নিস্তব্ধ-তন্ময়ী দাস

নিস্তব্ধ গধূলি 
নিতাল ৰাতি...
তোৰ চোন বুকুখন তেনেই খালি হৈ পৰিছে!

তোৰ অনুভৱৰ দুৱাৰত যেন কালিমা লাগিলে,
তোৰ বুকুত তেজেৰে ফাকু খেলি 
স্ফুৰ্তিৰ গান গোৱা তই হয়তো তাহানিতেই দেখিছ!
আৰ্তজনৰ চিঞৰত আকাশৰ নীলাখিনিও আজি থৰ্থৰিমান,
কলি মেলা হৃদয়ৰ স্বপাতুৰ উশাহে
তোৰ বুকুৰ মাজত হাহাকাৰ যন্ত্ৰনাত চটফটাই উঠে...
তোৰ কলিজাত আঁচোৰ মাৰে,
তই সেয়াও সহ্য কৰিছ,
ৰাত্ৰিৰ আন্ধাৰত তোৰ বুকুত খুলি পৰা
নিৰৱ পোহৰসনা মণিবোৰ
তই ক’ত দেখিছ !
তই ক’ত শুনিছ,সেই ৰুগ্ন দেহাৰ আৰস্তৰ শব্দ...
তথাপিও তই স্তব্ধ..।
সেয়েহে আজি লিখিছো মই
তোৰ যন্ত্ৰনাৰ সাৰথি যে নষ্ট।

দূৰ হোৱা নাই আজিও সেই বজ্ৰলিপ্ত সুৰ
সেয়েহে হ'বলা তইও অস্থিৰতাৰ সাজেৰে 
বাউলি জনী হৈ বাটৰ কাষত পৰি আছ!
নিৰৱে,নিথৰে...
মৃত্যুবোৰ যে এতিয়া তেনেই সাঁথৰ!
শুনিবি মাথোঁ জীয়া উপত্যকাত সপোনভঙা অদ্ভূত কিৰিলি...
কিম্বা....
পিঞ্জৰাত আবদ্ধ পখীৰ অস্থিৰ চটফটনি।
তই আহিবি আকৌ ....
ৰঙাবোৰ লৈ...
সেউজীয়াইও খেলিব তোৰ সতে...
কানে কানে কথা ক'ব প্ৰাণৰ সীমাত ৰৈ
"আমি যে আকৌ গান গাম পোহৰৰ আবিলতাত
শুই শুই।

✍️তন্ময়ী দাস

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send