হাজাৰ হাজাৰ মৰাশই আজি কথা পাতিছে
ঘৰৰ চোতালত যে কাম এটা কৰি আছিল সি
তাৰ কামটো আধৰুৱা হৈয়েই থাকিল ৷
মৃত দেউতাকৰ অনুপস্থিতিত ল’ৰা ছোৱালী কেইটাক এৰি ,
আজি তাই ইয়াত মৌন হৈ পৰি আছে ।
কেনেকৈ দুবেলা দুমুঠিৰ,
যোগাৰ কৰিব সিহঁতকেইটাই।
দুখৰ কথা
সিহঁতৰ চাৰিটা যে ,
বিয়া খাবলৈ যাবই নালাগিছিল
সিহঁতৰ লগত মৰাশ হোৱা
গোটেই বাৰটা মানুহেই
বাচি থাকিল হেঁতেন কিজানি !
তথাপিও মানুহ যে ভুল হ’বই
সিহঁতে কেনেকৈ জানে তালৈ যে ,
ক’ভিড ৰুগী আহিব ৷
বিয়া ঘৰত ইটোৰ লগত সিটোৰ সংস্পৰ্শ হ’ব
আকৌ গোটেই কেইটাই আহি ইয়াত এনেকৈ
শাৰী শাৰীকৈ শুই থাকিব লাগিব ।
আহ্ ! কি যে যন্ত্ৰনা..
আকৌ সিজনে এইবাৰ ঘৰটো বনাইছিলহে
বনকৰা মাক জনীক অকনমান সকাহ দিম বুলি ,
নাই আজি দুয়োটাই ইয়াতেই শুই আছে।
কিমান পাতিব সিহঁতে একেবোৰ কথাকে
বাহিৰত সিহঁতে শুনা পাইছে
এখন ডাঙৰ গাড়ীৰ শব্দ ।
সিহঁতক নিবলৈ আহিছে কিজানি ,
ক’ত বা পুতিব সিহঁতক ?
আহ্ ! মৃত্যু আজি যে কিমান সহজ৷
কি যে বেদনাদায়ক যন্ত্ৰনা এইবোৰ ?
কিমান দিন যে সহিব লাগিব ৷
ভগৱান তুমি এই সকলো স্তব্ধ কৰা
লাহে লাহে পূৰ্বৰ পৰিস্থিতি পুনৰাই দিয়া
ইমানবোৰ যন্ত্ৰনাৰ চাক্ষুস প্ৰমাণ ,
হ’ব নোৱাৰিম কিজানি ৷
✍️দেৱশ্ৰী ওজা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ