নকবিচোন, "এদিন তইয়ো যাবিগৈ বুলি",
বুকুখন এচটা গধুৰ শিলৰ দৰে হৈ পৰে,
হৈ পৰে বাৰিষাৰ বতৰটোৰ দৰে,
হৈ পৰে কোনোবা গৃহিনীৰ
ঢেঁকীৰ গাঁৰিশালিটোৰ দৰে;
তোৰ আচঁলৰ গাঁঠিটো
খুলি নিদিবি মা,
আঁটি আঁটি বান্ধি থ' ,
তোৰ মৰমখিনিত চিৰকালে ওমলিবৰ মন।
তোৰ বাগিচাৰ চুপহি সৰিব,
ধুমুহাই ভাঙিব কাঁইট কলিৰে ভৰা ডালটি
কোনোবা অচিন বাগিচাত মুকলিব ,
আবেগেৰে ভৰা কোমল প্ৰসূন ;
সেই বাগিচাৰ মালিয়ে বুজে বা নুবুজে ,
ফুলৰ অভিমান ,
চিনে বা নিচিনে
চকুৰ কোণৰ মুকুতাৰ টোপাল।
মনটিয়ে মোৰ হাহাকাৰ কৰিব ,
তোৰ চকুজুৰিৰ অভাৱত ;
নিশ্বাসৰ তীব্ৰতা বাঢ়ি আহিব,
ৰঙা পৰি ফুলি উঠা নাকৰ পাহি দুটাক
এসোতা চকুলোৱে নিচুকাব।
আৰু...
মোৰ আঁচলৰ গাঁঠিত থাকিব ,
তোৰ সিক্ত আমোলন স্মৃতি,
সযতনে সাঁচি ৰাখিম
কঁকালৰ খোচনিত।
✍বিজেতা দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ