দেখা নেদেখা বহু মুখৰ
অকাল স্বৰ্গগামী ৷
ধৰিত্ৰীৰ চেহেৰা আজি মলিন, অস্তগামী ৷
আজি জীয়াই আছোঁ কাইলৈ কি হ'ব
কোনে জানে?
প্ৰকৃতি ৰুষ্ট প্ৰতিশোধত
বাটে ঘাটে শৱ
কোন পাতক, কোন শ্মশানযাত্ৰী
অমানিশাৰ কুটিল স্তৰত৷
গ্ৰীণ হাউচ গেছৰে ভৰিছে ভূৱন
তপ্ত ধৰা, মেৰুৰ দেশত গলিত বৰফ
তেল কয়লাৰে চলিছে সভ্যতাৰ চকা
অবাধ নগৰ উন্নয়নত
অনুপযোগীৰ দিশে বসুন্ধৰা৷
সেউজী ধৰণী,
সুজলা-সুফলা শস্য-শ্যামলা
বাস্তৱতন্ত্ৰ পুনৰুদ্ধাৰেই আমাৰ কাম্য ৷
✍️ নুৰ হুছেইন