শত বিশ্বাসৰ মাঘবান্ধ
সপোনৰ ফৰিঙা লগায়
দি যায় বাস্তৱতাৰ বতৰা ।
ইজৰাইলৰ শিশুক শুনায়
মধুযেন নিচুকনিৰ গীত ।
দিগন্তপিপাসী হৈ উৰা মাৰে
চাইবেৰিয়াৰ চৰাইজাক ,
কঢ়িয়ায় জীয়াই থকাৰ এবুকু আশা ।
সিঁহতে নুবুজে, জেন'ফ'বিয়া’ৰ পৰিধি ,
শতায়ু গৰকা হিংসাৰ কানাইজৰী!
✍️অনুপম কলিতা
গোলাঘাট।