মৰমৰ নীলাঞ্জনা,
মৰম ল'বা। বহুত দিনৰ পৰাই তোমাৰ খবৰ নাপাই
মই তোমালৈ এই চিঠি লিখিলো । ভালে আছা নিশ্চয়, ৰিঙ্কু, মাইনাহঁতৰ ভালনে? মই আছো আৰু ভালে-বেয়াই।
তইতো জানই মই কেনেকৈ জীৱনটো পাৰ কৰিছো, জান’ ৰূপা,মই আজিকালি বৰ অকলশৰীয়া অনুভৱ কৰো, কথা এষাৰ পাতিবলৈও যেন লগ নেপাওঁ মই,মানুহজন ঢুকুৱাৰ পিছত মই বহুত অকলশৰীয়া হৈ গ'লো জান’! আমি আগতে স্কুল -কলেজত থাকোতে কিমান যে স্ফূৰ্তিবাজ আছিলো নহয় ৰূপা!ইয়াৰোপৰি আমি দুয়ো একেলগে খেলাধূলা কিমান কৰিলো বেচ জমি আছিল ন তেতিয়া! সঁচাই দেই,সেই দিনলৈ মনত পৰিলে কিমান যে ভাল লাগে !তোৰ মনত পৰেনে বাৰু?
ৰূপা!কিয় জানো মই আজি
অকলশৰীয়া অনুভৱ কৰিছো, তইতো জান,মই যে অকলশৰীয়া নহয়, পুত্র-বধূ নাতিৰ সৈতে মোৰ ন জন (৯)পৰিয়াল।কিন্তু থাকিলে কি হ'ব গোটেই কেইজন নিজৰ নিজৰ পৰিয়াল লৈ বেলেগে বেলেগে থাকে। তই ইয়াকো দেখিছ যে
আগৰেপৰা সমূহীয়া পৰিয়ালত থাকি অহা মই শাহু, ননদ দুজনী, দেওৰ চাৰিজন আৰু মোৰ মানুহজন,মোৰ শাহু, দেওৰহঁতে খুব মৰম কৰিছিল
মোৰ মানুহজনৰ লগত কিমান আনন্দৰে পাৰ কৰিলো! মোৰ
চাকৰিটো লৈও তিনিটা ল'ৰা কিমান কষ্টৰে ডাঙৰ কৰিলো, পঢ়ালো, ৰাতিপুৱাই মই ল'ৰাহঁতক স্কুললৈ যাবলৈ সাজু কৰি থৈ ৮ বজাতে ডিউটিআহোঁ
ই যাওঁ। সিহঁত স্কুলৰ পৰা অহাৰ পিছত মই আজৰি হৈ সিহঁতক খাবলৈ দিওঁ। অৱশ্যে গাঁৱৰ পৰা ননদ এজনী এজনীকৈ আহি থাকি ল'ৰাহঁতক আব্দাৰ কৰিছিল।
সিহঁতক তদাৰক কৰাত মই অকনো কৃপণালি কৰা নাছিলো,পঢ়াত বহি পঢ়াবলৈ
ল'লে সিহঁতৰ যিবিলাক চঞ্চল হৈ থাকে, হ'লেও বহুত যত্ন কৰি পঢ়াব বিচাৰো, ভালকৈ নপঢ়ে সেয়েহে টিউচন এটা ঠিক কৰি দিলো। তেনেকৈ সিহঁত দুটাক মেট্ৰিকলৈকে টিউচন দিয়েই পাছ কৰালো।
সৰুটোক সৰুতে পঢ়াইছিলো যদিও সিও ইহঁতৰ দৰে হ'ব বুলি হোষ্টেল অর্থাৎ বর্ডিংত ৰাখি দিলো। প্ৰথমতে ডাঙৰ দুটাকো থৈছিলো একেলগে হোষ্টেলত, কিন্তু সিহঁতে নাথাকি ঘৰলৈ গুচি আহিল।
সৰুটোক থৈছো যদিও সপ্তাহে সপ্তাহে মই ডিউটি শেষ কৰি খোৱা বস্তু আদি দিব যাওঁ। মানুহজনৰ এইবিলাকত মুঠেই কানসাৰ নাছিল।
অ’ তই চাগৈ ভাবিছ তোলৈ এইবোৰ কিয় লিখিছো! মই মাত্ৰ তোক এইবোৰ জনাইছো
মোৰ আগৰ কষ্টবোৰৰ কথা।
সিহঁত ডাঙৰ হোৱাতো মোৰ আৰু বহুত কষ্ট গৈছে জাননে? কিন্তু কাক ক'ম কোনে পতিয়াব? যাক ক'ম সেয়ে লঠিয়াব। সেয়েহে তোকে
মোৰ অন্তৰঙ্গ বান্ধবী বুলি কৈছো, বেয়া নাপাবি দেই।
তোকে মোৰ মনৰ কিছুমান দুখৰ ভাগ দিছো, আৰু বেছি নকওঁ দে, মানুহজন ঢুকুৱাৰ পিছত মোৰ আৰু বহুত দুখ হৈছে জাননে! কি ক'ম আৰু তোক! তই শুন যদি পিছত কেতিয়াবা ক'ম। সেয়েহে ক'লো ৷
ইমান কষ্ট কৰিও এতিয়া অকলে দিন নিয়াব লগীয়া হৈছে। কথা এষাৰ পাতিবলৈ যেন লগ নোহোৱা হৈ গ'ল, বা পানী অকণ বিচাৰিলেও যেন
কোনো নোহোৱা হ'ল, সেয়েহে মনৰ দুখতে তোলৈকে লিখিলোএইবোৰ কথা। বেয়া নাপাবা, শেষত মোৰ মৰম ৰিঙ্কু, মাইনাহঁতক দিবি আৰু তইও ল’বি। সিহঁতে এতিয়া চাকৰি কৰি আছে নহয়?
ভালে থাক।ক'ৰ'ণা মহামাৰীৰ বাবে প্রটকলবোৰ মানি চলিবি সিহঁতেতো মানি
চলিছেই নহয় জানো?
দিন ভাল হ'লে দেখাদেখি হ'ম
নিশ্চয়। পাৰিলে গোটেইকেইটা আহি যাবি।
পুনৰ মৰমেৰে আহোঁ
ইতি
তোৰ বান্ধবী
মীৰা(ওৰফে) ৰুনু শর্মা।
গুৱাহাটী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ