ভৰুণ দেহাটি লৈ
যিদিনা ভূমিষ্ঠ হ'লোঁ পৃথিৱীত
সেই আইৰ গৰ্ভৰ
একেডাল নাড়ীয়ে
সাবটিলে
মাটিক
আইৰ পৰা মোক সামৰি
মাটিলৈ বৈ আছে উশাহ
চক্ৰাকাৰ গতিৰে
অনন্তকাল পোহৰ সিঁচি
প্ৰকৃতিৰ বুকুত ।
✍️ অঞ্জুমণি হাজৰিকা
যোৰহাট (কেন্দুগুৰি )
ফোন ::৯৮৫৪৪৭৯৬৪৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ