মা-জোলহাছ আলী আহমেদ

অসমীয়া সাহিত্যৰ চানেকি
0
মা তোমাৰ কি হৈছে? তুমি তেজেৰে লুতুৰি পুতুৰি হৈ এইদৰে পৰি আছা কিয় মা? মা তুমি দেখোন একেবাৰে ৰাস্তাৰ মাজতেই শুই আছা, কিয়? কি হৈছে মা? উঠা মা সোনকালে উঠা, গাড়ী আহিলে আমাক চেপেটা কৰি থৈ যাব। কি হ'ল মা? তুমি নামাতা কিয়? ৰাস্তাৰ কাষেৰে অহা-যোৱা কৰা মানুহবোৰে আমাক চাই আছে, তুমি নুঠিলে ইহঁতে আমাক ধৰি-বান্ধি লৈ যাব আৰু আমাক বন্দী বনাই ৰাখিব। অঃ মই বুজিছোঁ, তোমাক নোকোৱাকৈয়ে যে জঙ্গলত ফুৰিবলৈ গৈছিলোঁ, তাৰবাবেই চাগে তুমি খং কৰিছা নহয়নে? কথা দিছোঁ মা, আৰু কেতিয়াও তোমাক নোকোৱাকৈ জঙ্গললৈ বুলি নাযাওঁ! এয়া চোৱা মা, কাণত ধৰি কৈছোঁ। অঃ মা, উঠা না মা, মোৰ বহুত ভোক লাগিছে! মা তুমিতো জানাই  যে, মই আজি গোটেই দিনটো ভোকে-লঘোণে আছোঁ, বৰ্তমান ভোকত কাতৰ হৈ পৰিছো অ’ মা। কি হ'ল মা তুমি দেখোন মোক দেখিও শুই আছা আৰু মোৰ কথা শুনিও নুশুনাৰ ভাও জুৰি আছা কিন্তু কিয় মা? কি হৈছে তোমাৰ আৰু কিমান অভিমান কৰা? মইতো কৈছোঁৱেই আৰু কেতিয়াও এনে ভুল নকৰোঁ। সন্ধিয়া হ’বৰ হ'ল মা, মোৰ কিয় জানো বহুত ভয় লাগি আছে। অ’ মা তুমি মোৰ সৈতে খং কৰি নামাতিলে মই কাকনো মা বুলি মাতিম? ক’তনো যাম? কিনো খাম? থাকিমেই বা ক'ত? মা, অ’ মা তোমাৰ‌ হৃদয়ত দেখোন একেবাৰে মৰম-চেনেহ নাই, নহ'লেনো তুমি মোৰ আৰ্তচিৎকাৰ নুশুনানে! অ’ মা, মা অ’  উঠা না মা! মা তুমিতো ইয়াৰ পূৰ্বে কেতিয়াও এনেকুৱা নিৰ্দয়, নিঠৰুৱা হোৱা নাছিলা, আজি তোমাৰ কি হ’ল? কিয় ইমান বেয়া পালা? উঠা মা, উঠা, তোমাৰ নিৰৱতাই মোক  কষ্ট দি আছে। মা অ’ বোধহয় তোমাৰ কিবা হৈছে, নহ'লেনো তুমি মোৰ কৰুণ চিৎকাৰ শুনিও এইদৰে পৰি থাকানে! মা তোমাৰ কিবা হ'লে মই জীয়াই থাকিব পাৰিম জানোঁ? নোৱাৰোঁ নহয় মা। (কাল্পনিক)। এনেদৰেই কান্দি কান্দি অৱশেষত কণমানি পোৱালিটো মাকৰ মৃত দেহৰ ওপৰতেই শুই পৰিল অৰ্থাৎ টোপনি গ’ল। উল্লেখ্য যে, এক মটৰ দুৰ্ঘটনাত মাকজনীৰ অকাল মৃত্যু হৈছিল। গতিকে সদৌটিলৈকে মোৰ কাতৰ অনুৰোধ যে, আপোনাসৱে গাড়ী-মটৰ চলোৱাৰ সময়ত অলপ সাৱধানতা অৱলম্বন কৰিব! আপোনাৰ কিঞ্চিৎ সতৰ্কতাই হয়তো বহুতো জীৱৰ প্ৰাণ ৰক্ষা পৰিব।


✍️ জুলহাছ আলী আহমেদ
জাগীৰোড, মৰিগাঁও (অসম)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)