নিচিনে
চিনাই দিয়াও নহয়
এইবোৰ এলাগী হ'ল ।
আয়ে শিকাইছিল
খুৱাইছিল , চিনাইছিল
আজিও সোৱাদ
জিভাৰ আগত ।
জহৰ দিনত
উদৰৰ বাবে উপকাৰী
আয়ে কোৱা বাবে
মাজে মাজে
জুতি লওঁ ।
পোতনীৰ পানী
জহৰ দিনত যদি
এবাৰ খাব পাৰি
কিমান যে শান্তি ।
✍️হেমেন হাজৰিকা
মিৰ্জা
কামৰূপ অসম ।