ভোটাতৰা-অংশুমান ভূঞা

অসমীয়া সাহিত্যৰ চানেকি
0
হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানপ্ৰাপ্ত অৰূপক লৈ এমাহমান গাঁওখনত খদমদম অৱস্থা হৈছিল । দল-সংগঠনৰ নেতাৰ সঘন আহ-যাহ, সম্বৰ্ধনাৰ জোৱাৰ উঠিছিল।সেই ধামখুমিয়াত প্ৰথম বিভাগত উত্তীৰ্ণ ৰুবুলৰ ফলাফল ক'ৰবাত পৰি ৰৈছিল।
     অৰূপ আজি ইংলেণ্ডৰ নাগৰিক,বহুজাতিক কোম্পানী এটাৰ উচ্চপদস্থ বিষয়া। ঘৰত অকলশৰীয়া পিতৃ-মাতৃ।ইফালে ৰুবুল সাঁ‌চতীয়া টকাৰে এখন বিদ্যালয় খুলি সমাজখন পোহৰোৱাত ৰত।

✍️অংশুমান ভূঞা
চামতা,নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)