মোৰ জীৱনৰ প্ৰথম লেখা বুলি ক'লে একেবাৰে সৰুৰ পৰা নহয়, একাদশ শ্ৰেণীত প্ৰথমটো কবিতা লিখিছিলোঁ। সেই কবিতাটোকে জনমভূমি কাকতলৈ পঠাইছিলো। নিজৰ নামটো জনমভূমি কাকতৰ পৃষ্ঠাত দেখি মনত বহুত ফুৰ্টি লাগিছিল আৰু উৎসাহিত হৈছিলো। তাৰ পাছত অলপদিন লিখিছিলোঁ। যেতিয়া বিয়া হ'লো সংসাৰৰ পাক চক্ৰত লেখা মেলা ধোৱাচাঙত উঠিল। ২০১৩ চনত ফেচবুক খুলিছিলো। তেতিয়া ফেচবুকত বেলেগে দিয়া লিখাবোৰ দেখি আকৌ লিখিবলৈ আৰম্ভ কৰিলোঁ। লাহে লাহে আকৌ কাকত আলোচনীত প্ৰকাশ পাব ধৰিলে। ফেচবুকতে লগ পায় কথা পতা ৰিঞ্জুমণি নেওগ বৰাৰ উৎসাহতে মোৰ জন্ম দিনৰ দিনা ২০১৮ ৰ ১৪ জুলাইত 'জোনৰ জোনাক' নামেৰে এখন কবিতা সংকলন প্ৰকাশ কৰি উলিয়ালো। আগদিনা যেতিয়া মোৰ স্বামী অঞ্জন শইকীয়াই কিতাপৰ টোপোলাটো প্ৰেছৰ পৰা আনি মোৰ হাতত তুলি দিছিল মোৰ কেনেকুৱা লাগিছিল ভাষাৰে বুজাব নোৱাৰিম। গোটেই কিতাপবোৰ বিছনাত মেলি লৈ আপোন পাহৰা হৈ গৈছিলো।
✍️জ্যোৎস্না বৰা শইকীয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ