▪️আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস। ১৯৪৩ চনৰ ১৫ জুনত কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।
▪️ঔৰংগজেৱৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।
▪️আজিৰ দিনটোত কলকাতাৰ প্ৰসিদ্ধ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা হয়।
▪️বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা বেঞ্জামিন ফ্ৰেংকলিন -এ প্ৰমাণ কৰিছিল ১৭৫২ চনৰ আজিৰ দিনটোতে।
▪️১২১৫ চনৰ আজিৰ দিনটোত ইংলেণ্ডৰ ৰজা জনৰ ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান কৰে। এই চনদৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসত আইনৰ শাসন স্বীকৃত হয়।
▪️১৯১৬ চনৰ আজিৰ দিনটোত মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাট আলেকজেণ্ডাৰ ছিমনৰ জন্ম হয়। ছিমনে
১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ