ক'ৰ'ণাৰ এই ভয়াৱহ সময়ৰ মাজত বহুতে যদি দিনত এসাজ খাদ্য খাব পোৱা নাই তেন্তে বহুতে এই ৰোগত আক্ৰান্ত হৈ জীৱনৰ প্ৰতি হতাশ হৈ পৰিছে।
কিন্তু ইয়াৰ মাজতো কিছু এনে ব্যক্তি আজিও আমাৰ সমাজত আছে যিসকলে নিজৰ সুকৰ্মৰ দ্বাৰা আনক অনুপ্ৰাণিত কৰিছে।
ক'ৰ'ণাত আক্ৰান্ত হোৱা বহু লোকক নিজৰ ঘৰৰ পৰাই খাদ্য প্ৰস্তুত কৰি বিতৰণ কৰি মহানুভাৱতাৰ উৎকৃষ্ট উদাহৰণ দিয়া এগৰাকী মহিলা হ’ল- ইৰা ভাৰ্গভ সিংঘালে। তেওঁ social media যোগে এটা গ্ৰুপৰ সহায়ত দেশৰ বিভিন্ন নগৰ চহৰত খাদ্য প্ৰস্তুত কৰি বিতৰণ কৰে। তেওঁৰ এই কামত সহায়ৰ হাত আগবঢ়াইছে বিভিন্নজনে। উল্লেখ্য যে যিসকলে payment দিব পাৰে তেওঁলোকৰ পৰাহে মূল্যটো গ্ৰহণ কৰে । যিসকলে খাদ্যৰ মূল্য দিব নোৱাৰে তেওঁলোকক বিনামূলীয়াকৈ খাদ্য বিতৰণ কৰি আছে।
এতিয়া আন এগৰাকী মহানুভব ব্যক্তি ৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। তেখেতৰ নাম হৈছে মধ্য প্ৰদেশৰ নিবাসী গোবিন্দ কাকানি। এখেত পেচাত এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰ। তেখেতে কোভিড আক্ৰান্ত লোকসকলৰ মাজলৈ গৈ সাহস প্ৰদান কৰে । মূলত motivational কথাবোৰৰ দ্বাৰা সকলোকে অনুপ্ৰাণিত কৰে। তেওঁ সকলোবোৰ হাস্পতালত গৈ কোভিড আক্ৰান্ত লোকসকলক লগ কৰে। তেওঁলোকক বিভিন্ন কথাৰ দ্বাৰা অনুপ্ৰাণিত কৰাৰ লগতে যোগাসন আদিও কৰিবলৈ শিকায়। ৰোগীবোৰে তেখেত অহালৈকে সদায় অপেক্ষা কৰি থাকে।
🖋️দিগন্ত কলিতা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ