তাই মোৰ প্ৰিয়-হিমাশ্রী বৰা

মই নজনাকৈয়ে তাই মোৰ প্ৰিয় 
তাই দুপৰলৈকে শুই নাথাকে 
তথাকথিত জোৱাৰত তাই উটি-ভাঁহি নুফুৰে 
তাই ডাঙৰ হোৱাৰ অজুহাতত কৰ্তৃত্ব নিবিচাৰে
শাসনৰ সীমনাত সপোন দেখি ভাল পোৱা
তাই এজনী স্পষ্টবাদী মুক্ত পক্ষী ৷
তাইক আধুনিকতাৰ বতাহে কোবাব নোৱাৰে
ইতিবাচকতাৰ কোঠৰীত নিতৌ 
সুখৰ সন্ধান কৰে,
তাই প্ৰেমৰ নামত হাবাথুৰি নাখায়
অতিৰঞ্জিত হাবিয়াসক প্ৰশ্ৰয় নিদিয়ে 
তাঁতত , ফুলত তাই হেঁপাহ পোহে ।
পশ্চিমীয়া নহয় ,আধ্যাত্মিকতা তাইৰ স্বাভিমান 
পংকিলতা নহয় , সৰলতা তাইৰ প্ৰাণ 
আৰু তাই মোৰ কলিজাৰ এফাল ।

✍️হিমাশ্ৰী বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send