নীলা খামৰ চিঠি-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

খণ্ড দুই ( ২ )

শ্ৰদ্ধাৰ খুৰাদেউ

     জয় জয়তে হিয়াভৰা সেৱা জনালোঁ ৷ আজি আকৌ অকণমান সময় উলিয়াই তোমালৈ লিখিবলৈ বহিছোঁ ৷ চাব গ'লে এতিয়া হাতত বহুত সময় কাৰণ কৰ'না ভাইৰাছৰ মহা সংকতৰ বাবে সমগ্ৰ ৰাজ্যতে ল’কডাউন ৷ আমাৰ কলেজ এতিয়া যাব নালাগে ৷ ঘৰৰ পৰাই অনলাইন ক্লাছসমূহ হৈ আছে ৷ কিন্তু খুৰাদেউ কিনো কম ....আজিকালিৰ ল’ৰাছোৱালী তোমালোকৰ , আমাৰ দিনৰ দৰে নহয় ৷ আগতে আমি যেতিয়া পুৱাৰ সাজ খাই লৈ দুপৰীয়াৰ সাজৰ বাবে যা-যোগাৰ কৰিবলৈ আৰম্ভ কৰিছিলোঁ , আজিকালিৰ ল’ৰাছোৱালীৰ বাবে হামিয়াই হেকতিয়াই তেতিয়াও বিচনা এৰিবৰ নহয়েই ৷ পুৱাৰ সাজ দুপৰীয়া , দুপৰীয়াৰ সাজ আবেলি আৰু ৰাতিৰ সাজ মাজৰাতি ! মুঠৰ ওপৰত খুৰাদেউ সময়ৰ কাম সময়ত কৰোঁ বুলিলেও ইহঁতকেইটাৰ বাবেই কৰিব নোৱাৰোঁ ৷ বাৰু এইবোৰ পিছত পাতিম ৷ এতিয়া আমাৰ ল’ৰালিৰ কালৰ কথাবোৰলৈ যাওঁ ব’লা খুৰাদেউ ৷
     হয় খুৰাদেউ এল পি স্কুলৰ চাৰে ঘৰত আহি তোমাক মোৰ পঢ়া আৰু ভাবুক মনটোৰ কথা কোৱাৰ পৰা মোৰ প্ৰতি তোমাৰ ব্যৱহাৰ সলনি হৈছিল অৰ্থাৎ আগেয়ে তুমি মই সৰু হৈ আছোঁ বুলি সময়ৰ কাম সময়মতে কৰিবৰ বাবে টানি ধৰা নাছিলা ৷ এতিয়া কিন্তু তুমি পঢ়াশুনা আৰু খুৱাৰ ক্ষেত্ৰত বাইদেউ আৰু দাদাহঁতৰ দৰেই টানি ধৰা হ’লা ৷ চাৰে তোমাৰ মূৰত এই কথা সোমোৱাই থৈ গৈছিল যে --- মোৰ যদি ভালকৈ তত্ত্বাৱধান লোৱা হয় তেনেহলে মই এল পি বৃত্তি পাম ! তুমি মোক বাইদেউ আৰু দাদা -হঁতৰ দৰে পঢ়াশুনাৰ ক্ষেত্ৰত যিমানেই টানি ধৰিছিলা সিমানেই মই তোমাৰ বিৰোধী হৈ উঠিছিলোঁ ৷ তুমি মোক কেতিয়াও কোনো কথা কামতে এছাৰি ল’ব লগা হোৱা নাছিল , বৰঞ্চ মোক তুমি উপঢৌকনহে দিছিলা অৰ্থাৎ মোৰ পঢ়াশুনা আৰু কথা বতৰাবোৰ ভাল দেখি তুমি মোক চকলেট আনি দিছিলা , ভাত খাওঁতে কাষতে বহুৱাই লৈ নিজৰ খোৱাপাতৰ পৰা কাইঁট নথকা মাছকন , কোমল মাংস কন মোৰ কাঁহীত দি কৈছিলা খা খা তেতিয়াহে গাত শক্তি হ’ব , স্মৃতি শক্তি বাঢ়িব আৰু ভালকৈ পঢ়িশুনি ডাঙৰ মানুহ হ’ব লাগিব ! ইমানখিনিৰ পিছত মই তোমাক ভাল পাব লাগিছিল .....কিন্তু মই তোমাক তেতিয়াও ভাল পাব পৰা নাছিলোঁ কিয় জানা খুৰাদেউ ......, মোৰ কনমানী মনটোত অনুশোচনা আৰম্ভ হৈছিল কাৰণ মোৰ ভাল গুণবোৰৰ কাৰণে তুমি দাদা বাহঁতক তোষামোদ কৰিছিলা , সিহঁতে কৰিব লগা কামবোৰ ভালদৰে কনমানী ছোৱালীজনীয়ে অৰ্থাৎ মই কৰি দেখুওৱাৰ বাবে সিহঁতে দুগুণে শাস্তি পাব লগা হৈছিল আৰু তাৰ বাবে মই নিজকে সিহঁতৰ অপৰাধী যেন ভাৱ হৈছিল ! যেন মোৰ বাবেহে বাইদেউ দাদাহঁতে তোমাৰ শাস্তিবোৰ সহিব লগা হৈছিল .... ৷ আৰু এই বাবেই তুমি মোক ইমান মৰম কৰাৰ পিছতো মই তোমাক ভাল পোৱা নাছিলোঁ ৷ সমুখত একো ক’ব নোৱাৰিলেও লুকাই চুৰকৈ কৈছিলোঁ --- ইমান বেয়া খুৰাটো , বাহঁতক এনে এনে মাৰি থাকে .... ৷ এদিন তুমি আনি দিয়া লজেঞ্চ যেতিয়া বা দাদাহঁতক দিওঁতে খোৱা নাছিল ....তেতিয়া মই লজেঞ্চবোৰ আমাৰ ঘৰৰ সমুখৰ পুখুৰীটোত দলিয়াই পেলাই দিছিলোঁ জানা খুৰাদেউ ! পিছত যেতিয়া বাহঁতে খাবলৈ বিচাৰিছিল তেতিয়া মোৰ মনতো ভাল লাগি গৈছিল কিন্তু লজেঞ্চবোৰ পেলাই দিয়াৰ কথা মনত পেলাই বেয়া লাগিছিল ....
     জানা খুৰাদেউ সৰুতে তোমাক মই যিমান বেয়া পাইছিলো এতিয়া তোমাক মই ততোতকৈ হাজাৰ গুণে ভাল পাওঁ ৷ এহ্‌ এই ল’ৰাছোৱালী দুটাৰ পৰা কথা এষাৰো ভালকৈ পাতিব নোৱাৰোঁ , বৰ আমনি কৰি থাকে ৷ পিছৰখিনি বেলেগ এদিন লিখিম খুৰাদেউ ৷ বাবুটোৱে লগৰবোৰৰ লগত খেলাধূলা কৰি একেবাৰে লেতেৰা হৈ আহিছে ৷ আজিলৈ থওঁ দেই খুৰাদেউ ৷ পুনৰ শ্ৰদ্ধা জনালোঁ ৷ খুৰীদেউৰ সৈতে দুয়ো কুশলে থাকিবা ৷ 


ইতি
তোমাৰ মৰমৰ ভতিজী
 ( আগলৈ ) 



✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
     নগাঁও

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send