বৰ্তমানৰ শিক্ষা ব্যৱস্থা-মানস প্ৰতীম মালী

©Admin
0
বৰ্তমান গোটেই দেশতে ক'ৰণা মহামাৰীয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।
ক'ৰণাৰ পৰা সকলোৱে পৰিত্ৰাণ পাবলৈ প্ৰথমে সকলো ক্ষেত্ৰতে নিজকে নিৰাপদে ৰাখিব লাগিব । যিকোনো কাম কৰিবলৈ হ'লে আমি প্ৰথমে জীয়াই
থাকিব লাগিব । বহু মানুহে পেটৰ ভাতমুঠিৰ আশাত বাহিৰলৈ ওলাই যাবলৈ বাধ্য হৈছে । তেওঁলোকৰ ঘৰখনৰ বাবে নিজৰ জীৱনটোৰ কথাও চিন্তা কৰা নাই  কিন্তু ঘৰৰপৰা বাহিৰলৈ যাঁ‌ওতে এতিয়া সকলোৰে এটাই লক্ষ‍্য হোৱা উচিত ক'ৰণাৰ পৰা নিজকে বচাব লাগিব । 
           এতিয়া  বহু মানুহে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । ঠিক তেনেকৈ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰতো বহু ল'ৰা ছোৱালীয়ে নানান সমস্যাৰ সন্মুখীন হৈছে । বৰ্তমান যিহেতু সকলো শিক্ষানুষ্ঠান বন্ধ গতিকে ছাত্র ছাত্ৰীসকলৰ সকলো ক্লাছ অনলাইনতেই হৈ আছে । যিহেতু সকলোৰে ঘৰত স্মাৰ্টফোন নাই , সেয়ে এতিয়াও বহু ল'ৰা ছোৱালীয়ে অনলাইন ক্লাছ কৰিব পৰা নাই অতি দুখজনক যে,ছাত্ৰ ছাত্ৰীসকলৰ পঢ়িবৰ ইচ্ছা থাকিলেও পঢ়িব পৰা নাই । সকলোৱে আগতে কেতিয়াও কল্পনা নকৰা এটা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে । 

এতিয়া চিন্তনীয় বিষয় এইটোৱেই যে ,কি হ'ব এই অনলাইন ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ জীৱন । এই ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পাঠ্যক্ৰ জ্ আহৰণ কৰিব ? জীৱনত সমস্যা থাকেই ,  জীৱনলৈ কেতিয়াবা কিছুমান সমস্যা ধুমুহাৰ দৰেই হঠাৎ আহে  জীৱনত যিমানেই সমস্যা নাহক কিয় কোনোদিনে হতাশ হ'ব নালাগে । কাৰণ সকলোৰে জীৱনত সমস্যা থাকেই ।সেই সমস্যাবোৰৰ লগত সংগ্ৰাম কৰিবই লাগিব । জীৱনত শিকিবলৈ বহুত কথাই থাকে । সেই অনলাইনত ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলেও হতাশ হব নালাগে কাৰণ আন্ধাৰৰ শেষত পোহৰ হ'বই । এই বেয়া সময়বোৰ পাৰ হৈ এদিন সকলো আগৰ অৱস্থালৈ ঘূৰি আহিব । মাত্ৰ এতিয়া ধৈৰ্য ধৰি ক'ৰণা ভাইৰাছৰ পৰা নিজক বচাই ৰাখিব লাগিব । কাৰণ আন্ধাৰ শেষ হ'লেহে পোহৰ হ'ব । গতিকে সকলো আগৰ অৱস্থানলৈ ঘূৰি আহিবলৈ হ'লে এতিয়া আমি সকলোৱে ক'ৰণা ভাইৰাছৰপৰা নিজকে বচাব লাগিব । আমি সকলোৱে সাৱধান হ'লে অতি সোনকালে আকৌ সেই ভাল দিনবোৰৰ অপেক্ষাৰ অন্ত পৰিব । 
                আনহাতে , আগতে দিনটোত অলপ সময় স্মাৰ্টফোন ব্যৱহাৰ কৰিলে গালি পৰা ল'ৰাজনকো এতিয়া মাক দেউতাকে স্মাৰ্টফোন দিবলৈ বাধ্য হৈ পৰিছে । কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালীয়ে অনলাইনত ক্লাছ কৰে  কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে বেছিকৈ স্মাৰ্টফোনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে ।  ল'ৰা ছোৱালীয়ে দিনটোৰ বেছিভাগ সময়েই স্মাৰ্টফোন ব্যৱহাৰ কৰে আৰু মাক দেউতাকে কিবা ক'লে ঠেহ পাতে । সৰু ল'ৰা ছোৱালীয়ে বেছিকৈ স্মাৰ্টফোন ব্যৱহাৰ কৰাটো বেয়া । অনলাইনত ক্লাছ কৰা হোৱাৰ পাছত পৰাপক্ষত বেছি সময় ল'ৰা ছোৱালীক স্মাৰ্ট ফোন ব্যৱহাৰ কৰিব দিব নালাগে । তাৰ সলনি সেই ল'ৰা বা ছোৱালীজনীক নিজৰ ভালপোৱা যিকোনো কাম এটা কৰিব দিয়ক । ভাল  গল্প ,  উপন্যাস,সাধুকথাৰ কিতাপ কিনি দিয়ক । ল'ৰা ছোৱালীৰ স্মাৰ্টফোনৰ  বাহিৰেও তেওঁলোকৰ ভালপোৱা কাম বহুত থাকে । স্মাৰ্টফোন ব্যৱহাৰ কৰি থাকিলে  ল'ৰা বা ছোৱালীজনীক মাতি আনি তেওঁলোকৰ ভালপোৱা কাম কৰিবলৈ দিয়ক । গালি দি বুজোৱাতকৈ মৰম কৰি বুজাওক । জানিবলগা সৰু সৰু নতুন কথা শিকাওক । গালি নাপাৰি মৰম কৰি বুজোৱাৰ প্ৰমাণ এদিন আপুনি নিশ্চয় পাব ।


নাম :- মানস প্ৰতীম মালী । 
ঠিকনা :- বৰিহাট , মিৰ্জা  


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)