলা। অই ব'ল ।  জল্ডি...।" বৰৰ কথাত তিনিটি ওলাল। ৰাইজে নখ জেকাৰিলে নৈ বয় মনোভাৱ। এই মনোভাৱেৰেই আগবাঢ়িলোঁ। 

(৬)
কচুখিনি সানি অতালোঁ।আমৈঘৰৰ আমাক দুই বস্তাহে দিলে।আমি একো নোকোৱাকৈ তাকে সামৰি  লৈ আহিলোঁ‌।ঘৰৰ সকলোৱে চাই হৰি হৰি মানিলে।"ইমান ডোখৰ মাটিৰ কচু প্ৰায় ২৪কিলোমানহে দিলে। অন্ততঃ ৫০ কিলোমান দিব পাৰে। হ'ব।ইমান যে ল'ৰাকেইটাই কষ্ট কৰিলে, মানুহঘৰ তেনেকুৱা প্ৰকৃতিৰ।" কথাখিনি কৈয়েই নলনীবিলত জাল পাতি থোৱা চাবলৈ ওলালোঁ।
কচুৰ কাহিনীৰে মানুহঘৰৰ সৈতে দূৰত্ব আহি পৰিল।যেন "বৃটিছ সকলৰ দিনৰ অসমৰ সমাজ ব্যৱস্থা।ৰায়তে খেতি-খোলা বাৰুকৈয়ে কৰিব।কপালৰ কত ঘাম মাটিত পেলাব। এক-চতুৰ্থাংশ দিব লাগিব।উস্ ৰাম!কি যে দিন-কাল,মাহ-বছৰবোৰ!" দেৱেন বৰদেউতা(শিক্ষক)ই সেইদৰে কৈ আছিল। এই কথাখিনি ৰাতিপুৱা বৰদেউতাই গৰু এৰাল দিবলৈ আহোতে চাহকাপৰ মুখত কৈছিল।
(৭)
এটা আবেলি। চাপৰিৰ তাৱৈৰ ভায়েক আহিছিল।আমাৰ ভাইটিক সোমবৰীয়া বজাৰৰ পৰা কিতাপ ফলি কিনি দি উৎসাহিত কৰিছিল।বৰ চফল ডেকা।আনৰ দুখত দুখী, সুখত সু্খী।পঢ়া-শুনা আছিল।পঢ়া-শুনা সাং কৰি ঘৰৰ কাম,সমাজৰ ইখন-সিখন।নিজাকৈ ব্যৱসায় ও আছে। গুৰৰ কন্ট্ৰেক কৰিছিল। বন্ধু দুজনৰ সৈতে দূৰদূৰলৈ গাড়ীৰে নিয়ে। ভাল উপাৰ্জন।নিজৰ ঘৰৰ গুৰ, গাখীৰো বিক্ৰী কৰে।আমাৰ ককাৰ শ্ৰাদ্ধানুষ্ঠানত দেউতাই ১০ কুইন্টল গাখীৰ লগাইছিল। গুৰ লৈছিল কেইবাকেজিও। আমৈৰ ঘৰৰ মানুহে আমাক হেনো বহু ধনৱন্ত বুলি ভাবিছিল।পিছতে "উৰহী গছৰ ওৰ" গম পালে। দেউতাই সেইয়া শহুৰৰ শ্ৰাদ্ধানুষ্ঠান ৰ বাবে কৰিছিল। চিনাকি মানুহ বুলি। গাখীৰ একদম বঢ়িয়া।ভেজালশূণ্য। সেয়েহে গ্ৰাহকৰ ভিৰ লাগে। বিহুৱে, বিবাহে, শ্ৰাদ্ধই...। 

(৮)
ৰাতিপুৱা বেলিকা।চৰাই-চিৰিকটিৰ কল-কাকলি।ভাড়াঘৰ বন্ধন যেন অনুভৱশূণ্য। স্কুললৈ যোৱা ল'ৰা-ছোৱালীৰ ঘড়ী চোৱাৰ দৰকাৰ নাই।মহাজন আহিলে সময়ৰ উমানটো পাই ।প্ৰায় ৮ বাজো-নাবাজো।বিহাৰৰ এজন গাখীৰ গোৱাল।আমি মহাজন বুলি মতা শুনো।আমিও মাতো।সহাৰি হিংসা কৰিব পৰা বিধৰ।নাক দীঘল।চুলি পাতল।ক্ষীণকায় শৰীৰ।পাতল মুচ। ভাল গৃহস্থ।মা হঁতে কোৱামতে প্ৰায় ৩০-৩৫ বছৰেই হ'ল ব্যৱসায় কৰা।হিচাপৰ মানুহ।মানুহৰ দুখ বুজে।কাৰো এপইচা মাৰি নেখায়।তেওঁকে চেগাচোৰগাকৈ গাখীৰৰ সৈতে পানী দি টুপি পিন্ধাই। সেয়েহে পৰৱৰ্তী সময়ত কিবা মিটাৰ লৈ আহিছিল। সৰলমনা। সিপাৰে মামাৰ ঘৰৰ কাষৰতে ৰাস্তাটো ভাজ লয় সিটো পাৰলৈ।মানে দক্ষিণ দিশলৈ। আমাৰ ঘৰ উত্তৰমূৱাকৈ। "অ----,অ" গান্দো অ"গান্দো...গান্দো-গান্দো...? গাখীৰ----গাখীৰ---...টিলিঙ টিলিঙ কেইবাটাও দিব। দেৰগাঁৱতে ভাড়াতীয়া।তাৰে হোটেলত গাখীৰ দিয়ে,মানুহৰ ঘৰতো খুচুৰাকৈ দিয়ে।মুঠতে ভাল ব্যৱসায়।সেয়েহে অতবছৰে টিকাই আছে।গাই গৃহস্থৰ বজাৰো কৰি দিয়াত নিপুণ । মাছুৱা খুৰাৰ জীয়েকক এনেকৈ মাতে।থুবুকী মিছং ছোৱালী। কামচোৰ নহয়। নাকফূতি পিন্ধে।মাগুৰ বৰণীয়া।কোমল অন্তৰৰ। পঢ়া-শুনা নাই। ঘৰখনৰ গোটেই মখাৰেই নাই বুলিলেও ভুল নহয়। দুই এজনে হাত ফলি আৰু গুটি লৈ গৈছিল। নাকত এথেপা শেঙুন লৈ দৌৰি দৌৰি। কান্দি কান্দি। এই কান্দোনে স্কুল যাবলৈ মন নথকাটোৱেই সূচায়। সূচাব লাগিছিল দুই এটকা পইচা স্কুললৈ বিচাৰি। মাক চাই জীয়েক, বাপেক চাই পুতেকৰ দৰেই কথাটো...।গাখীৰ প্ৰায় ৪/৫ কিলো আনি দিয়ে।সিহঁতে নেঘেৰিটিং, দেৰগাঁৱৰ আদিৰ গৰু পোহে। খেতি-বাতি কৰে।খৰচ পাতিও ধুনীয়া।হাল বাই,পচনসাৰ পাই, গাখীৰ পাই,মৰণা মাৰিবলৈ পায়,হাৰিয়া খোৱাটো যাব পাই... ইত্যাদি বহুতো কাম কৰিব ল'ব পাৰে।সেয়াই গান্দো দেউতাকে কৰি বছৰ জুৰাই খাই আছে।


(৯)
বিহাৰৰ বহুত মানুহ অসমত আছে।(অসমৰো বহুত আছে বাহিৰত-চেন্নাই,গোৱা , কেৰেলা ,...) ব্যৱসায় কৰি, চাকৰিৰ সূত্ৰেও। কোনোবাই চুলি কটা দৰ্জী,কোনোবা কাপোৰ ধোৱা ধোবা, কোনোবা দোকানী, কোনোবা চাকৰিয়াল, জোতা, চেন্ডেল পলিচ কৰা, কোনো,কোনোবা শিক্ষাৰ্থী... ইত্যাদি। মানুহবোৰ জোখৰ ।নিজৰ কামত অচল-অতল।কাম কৰিবলৈ লাজ নকৰে।কৰ্মই ধৰ্ম।পৰিয়ালো পৰিচালনা কৰে। নিয়াৰিকৈ চলে।কাজিয়া-পেছাল খুব কম। খোৱা-লোৱা হিচাপৰ।মানুহৰ সৈতে মিলিব পাৰে সহজেই। "বৰ, তু আ ৱ তনী, হম যাৱ তনী..." আইতাই এনেকৈ দুই-এষাৰ শিকাই। জীয়েকৰ লগত পোৰ সৈতে অলপ দিন আছিল।  দেৰগাঁৱত মই আৰু ভাইটি অলপ দিন আছিলোঁ।২০১৪ চনৰ কথা।জেলেহুৱাত ।মালিক প্ৰবীণ বৰতা। ডাঙৰ পুলিচ বিষয়া। দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ।পুতেক দিপাংকৰে একে বিভাগতে চাকৰি কৰে ।সেই মানুহঘৰৰ  সৰু কোঠা এটাত আমি ভাড়া কৰি দেৰগাঁও হায়াৰ চেকেণ্ডেৰী পাৰ হৈ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ত পঢ়িম বুলি লৈছিলোঁ। গোলাঘাট জিলাৰ অন্তৰ্গত উচ্চ শিক্ষাৰ কেন্দ্ৰ বিন্দু।বহু গণ্য মান্য মানুহ ওলাই ওলাই গৈ আছে।বহু মানুহৰ মাটি বাৰি, ঘাটিৰ ধন, পৰিশ্ৰম,সাধনাৰ ফচল।প্ৰবীণ বৰদেউতাৰ ভায়েকৰ ভাড়াঘৰতে বিহাৰৰ সেই মানুহখিনিক লগ পাইছিলো‌ঁ।ভায়েকো মিলিটেৰী।অৱশ্যে তাতে পি.টি.ছি.ৰ বহু ৰিকুইটমেন্টে ভাড়াতীয়া আছিল।

✍️ৰাজেন দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)