আহিছিলো সিদিনা এই পৃথিৱীৰ বুকুলৈ,
চকু মেলিয়েই দেখিছিলোঁ
মোৰ চেনেহৰ আইৰ মুখখনি,
আইৰ মুখত যেন বিৰিঙি উঠিছিল
এটি মিঠা হাঁহি।
আইৰ সেই হাঁহিতেই জিলিকি উঠিছিল
মৰম, ভালপোৱা,সাহস, উৎসাহ-উদ্দীপনা
আৰু কত যে কি?
লাহে লাহে দিনবোৰ বাগৰিল,
বাগৰিল বছৰবোৰ
ধীৰে ধীৰে মোৰ মনত জাগি উঠিল বহু সপোন,
সপোন.......
কোনে নেদেখে সপোন
সকলোৱেইতো দেখে সপোন,
মইয়ো দেখো...
কিন্তু সকলোৰে সপোন ভিন্ন ভিন্ন
হয়তো কাৰোবাৰ সপোন হ'ব পাৰে কাল্পনিক,
আৰু কাৰোবাৰ হয়তো বাস্তৱ।
মানুহে কাল্পনিক সপোন বহুত দেখে,
কিন্তু সেই সপোনক বাস্তৱত প্ৰতিফলিত কৰাতহে বৰ কষ্টকৰ হয়......
ঠিক মোৰ ক্ষেত্ৰতো একেই,
কাল্পনিক সপোন বহুত দেখিছো
কিন্তু সেই সপোনবোৰক বাস্তৱত পৰিণত কৰাতহে ব্যৰ্থ হৈছো।
এতিয়া মাথোঁ ৰৈ আছো
এটাৰে অপেক্ষাত.....
কাল্পনিকক বাস্তৱত পৰিণত কৰাৰ অপেক্ষাত...।
✍️দুলুমনি গগৈ
ডিব্ৰুগড়,অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ