ডম্বৰু বাজিব এদিন-চুমিন্দ্ৰ চৌধুৰী

©Admin
1
পুৰাণত উল্লেখ থকা মতে এবাৰ মহাৰাজ ইন্দ্ৰই মৃত্যুলোকৰ জনগনৰ ওপৰত  বিতুষ্ট হৈ বৰুন দেৱতাক মৃত্যুলোকৰ ধৰাত ১২বছৰলৈ বৰষুণ নিদিবলৈ আদেশ দিলে ৷ মহাৰাজ ইন্দ্ৰৰ এই কোপত বৰষুণৰ অভাৱত মৃত্যুলোক অৰ্থাৎ পৃথিৱীৰ নদ নদীসমূহ শুকাই তলি উদং হৈ পৰিল ৷ খেতিপথাৰবোৰো খৰাং ত চিৰালফাট দিলে ৷ কেউদিশে দৰিদ্ৰতা আৰু খাদ্যৰ অনাটনত মৃত্যুলোকৰ জীৱজন্তু আৰু গছ বিৰিখবোৰৰ ধ্বংসৰ গৰাহৰ জাহ যাবলৈ ধৰিলে ৷ সন্ত্ৰাসিত হৈ পৃথিৱীবাসীয়ে স্বৰ্গাধিপতি ইন্দ্ৰক এজাক বৰষুণৰ বাবে কাতৰ আহ্বান জনালে ৷ ইন্দ্ৰই পৃথিৱীবাসীৰ দুখত ঘৰিয়ালৰ চকুপানী টুকি প্ৰবোধ দি ক'লে , আচলতে এই জলন্ত সমস্যাটোৰ সমাধান মোৰ ওচৰত নাই ৷ মৃত্যুলোকত বৰষুণ  একমাত্ৰ আদিযোগী ভগৱান ভোলানাথ শিৱৰ অনুগ্ৰহতহে সম্ভৱপৰ হ'ব ৷ দিগম্বৰ শিৱই ডম্বৰু নবজোৱালৈ পৃথিৱীত বৰষুণ হোৱাৰ কোনো সম্ভাৱনাই নাই ৷ মহাৰাজ ইন্দ্ৰৰ কথাত অমৰাৱতীৰ পৰা হতাশ হৈ মৃতলোকবাসী দেৱাদিদেৱ মহাদেৱক লগ ধৰিবলৈ কৈলাস পৰ্বত পালেগৈ  ৷ কিন্তু ইফালে স্বৰ্গাধিপতি ইন্দ্ৰই আগতেই আদিযোগী ভোলেনাথক পৃথিৱীবাসীক এসেকা দিয়ালৈ কাণ ভৰাই ৰাখিছিল ৷ মৃত্যুলোকবাসীয়ে সকলো দুৰ্দশাপূৰ্ণ কথা বিস্তৃতভাৱে যেতিয়া বৰষুণ এজাক দিবলৈ অনুৰোধ কৰিলে দেৱাদিদেৱলাসপতিয়ে একেষাৰতে সেইটো অসম্ভব বুলি ক'লে ৷ তেওঁ ১২বছৰলৈ ডম্বৰু বজাবলৈ অপৰাগ বুলিও খাটাঙকৈ জনাই দিলে  আৰু ইফালে ডম্বৰু নাবাজিলে বৰষুণ নহ'ব ৷ ভগৱান ভোলানাথৰ উত্তৰ পাই মৃত্যুলোকবাসীয়ে নিজৰ ভাগ্যকে ধিয়াই ভগ্ন হৃদয় লৈ নিজ নিজ ঘৰলৈ উভতিল ৷
মৃত্যুলোকৰ খেতিয়ক সকলে পথাৰ খৰাং হৈ পৰাত কামবন এৰি অকৰ্মণ্য হৈ পৰিল ৷ কিন্ত সেই খৰাঙৰ মাজতো এজন খেতিয়কে নিয়মিত ভাৱে পথাৰলৈ যাব নেৰিলে ৷ তেওঁ সদায়েই সময়ানুৱৰ্তিতা মানি পথাৰলৈ গৈ হাল বাই মাটি চহোৱা, বীজ সিঁচা আদি কাম কৰি গৈছিল ৷ খেতিয়কজনৰ কামবোৰ দেখি সকলোৱেই উপলুঙা কৰি হাঁহিছিল ৷ খৰাং পথাৰত গেবাৰি খাটি কাম কৰি কি ফল পাব বুলি ইতিকিং কৰিবও নেৰিছিল ৷ পাছে খেতিয়ক জনো নাচোৰবান্দা ৷ তেওঁ বন্ধু খেতিয়ক সকলক কৈছিল,  ভাইহঁত হালৰ মুঠি এৰি নিদিবা ৷ ১২বছৰ ধৰি খেতিবাতি কাম নকৰিলে খেতিকৰা  সকলো জ্ঞান পাহৰি যাবা ৷ তেতিয়া বৰষুণ পাইয়ো খেতি কৰিব নোৱাৰিবা ৷কিন্ত খেতিয়কজনৰ সেই আহ্বানত  কোনেও গুৰুত্ব নিদিলে ৷ পাছে কৈলাসপতি ভোলানাথৰ পত্নী  পাৰ্বতীয়ে খেতিয়কজনৰ  তাৎপৰ্যপূৰ্ণ  কথাষাৰ উৰুৱাই নিদি স্বামীক সকলো বিৱৰি ক'লে ৷  ১২ বছৰ ধৰি ডম্বৰু নবজোৱাকৈ থাকি নিজেও যাতে ডম্বৰু বজাবলৈ পাহৰি নাযায় তাকো সোঁ‌ৱৰাই দিলে ৷ মা পাৰ্বতীৰ মুখৰ কথাখিনি শুনি দেৱাদিদেৱ মহাদেৱে নিজেও ডম্বৰু বজাবলৈ পাহৰি গ'ল বুলি বিভ্ৰান্ত হৈ পৰিল ৷  অৱশেষত  নিজৰ খুদুৱনি মাৰিবলৈ মহাদেৱে ডম্বৰু হাতত তুলি বজাই দিলে ৷ শিৱৰ ডম্বৰুৰ শব্দ গুঞ্জৰিত হোৱাৰ লগেলগে মৃত্যুলোকত ধাৰাসাৰ বৃষ্টিপাত হ'বলৈ ধৰিলে ৷ জ্ঞানী খেতিয়কজনৰ দূৰদৰ্শিতাৰ ফলপ্ৰাপ্তি হ'ল ৷ বিশাল পৰিসীমাৰ উদং পথাৰৰ মাজত একমাত্ৰ দূৰদৰ্শী খেতিয়কজনৰ পথাৰ খন নদন-বদন হৈ উঠিল ৷
আমি আজি কৰ'ণা মহামাৰীৰ ভয়াবহতাৰ মাজত ঘৰৰ ভিতৰত আৱদ্ধ হৈ নিজক ক্ৰমান্বয়ে এলেহুৱা কৰি তুলিছো ৷ হ'ব পৰা আসন্ন বিপদৰ সন্দেহ কৰি কৰি আজি খেতিয়কে খেতিকৰিবলৈ, ব্যৱসায়ীয়ে ব্যৱসায কৰিবলৈ, ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ, শিক্ষকে শিক্ষাদান কৰিবলৈ, গায়কে গান গাবলৈ, লেখকে লিখিবলৈ তথা অন্যান্য পেছাদাৰী সকলে নিজৰ পেছাগত অধ্যাৱসায়ৰ প্ৰতি লাহে লাহে আগ্ৰহ হেৰুৱাব ধৰিছো ৷ কিন্তু  বিশ্বাস ৰাখক এদিন এই ধৰা কৰ'না মুক্ত হৈ পৰিব, আকৌ নতুন প্ৰভাত হ'ব, কালৰাত্ৰিও নাথাকিব ৷ আমি সকলোৱেই নিজৰ নিজৰ জীৱনৰ পৰিক্ৰমাৰ মাজত সোমাই পৰিম ৷ আৰু তেতিয়াই আমাৰ মাজৰে দূৰদৰ্শী খেতিয়কজনৰ দৰে লোকসকল সাফল্যতাৰ শিখৰত থাকিব ৷ গতিকে আহক আমি এই কৰ'না দুৰ্যোগত ঘৰত সোমাই থকা সময়খিনিত আমি আমাৰ নিজৰ নিজৰ প্ৰতিভাৰ বিকাশত মনোনিৱেশ কৰোঁ আৰু আমি সকলোৱেই দূৰদৰ্শী খেতিয়কজনৰ দৰে একলগে সফলতাৰ শিখৰত উপনিত হ'বলৈ প্ৰয়াস কৰোঁ‌ ৷


✍️ চুমিন্দ্ৰ চৌধুৰী, নতুন দিল্লী ৷
      

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. পুৰান কথাখিনি ৰ বাবে ধন্যবাদ। যথেষ্ট সময়োপযোগী লিখনি।

    ReplyDelete
Post a Comment