ক'ৰোনা বনাম মনৰ বতৰা-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
দিনটো  ঘৰখনৰ ভিতৰতে সোমাই সোমাই ব’ৰ লাগে অথচ বৰ্তমান সময়ৰ আহ্বানলৈ চাই তাৰ বাহিৰে আন উপায়ো নোহোৱা হৈছে ৷ সেয়ে দিনটোৰ আগবেলা সময়খিনি ইটো সিটো কামত ব্যস্ত হৈ থাকোঁতেই পাৰ হয় ৷ তাৰপিছত আঢ়ৈ মান বজাৰ পৰা চাৰিমান বজালৈ নিজৰ লিখা পঢ়া ম’বাইলত মেছেজ চোৱা ৷ ৰিপ্লাই কৰা , ফেচবুকত অলপ ওপৰে ওপৰে চকু ফুৰোৱা আদি কৰি সময়খিনি যায়গৈ ৷ সন্ধিয়াৰ সময়খিনি লগৰ দুই এগৰাকীৰ সৈতে বা নিজৰ ল’ৰাটো বা ছোৱালী জনীক লৈ সদায় অলপ খোজ কাঢ়িবলৈ ওলায় যোৱাৰ অভ্যাস আছে ৷ আৰু সেইমতে ওলায় যাওঁ ৷
 ল’ৰা-ছোৱালী ডাঙৰ হোৱাৰ পিছত সাধাৰণতে খুউব কমহে মাক দেউতাকৰ লগত এনেদৰে ৰাস্তাত খোজ কাঢ়িবলৈ যোৱা  বা তেনেকুৱা আন কথা কামত ভাগ লোৱা দেখা যায় ৷ ছোৱালীবোৰ অৱশ্যে প্ৰায় সকলো বয়সতে মাকৰ লগত থাকেই কিন্তু ল’ৰাবোৰ অলপ বেলেগ ৷ সিহঁতে লগৰ বন্ধু-বান্ধৱৰ লগত সন্ধিয়াৰ সময়খিনি অতিবাহিত কৰি ভাল পায় ৷ মোৰ ল’ৰাটোও ইয়াৰ ব্যতিক্ৰম নাছিল ৷ হোষ্টেলৰ পৰা ঘৰলৈ আহি কেইদিনমান থাকিলেহি  সন্ধিয়া লগৰ দুই এজন স্কুলীয়া দিনৰ বন্ধুক লগ কৰিবলৈ ওলায় গৈছিল ৷ কিন্তু এইবাৰৰ  কথা বেলেগ ৷ ক’ৰোনা ভাইৰাছৰ বাবে অহা দিনৰে পৰা  আজি প্ৰায়  দুমাহেই  হ’লহি ঘৰতে সোমাই  আছে ৷ দুই এদিন দৰকাৰ হলে বিশেষ কামত দেউতাকৰ লগতহে  ওলায় গৈছে ৷
  মোক পুৱাৰ দুই এখন কামত সহায় কৰিছে নতুবা গীতাৰখনকে বজাই গান এটা গাই শুনাইছে ৷ নিজৰ শৰীৰ চৰ্চা কৰি দেখুৱাইছে ৷ মানে সকলো সময়তে কিবা নহয় কিবা কৰি মোক সংগ দিছে ৷ আনহাতে সন্ধিয়া মোৰ লগত খোজকঢ়াৰ সংগী হৈ মনত অফুৰন্ত আনন্দ দিছে ৷ মুঠৰ ওপৰত আজিৰ ল’ৰা ছোৱালী হিচাপে সিহঁত দুটাই মাক ( মোক )ক বহুখিনি আব্দাৰ কৰিছে আৰু বহুখিনি মাক ( মোৰ ) ৰ মৰম ল’বলৈ সক্ষম হৈছে ৷  যিটো সম্ভৱ হ’ল একমাত্ৰ ক’ৰোনা ভাইৰাছৰ বাবে ৷ ঘৰৰ পৰা বাহিৰত পঢ়িবলৈ পঠোৱা , ম’বাইলত বিভিন্ন ধৰণৰ গেম্‌ খেলা ,  ভিডিঅ'  , মভি আদি চোৱা এনে  বহুতো কাৰণত  হয়তো সকলো ল’ৰা -ছোৱালী আৰু মাক দেউতাকৰ সম্বন্ধ  প্ৰায় পঞ্চাছ ( ৫০% ) শতাংশ আলহী আৰু গৃহস্থৰ দৰে হৈ পৰিছিল  ৷কিন্তু দুৰ্ভাগ্যই কওক বা সৌভাগ্যই কওক  “ক’ৰোনা ” নামৰ নজনা নুশুনা এটা ক্ষুদ্ৰ ভাইৰাছে এই সকলো কথা ঘটনাৰ ওলোটা প্ৰতিক্ৰিয়া কৰি দেখুৱাবলৈ সক্ষম হ’ল ৷ 
 
সদায় সন্ধিয়া খোজকাঢ়ি থকা সময়খিনি মোৰ মন মগজুৱে গভীৰভাৱে এটা কথা উপলব্ধি কৰো যে আমি জীৱ শ্ৰেষ্ঠ প্ৰাণী হৈয়ো কিমান দুৰ্বল ! কিমান অসহায় আৰু ভয়াতুৰ ! আপোনজনক হেৰুৱাৰ ভয় ! কিমান স্বাৰ্থপৰ আমি ! আপোনজনকহে ভালপোৱাৰ স্বাৰ্থ ? আমি কিয় সকলোকে সমানে ভাল পাব নোৱাৰো ? আমি কিয় সকলোকে সমান বুলি ভাবিব নোৱাৰো ? আমি কিয় নিজে অট্টালিকাত থাকি মাছে মঙহে খাই আনন্দ লোৱাত ব্যস্ত হওঁ  আৰু আন বহুজনক ভগা জুপুৰি ঘৰত নাখাই নলৈ উকা মজিয়াতে পৰি থকা দেখিও মনত অকণো কষ্ট অনুভৱ নকৰো ? কিয় আমি কষ্ট পোৱাৰ বিপৰীতে সুখহে পাওঁ এই  ভাবত  যে  “ মোৰ বহুত আছে তেওঁৰ একো নাই ? ” সঁচাকৈয়ে বিচিত্ৰ চৰিত্ৰ মানুহৰ  , নহয়নে বাৰু ? কিন্ত এটি ক্ষুদ্ৰ ভাইৰাছ “ক’ৰোনা ”  আমাৰ দৰে স্বাৰ্থপৰ নহ’ল ৷ সি যি কৰিলে ভাল বা বেয়া নিঃস্বাৰ্থভাৱে সকলোৰে বাবে সমানে কৰিছে ৷ এইয়া নিশ্চয় আমাৰ বাবে বহুত ডাঙৰ আৰু সময়ৰ খোজত  স্বাক্ষৰ ৰাখি যাব লগীয়া শিক্ষা ৷ আৰু এনেধৰণৰ বহু কথাই মোক আমনি কৰে , আমাৰ কথা কামৰ বিশ্লেষণ কৰায় আৰু শেষত এটি সমাধান সূচক কথাৰ ওপৰত থিয় কৰায় যে আমি আমাৰ জীৱনৰ ওপৰত ক’ৰোনাৰেই হওক বা  সময়ৰেই হওক এই সূদূৰ প্ৰসাৰি প্ৰত্যাহ্বান স্বৰূপ শিক্ষাক কেতিয়াও পাহৰিব নালাগিব ৷ আমাৰ সমাজ জীৱন , পাৰিবাৰিক জীৱন আৰু সমগ্ৰ বিশ্ববাসীৰ জীৱন সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত আমি আমাৰ কৰ্ম আমাৰ ধ্যান ধাৰণা সলনি কৰি সময় আৰু সমাজৰ অনুকুলে গঢ়ি তুলিবই লাগিব ৷
শেষত মোৰ সন্তানদুটিৰ দৰেই সকলো পিতৃমাতৃ তথা অভিভাৱকৰ নিজ নিজ  সন্তান সকলৰ সৈতে সম্পৰ্ক সদায় এনেদৰে হৃদয়ৰ সম্পৰ্ক হৈ ৰওক ৷ সুখ আৰু শান্তিৰ আবাস হওক ৷তাৰেই কামনা কৰিলো৷
 সামাজিক দুৰত্ব বৰ্তাই ৰাখি জীৱন সহজ আৰু সুখৰ কৰি তোলক ৷ 
ক’ৰোনা বনাম মোৰ মনৰ বতৰাখিনি আপোনালোককো জনালো৷ ভুল হলে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলো ৷
ধন্যবাদ ৷

✍️পূৰ্ণিমা বৰঠাকুৰ বেজবৰা ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)