ঐতিহ্য মণ্ডিত আমাৰ সপোনৰ চহৰ টংলা-চিন্ময় ডেকা

©Admin
0
ভূটানৰ পাদদেশত অৱস্থিত আমাৰ সকলোৰে পৰিচিত চহৰ টংলা। ই অসমৰ উত্তৰ-পূবত অৱস্থিত। অতীজৰে পৰা প্ৰায় সুদৃঢ় বছৰ দৰং জিলাত অন্তৰ্ভুক্ত আছিল। বৰ্তমান বি.টি.চি (বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া কাউঞ্চিল) ত অৱস্থিত ওদালগুৰি জিলাৰ অতিকে গুৰুত্বপূৰ্ণ তথা ক্ষীপ্ৰ উন্নয়নশীল চহৰ হিচাপে পৰিগণিত হৈছে ঐতিহ্যমণ্ডিত টংলা চহৰ। 
বিশেষকৈ এই ঠাই সত্ৰ, নামঘৰ , প্ৰাকৃতিক পৰিৱেশৰে পৰিপূর্ণ এক ৰম্যভূমি। সকলো জাতি-জনগোষ্ঠীৰ মিলন স্থলী। বড়ো, অসমীয়া, ৰাভা, কোছ, কছাৰী, বঙালী, আদিবাসী, লগতে মুছলমান আদি ভাষা- ভাষী লোক চহৰখনত বিদ্যমান। সকলোৰে একতাৰ পূণ্যভূমি। জাতি-জনগোষ্ঠী সমূহৰ মাজত বিভিন্ন নিজস্ব ভাষা, সাহিত্য- সংস্কৃতি প্ৰাচীন কালৰে পৰাই প্ৰচলিত হৈ আহিছে। নিজৰ নৈৰ্ব্যক্তিকতাৰ পটভূমিত পালিত এখন উন্নয়নশীল চহৰ। য'ত কাৰোৰে মাজত ভেদা-ভেদ নাই। জাতি-জনগোষ্ঠীৰ লোকসকলে নিজস্ব ৰীতি-নীতিৰে নিজৰ পৰম্পৰা অনুসৰি ভিন-ভিন লোক উৎসৱ তথা সাহিত্য-সংস্কৃতি পালন কৰে। যেনেদৰে-বড়ো জনগোষ্ঠীৰ লোকসকলে "বৈসাগু" পালন কৰে। বড়ো জনগোষ্ঠীয় লোক সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। উল্লেখ্য যে, এই মূল "বড" দেশৰ বাসিন্দাসকলক "বডো-ফিচা" বা "বডোচা" ("বডো" মানে ভূমি আৰু "ফিচা" বা "চা" মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়। বিশেষকৈ অসমৰ ওডালগুৰি কোকৰাঝাৰ, চিৰাং আৰু বাক্সা এই চাৰিখন জিলাত বড়োসকলৰ মূল বসতি। ইয়াৰোপৰি কাৰ্বি আংলং গোৱালপাৰা জিলাতো কিছু সংখ্যক বড়ো লোকে বাস কৰে। তদুপৰি পশ্চিমবঙ্গ, মেঘালয়, নাগালেণ্ড, অৰুণাচল আনকি ভূটান-নেপালতো বড়ো জনগোষ্ঠী পোৱা যায়। ঠিক তেনেদৰে ৰাভা জনগোষ্ঠীৰ লোকসকলে
কেঁচাইখাতি বা লাঙামৰা ৰাভাসকলৰ‌‌ বসন্তকালীন পৰিৱেশত পালন কৰা এটা প্ৰধান অনুষ্ঠান। এই অনুষ্ঠানটোৰ উপাস্য দেৱতা হৈছে বুঢ়ালাঙা আৰু দেৱী হৈছে কেঁচাইখাতি বা মহামায়া। ৰাভাসকলে এই অনুষ্ঠান থানত পালন কৰে। এই অনুষ্ঠানটোৰ উপলক্ষ্যে ৰাভাসকলে ঘৰ-দুৱাৰ, আলি-পদূলি, চাফ-চিকুণ কৰি উপবাসত ব্ৰত পালনৰ মাজেদি দেওধনী নচুৱাই গাঁৱৰ পৰা অপায়-অমংগল দূৰ কৰাৰ বিশ্বাসত কলপটুৱাৰে নিৰ্মিত এটা ডিঙাত তুলি কেঁচা ভোগ এভাগ শোভাযাত্ৰা কৰি নদীত উটুৱাই দিয়ে । ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিমবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমাণে বাস কৰে। ৰাভাসকল অসমৰ পঞ্চম বৃহত্তম তপশিলি ভুক্ত উপজাতি। এই ৰাজ্যত দুই লাখ সাতসত্তৰ হাজাৰ ৰাভালোকে বসবাস কৰে। ৰাভা সম্প্ৰদায়ত লোকসকল বৃহত্তৰ ইন্দো-মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। সাহিত্যই যিদৰে এটা জাতিৰ দাপোণ স্বৰুপ, সেইদৰে কলা-কৃষ্টি সংস্কৃতিও এটা জাতিৰ সমাজ জীৱনৰ প্ৰতীক।.   
    উল্লেখনীয় এই যে, পুৰণি কালৰ লোক বিশ্বাস অনুসৰি টংলা চহৰ খনৰ আশে- পাশে কৃষকসকলে 'লা' ৰ খেতি কৰিছিল ('লা' হ'ল- এবিধ পোক। ইয়াৰ পৰা ধূনাৰ দৰে পদাৰ্থ প্ৰস্তুত কৰি আমাৰ দৈনন্দিন প্ৰয়োজনী ৰং কৰা, আঠা লগোৱা আদি কামত ব্যৱহাৰ কৰা হৈছিল) খেতিৰ ৰক্ষণাবেক্ষণৰ বাবে টঙি পাতিছিল অৰ্থাৎ টঙলা পাতিছিল। তাৰ পৰাই ঠাইখনৰ নাম টঙিলা বা টঙলা ৰূপে সমাজৰ সমাদৰ লাভ কৰিছিল। পৰবৰ্তী সময়ত সভ্যতাৰ বিকাশ সাধন হোৱাৰ পৰিপেক্ষিতত পিছলৈ টংলা নামেৰে সৰ্বত্ৰে পৰিচিত হয়। বৰ্তমান সময়ত শিক্ষা আৰু বাণিজ্য নগৰী হিচাপে পৰিচিত টংলা চহৰ বৰ্তমান ওদালগুৰি জিলাৰ ভিতৰতে শৈক্ষিক প্ৰাণকেন্দ্ৰত লেখত লৱ-লগীয়া চহৰ হিচাবে পৰিণত হৈছে । ১৯৭০ চনত প্ৰতিষ্ঠা কৰা হৈছিল এখন ''টংলা মহাবিদ্যালয়" নামেৰে ঐতিহ্য মণ্ডিত মহাবিদ্যালয়। পূৰ্বৰে পৰা বৰ্তমানলৈ উচ্চ শিক্ষাৰ বুনিয়াদ সৃষ্টি কৰি আহিছে এই টংলা চহৰৰ সমগ্ৰ অঞ্চলটোৰ জ্ঞানৰ চাকিগছি আজিও জ্বলাই ৰাখিছে। লগতে বৰ্তমান সময়ত শিক্ষা গুণগত মান উন্নত হোৱাৰ ফলশ্রুতিত ওদালগুৰি জিলাৰ বিভিন্ন ঠাইৰ লগতে চুবুৰীয়া জিলা কেইবাখনৰ পৰাও বহু ছাত্ৰ ছাত্ৰী আহি এই শিক্ষানুষ্ঠান খনত জ্ঞান আহৰণ বাবে ভিৰ কৰেহি। সত্য, নিষ্ঠ আৰু সততাৰে ইয়াৰ ইতিহাসৰ কোনেওঁ নুই কৰিব নোৱাৰে। বিগত সময়ছোৱাত টংলা চহৰতেই এক সমীক্ষাত চৰকাৰী তথা বে-চৰকাৰী স্কুল-কলেজ দ্ৰুততাৰে গঢ় লৈছে বুলি অভিহিত কৰা হৈছে নৱ-প্রজন্ম অথৱা ভৱিষ্যত প্ৰজন্মলৈ জ্ঞান প্রদান কৰাৰ ক্ষেত্ৰত। ই এক সঁচাকৈ টংলা চহৰৰ আদৰ্শৰ বাবে ইতিবাচক সঁহাৰি। জ্ঞানৰ সাগৰত সাহিত্য আৰু কাব্যৰ বহু পূজাৰীৰ জন্মও টংলাতেই হৈছিল।কবি, গীতিকাৰ তফজ্জুল আলি,গীতিকবি ইদ্ৰিছ আলি,ব্যংগ সাহিত্যিক ভদ্ৰ বৰা টংলা অঞ্চলৰে মানুহ।গীতা পুথিখন অসমীয়ালৈ অনুবাদ কৰা শ্ৰীশ্ৰী গোবিন্দ মিশ্ৰ, চিত্রশিল্পী অৰূপ পটংগীয়া কলিতা ইত্যাদি ৷ বৰেণ্য ব্যক্তি সকল এসময়ত টংলা চহৰৰ বাসিন্দা আছিল।
টংলাৰ পৰা গুৱাহাটীলৈ যোৱা বহু বিকল্প পথৰ সৃষ্টি হৈছে,যাৰ সহায়ত কম সময়তে গন্তব্যস্থলত উপনীত হ'ব পাৰি। ওদালগুৰি - তামোলপুৰ পথৰ উন্নীতকৰণে জিলাৰ সদৰলৈ যোগাযোগ বহু সুগম কৰি তুলিছে। দিল্লী, হাওড়া, ডিব্ৰুগড় আদি ঠাইলৈ বৰ্তমান টংলা ৰেলৱে ষ্টেচনৰ পৰাই পোনপটীয়া ৰেলৰ সুবিধা উপলব্ধ হৈছে। চাৰিটা ৱাৰ্ডেৰে গঠিত টংলা চহৰ প্ৰাচীন কালত উত্তৰ অসমৰ এখন উল্লেখযোগ্য বাণিজ্যিক চহৰ আছিল আৰু সেই খ্যাতি বৰ্তমানেও অক্ষুণ্ণ আছে।ৰে'লপথৰ সুন্দৰ যোগাযোগৰ বাবে বহিঃজগতৰ লগত টংলাৰ ব্যৱসায়িক সম্পৰ্ক খুবেই মধুৰ হৈ উঠিছে।

✍️চিন্ময় ডেকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)