মহামাৰী ক'ৰনা-চিন্ময় ডেকা

আতংকিত হৈছোঁ আজি
তোমাৰ নিজস্ব ভাৱ-ভংগীমাত
সকলো হৈছে নিথৰ, তোমাৰেই স্বত্বছায়াত
আৱেগেৰে বশৱৰ্তী হৈ।
মৃত্যুৰ বিভীষিকাই গা কৰিছে
বৰ্তমান সময়ৰ সন্ধিক্ষণত 
বাকৰুদ্ধ হৈছে, আজি শত-শতাধিক জনগণ
পাৰ্শ্বক্ৰিয়াত মগ্ন সকলো ক্ষেত্রতে
অনাকাংক্ষিত অবাস্তৱ কাৰেঙৰ লিগৰীত
যাওঁ বুলি যাব নোৱাৰোঁ, সতৰ্কতাৰ অবিহনে
বাট-পথ আজি যেন মাৰাত্মক
মৃতকৰ সংখ্যা হৈছে অজস্র
শ্মশান আৰু কবৰস্থানত লাখ লাখ জনতাৰ ভীৰ
পৃথিৱীখনক ধ্বংসৰ মুখলৈ থেলিছা কিয়?
নাশ কৰিছ সভ্যতাৰ লক্ষ্যস্থান
বঞ্চিত আজি আমি সকলোলোৰে পৰাই
কাবৌ কৰিছো ক'ৰনা তুমি
আমাক এৰি থৈ যোৱা।
বিংশ শতিকাৰ বৈজ্ঞানিকৰ যুগত আমি যে,
অসহায় তোমাৰ মহিমা যে, অপাৰ আমি বুজিব পাৰিছোঁ।
ক্ৰমশঃ এৰি যোৱা এতিয়া তুমি আমাৰ পৃথিৱীক
জীয়াতুৰ ৰক্ষক হৈ,
দি যোৱা পুনৰ আমাৰ সপোনৰ বিশ্বখনক ঘূৰাই।

✍️চিন্ময় ডেকা
টংলা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send