কিয় ভয় আমাৰ কবিতাবোৰলৈ-জুবাইৰ আহমদ লস্কৰ

Unknown
0
কিয় ভয় আমাৰ কবিতাবোৰলৈ?
  কিয় স্তব্ধ কৰাৰ প্ৰয়াস কৰা তোমালোকে?
     আমি লিখা কবিতাবোৰ,

আমাৰ কলমৰ স্পৰ্শত ওলাই অহা
   শব্দ বোৰলৈ ভয় নে তোমালোকৰ?
     নে শব্দৰ মাজত লুকাই থকা সত্যতালৈ ভয়?

আমি সৰল ভাৱে লিখা শব্দৰ বান্ধোনবোৰলৈ ভয় নে?
   আমাৰ কবিতাৰ মাজেৰে তোমালোকৰ মূখা উন্মোচনৰ ভয়?
     কোনটো ভয়ত আজি তোমালোক ভয়াতুৰ?

শব্দৰ ভয় নে সত্যতাৰ ভয়?
  যিমানেই যি নকৰা কিয় তোমালোকে,
       আমাৰ কলম‌ স্তব্ধ নহয়।

নুমাই নাযায় আমাৰ মনত জ্বলি থকা জুইকুৰা
     ওলাই থাকিব সেই অগ্নিৰ শব্দবোৰ
          সেই শব্দবোৰক সাৰথি কৰি কলমো চলিব অবিচল।


✍️ জুবাইৰ আহমদ লস্কৰ
      যমুনামূখ,হোজাই(অসম)
    ‌  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)