নীলা খামৰ চিঠিৰ-ৰিজু শইকীয়া বৰদলৈ

Rinku Rajowar
0
মৰমৰ 
       কৃপাঞ্জল ,

             মৰম লবা ।আশা কৰোঁ তুমি কুশলে আছা । তুমি বিপিনৰ হাতত দি পঠোৱা চিঠিখন পঢ়ি মোৰো হৃদয় তোমাৰ নামেৰেই উন্মাদ হৈ পৰিছে জানা । সেয়েহে আজি মনৰ হেঁপাহবোৰ চিঠিৰেই জনাওঁ বুলি হাতত কলমটো তুলি ললোঁ । নাজানো শেষ কৰিব পাৰিম নে নাই ।এক অজান আশংকাত বুকুখন কঁপি উঠিছে । ক'ৰ পৰা আৰম্ভ কৰোঁ ভাবিয়েই পোৱা নাই ।
       তোমাক সেইদিনা বিয়াখনত প্ৰথম দেখাৰে পৰাই মোৰ হৃদয়ৰ চাপৰিত জিলিকি উঠিল জোনৰ তিৰবিৰণি ।তোমাৰ সোণবৰণীয়া চকুদুটিত দেখিছিলোঁ  মৰমৰ এখন নৈ । ক্ষণিকতে  ভৰি পৰিল  মোৰ হিয়াৰ উকা দস্তাবেজ ।
   মই থৰ হৈ চাই ৰৈছিলোঁ ঠিক তোমাৰ দৰেই ...
   তোমাৰ  মুখৰ ৰং দেখি জানিছিলো  বুকুৰ পাৰভঙা উত্তাপ ।সেইদিনা শুনিছিলোঁ হৃদয় শাঁত পেলোৱা আলফুলীয়া এটি গীতৰ কলি । দুয়ো যেন বিলীন হৈ পৰিছিলোঁ চিঙ্গাপুৰৰ সমুদ্ৰ তীৰত ।দুহাত মেলি বসন্ত ঢাকি মনৰ একোণত  চিঞৰি উঠিছিলোঁ তোমাক ভাল পাওঁ বুলি । কিন্তু ফুটাই ক’বলৈ ভয় আৰু শঙ্কাই হেঁচা মাৰি ধৰিলে । কালি  অজানিতে তোমাৰ চিঠিখন পাই বুকুত সাহ বান্ধি   তোমাৰ বাবে অনুভূতিবোৰ লিখি গৈছোঁ ।ভুল হ'লে শুধৰাই পঢ়িবা ।
  অনাবিল আনন্দৰ সীমাহীন অনুভৱে শিপাই পেলোৱা তোমাৰ  ৰঙীন হৃদয়খনৰ কথাবোৰ মই সেইদিনাই পঢ়ি পেলাইছিলোঁ কৃপাঞ্জল ।
   কিন্তু বহুতো  কথা ভাবি চিন্তি মই আঁতৰি থাকিছিলোঁ ।কাৰণ, আমি গাঁৱৰ বোকা মাটিৰে লুতুৰি পুতুৰি হৈ ডাঙৰ হোৱা ছোৱালী । নাহৰৰ পাতে পাতে ব'হাগে লিখি যোৱা প্ৰতিশ্ৰুতিৰ কথাবোৰ আমাৰ আয়ত্বৰ বাহিৰত । অভাৱ অনাটনে জুৰুলা কৰা হৃদয়খনে কামিনীকাঞ্চন বুকুত  ফুলাই মতলীয়া হব নোৱাৰোঁ । সৰল সহজ জীৱনৰ গতি আমাৰ ।কৃষকৰ ঘৰৰ ছোৱালী । প্ৰেম, ভালপোৱা  আমাৰ দৰে ছোৱালীৰ হিয়াতে লুকুৱাই ৰাখি ঘৰুৱা কাম কৰি যাব লাগে ।তুমি স্পষ্টকৈ লিখা কথাখিনি, মোৰ তোমাৰ প্ৰতি থকা অগাধ মৰম আৰু ভালপোৱাত ইন্ধন যোগালে ।প্ৰেমৰ ওপৰত জ্ঞান সীমিত যদিও তোমাৰ কথাৰেই কওঁ,
'ভাল পাওঁ তোমাক ।' 
তোমাৰ নামেৰেই ভৰুণ মোৰ হিয়া ।
তোমাতেই বিলিন মোৰ উশাহ 
কিমান যে আমেজ ভৰা বিয়াৰ দিনটো ।মোৰ জীৱনৰ এটা উল্লেখনীয় দিন ।যিটো দিনত তোমাৰ দৰে এজন সৎ কৰ্মোদ্যোগী ল'ৰাক লগ পালোঁ  । তেতিয়াৰে পৰাই   সংগোপনে সাঁচি থৈছোঁ এমুঠি মৰম আকলুৱা জোনাক ।  অপেক্ষিত সময়ক হিচাপ কৰি থাকোঁতেই তোমাৰ হৃদয়ৰ স্পন্দনত মোৰ   আকুলতা বাঢ়ি আহিল কৃপাঞ্জল । সময়ৰ সোঁতত তোমাক মই কেতিয়ানো ভাল পাই পেলালোঁ গমকে নাপালোঁ ।  পল অনুপল অনুভৱ কৰিছোঁ তোমাক ভাল লগা পৃষ্ঠাবোৰ । মোৰ এই দীঘলীয়া যাত্ৰাত তোমাৰ দুহাত মোৰ হাতৰ মুঠিত লৈ আগবাঢ়িব খোজোঁ  ।মিঠা লগা অন্তহীন গতিত মগ্ন হোৱা জোনাকী ৰাতিবোৰত সপোন সজাব বিছাৰোঁ ।তুমিয়েই যেন  ঠাঁহ খাই থকা  আশাবোৰত ৰং ঢালিবলৈ শিকালা ।মানৱতাৰ গানেৰে সকলোকে আপোন কৰিবলৈ শিকালা ।  
           সেইদিনা কি হ’ল জানা , ঢেঁকীশালত আইৰ লগত চিৰা খুন্দি থাকোঁতে তোমাৰ চকুদুটাই মোকেই চাই থকা যেন লাগিল আৰু মই অলক্ষিতে চুবুক চুবুক ঢেঁকী দি আছোঁ যদিও তোমাকেই চাই আছোঁ যেন । আইৰ ভয়ঙ্কৰ  মাততহে ঢেঁকীটো দাঙি ধৰিলোঁ । নিজৰ ওচৰতেই নিজৰে লাজ লাগি গ'ল ।আয়ে বা কি ভাবিলে  ! 
অহৰ্নিশে দুলি থাকা তুমি মোৰ হৃদয়ত ।ঢলপুৱাতেই যেতিয়া বাঢ়নীটাৰী লওঁ সাৰি শেষ নোহোৱা পৰ্যন্ত তোমাৰ অথাই মন গহনত দুলি থাকে জানা! বিহুৰ আগদিনাখন জেতুকা পিহি থাকোঁতে ...এহ্ নকওঁ আৰু । তামোল হোৱা হ'লে ফালি দেখুৱালোহেঁতেন তোমাক মই কিমান ভাল পাওঁ ! ঢলপুৱাৰে পৰা টোপনি নোযোৱালৈকে তুমি যেন মোৰ কাষতেই থাকা ।অনুভৱী মনটোৱে অনবৰতে উমান পাই থাকে । তোমাক লগ কৰি কথাখিনি কোৱাৰ সাহস মোৰ নাই বাবে হিয়াতে থাপি ৰাখিছিলোঁ । তোমাৰ সঁহাৰি পাই প্ৰত্যুত্তৰত  চিঠিৰেই সবিশেষ জনালোঁ ।যদিহে তোমাৰ ইচ্ছাৰ বিপৰীতে এই প্ৰস্তাৱটি আগবঢ়াইছোঁ তেন্তে এটা ভয়ানক সপোন বুলি সকলো পাহৰি যাবা ।তোমাৰ বাহিৰে কাৰো লগতে মই সুখী হ'ব নোৱাৰোঁ ,জনাই থলোঁ ।
    নিলিখো বুলিও বহু কথা লিখি পেলালোঁ ।ক'ৰবাত ভুল ৰৈ গ’লে ক্ষমা কৰিবা  ।
         শেষত বিষাদে বিধস্ত কৰা সময়ৰ সদুত্তৰ পোৱাৰ আশা কৰিলোঁ ।  তোমাৰ মংগল আৰু সু স্বাস্থ্যৰ কামনাৰে , অজুত  প্ৰীতিভৰা আন্তৰিকতাৰে বহুতো মৰম আৰু অনিশেষ ভাল পোৱা  আঁকোৱালি ল'বা বুলি আগ্ৰহেৰে বাট চাই ৰলোঁ ।

                  ইতি ,
     তোমাৰ আজন্ম প্ৰেমিকা
           অশ্ৰুলেখা  ।

✍️ৰিজু শইকীয়া বৰদলৈ 
        গোলাঘাট, মৰঙি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)