নীলা খামৰ চিঠি-কিশোৰ হালৈ

অসমীয়া সাহিত্যৰ চানেকি
0
প্ৰতি,
   মৰমৰ  জান,

মৰম ল'বা । তোমালৈ বুলি মনৰ কিছু অনুভৱ,কিছু কথা প্ৰকাশ কৰিম বুলিয়ে হাতত কলমটো তুলি লৈছোঁ ।আশা কৰো তুমি কুশলে আছা ।মোৰনো আৰু কি কম, আছো দিয়া এটি সপোন হেৰুওৱা,দিকভ্ৰান্ত পথিকৰ দৰে ।বহুদিনৰ মূৰত আজি হয়তো আমনি কৰিছোঁ তোমাৰ সুখৰ সময়ত । মোৰ  উৰুখা পঁজাত আজিও ৰাখিছোঁ তোমাৰ স্মৃতি ।যিদিনা চিৰদিনৰ বাবে আঁতৰি গৈছিলা সেইদিনায়ে তোমাৰ মৰম,ভালপোৱা আৰু বিশ্বাসবোৰ জ্বলাই দিছিলোঁ চিতাৰ দৰে । তথাপি আজিও নোৱাৰিলোঁ নিজকে সুখী কৰিব লগতে তোমাক পাহৰিবলৈ । এতিয়া মোৰ ঠাই ক’ত জানা...কেতিয়াবা নৈৰ পাৰত ,কেতিয়াবা আলিৰ দাঁতিত, আৰু কি জানা এতিয়া মোৰ এজনী নতুন জীৱন সংগী আহিল, নামটো ক’লে খং কৰিবা নেকি...? নাই নাই ,তুমি নকৰা মই জানো । নামটো হ’ল “মদিৰা"  । হাঁ হাঁ হাঁ । হাঁহিটো যে মাৰিছোঁ,এইটো কিহৰ জানা, নিজৰ দুখবোৰ যে মদিৰাৰ সতে বিলীন কৰি ফাঁকি দিছোঁ তাৰ !
সেয়াই মোৰ জীৱন । 
          জান, অ’ জান...আজিও বৰকৈ মনত পৰে তোমাৰ কথা । সেই যে প্ৰথম দেখিছিলোঁ, তুমিযে আমাৰ বাটেৰে টিউচনলৈ চাইকেল চলাই আহিছিলা, মইও নঙলামুখতে ৰৈ আছিলোঁ । তোমালৈ ৰ’ লাগি চাই ৰৈছিলোঁ,তুমিও পিছে কেৰাহিকৈ চাইছিলা । তোমাক সেইদিনা দেখিয়ে প্ৰেমত পৰিছিলোঁ । তোমাৰ সঁহাৰি মতেই আজীৱন মই তোমাৰ আৰু তুমি মোৰ বুলি ইজনে আনজনক কথা দিছিলোঁ । আজিও নপৰেনে মনত তোমাৰ, সেই ৰঙীণ দিনবোৰৰ কথা...! নপৰেনে নৈৰ পাৰত কটোৱা সময়খিনিৰ কথা, নপৰেনে তোমাৰ দিনটোত এবাৰ মোৰ মাত নুশুনিলে উচুপি উঠাৰ কথা ।
পাহৰিলা, নে পাহৰাৰ নাটক কৰিছা ।
এনে কি ভুল কৰিছিলোঁ,এনে কি কথা আছিল যাৰ বাবে হিয়াত বেদনাৰ বিষ ঢালি আঁতৰি গৈছিলা । তুমি মই ৰচা সেই সপোনবোৰ , সেই কল্পনাবোৰ এক মুহূৰ্তত ভাঙি–চিঙি থৈ গ’লা  । তুমি ইমান নিষ্ঠুৰনে...?
কিমান উজাগৰি নিশা পাৰ কৰিছোঁ , কিমান দিন নিৰৱে চকুলো টুকিছোঁ ,সেইবোৰৰ জানো মূল্য দিব পাৰিবা ?
নোৱাৰা, কেতিয়াও নোৱাৰা ।
হয়তো নতুন প্ৰেমিকে থিতাপি ললে তোমাৰ কলিজাত । যাৰ বাবে চিৰদিনলৈ আঁতৰি গ’লা । প্ৰেমিকজন চাগে চাকৰীয়াল লগতে মোতকৈও বেছি হেণ্ডচাম, নহ'লে জানো এৰি যোৱা ।
    বাৰু, চিঠিখন বেছি দীঘলীয়া কৰি তোমাক আমনি নিদিওঁ । পাৰিলে চিঠিৰ উত্তৰবোৰ দিবা । যদিও তোমাৰ মই হ’ব নোৱাৰিলোঁ তথাপি মই আশা কৰিম তুমি যাতে সুখী হোৱা ।
শেষত,তোমাৰ জীৱনটো সুন্দৰ তথা মনোকামনা পূৰ্ণ হওঁক তাৰেই কামনাৰে সামৰিলোঁ...

                   ইতি
           তোমাৰ ব্যৰ্থ প্ৰেমিক
                  কিশোৰ 

✍️কিশোৰ হালৈ
নলবাৰী,টিহু

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)