যোৱা মাহতে নতুনকৈ কিনি অনা এন্ড্ৰয়দ মোবাইলটো বহু দিন হ'ল যেন হাতত নপৰা। ডাঙৰ ল'ৰাটো এইবাৰ ক্লাছ ৱানলৈ প্ৰমোচন পাইছে আৰু অনলাইন ক্লাছ থকাৰ বাবেই মোবাইলটো শ্ৰীমতীয়ে কাঢ়ি লৈছে। কথাবোৰ ভাবি পুতেকৰ ৰূমত সোমালগৈ বাপেক।
বাপেক - এই যে অনলাইন ক্লাছ চলি আছে তই পাৰিছ নে নাই সোণটো ?
পুতেক - পাৰিছোঁ আক্ , কিয় নোৱাৰিম ?
বাপেক - দে,দে,সোণটো পাৰিছ যদি বহু ভাল কথা। চাও আজি কি বিষয় শিকালে।
পুতেক - ইংৰাজী পৰা অসমীয়ালৈ অনুবাদ কৰা শিকালে।
বাপেক - তই পাৰিছ নে নাই ?
পুতেক - কিয় নোৱাৰিম,সোধকচোন।
বাপেক - অহ্ ভাল কথা,তেন্তে Goat মানে কি ?
পুতেক - ভগৱান আক
বাপেক - হাঁ ! কি ক'লি ? ভগৱান ! ওহোঁ নহয় goat মানে ছাগলী , ভগৱান নহয়। তই এইখিনিও ভালকৈ নাজান ? (আচৰিতভাৱ ফুটাই)
পুতেক - মোৰ কি দোষ ? ছাৰে শিকাইছিল আক্।
বাপেক - বাৰু ঠিক আছে। এইবাৰ ক' চোন Dear মানে কি ?
পুতেক - হৰিণ আক্ ।
বাপেক - ও আই ,হৰিণ আকৌ কেলেই হ'ব ? Dear মানে মৰমহে হয়, হৰিণ নকয় নহয়।
পুতেক - মোৰ কি দোষ ? বৰুৱা ছাৰে শিকাইছিল আক্ ।
বাপেক - তেন্তে ইংৰাজী can মানে কি জাননে ?
পুতেক - কিয় নেজানিম ?
বাপেক- কি ?
পুতেক - ফিল্টাৰ আক্।
বাপেক - (কঁপালত হাত থৈ) হায় ৰে ! হাই-হাই , এয়া অনলাইন ক্লাছ কৰিছ নে ? ঐ বাঘৰ আগতেল খোৱা কেইটা শুদ্ধকৈ কৈছ হাঁ ? এটাও ভালকৈ উত্তৰ দিব পৰা নাই।
পুতেক - মোৰ কি দোষ ? হেমা মালিনীয়ে টিভিত কেন ফিল্টাৰ বুলিছিল আক্ ।
বাপেক - আইঐ , সৱ গোৱৰে ভৰ্তি চাল্লা । Fees মানে কি তেতিয়াহ'লে ?
পুতেক - মাছ আক্ ।
বাপেক - মাৰৰ মূৰটো চাল্লা...
পুতেক - মোৰ কি দোষ। হৰেণ ছাৰে শিকাইছিল আক্।
বাপেক - চাল্লা,গোটেই ছাৰৰ গাতেই দোষ তোৰ গাত আলপো নাই ? gone মানে কি তেতিয়াহ'লে ? (ধমকৰ সুৰত)
পুতেক - বন্দুক আক্
বাপেক - আইঐ বন্দুক কেনেকে হ'ব ? বন্দুক হ'বই নোৱাৰে ।
পুতেক - মোৰ কি দোষ ? ৰুপম ছাৰে শিকাইছিল আক্ ।
বাপেক- কটা নিধক , সৱ ছাৰৰ গাতেই দোষ ! তেতিয়াহ'লে তই জান কি হা ?
পুতেক - Jockey জানো ।
বাপেক - কি সেইটো ? ( আগ্ৰহীভাৱে)
পুতেক - জাংগিয়া আক্
বাপেক- (মূৰত হাত থৈ) হাইৰে ! হাই,হাই
,মূৰ্খ ! জাংগিয়াও হাত সাৰি যাব পৰা নাই,ধুৎৰৰ চাল্লা,কিতাপ পঢ়িছ ?
- মোৰ কি দোষ ? যোৱাকালি মায়ে আপোনাৰ jockey জাংগীয়াটো ৰ'দৰ তাপত মোৰ সমুখত খাৰা খাৰা মেলি দিছিল আক্।
বাপেক- হেৰা শুনিছা , এয়া অনলাইন ক্লাছ কৰিছে ল'ৰাটোৱে ! কি জানে সি এটাও নাজানে । এনেকৈ হ'লে আজিৰ পৰা অনলাইন ক্লাছ বন্ধ কৰি দিম। (চিঞৰি)
পুতেৰক সেইবোৰ ইংৰাজী অনলাইন ক্লাছ শিকাই কাৰ মূৰাটো চোবাবলৈ সেই মোবাইলটো দিব লাগে তাক হাঁ । গোটেই ইংৰাজী পৃথিৱীৰ উল্টা কৰি দিছে।
পুতেক- মোৰ কি দোষ?হি:হি:হি:হি:হি:সিক্ :সিক্ :সিক্:
বাপেক - চুপ চাল্লা,হাঁহিব আহিছ ? কিতাপখনৰ মাজৰ পৰা মেলি দিছোঁ তিনিটা আখৰ পঢ়ি শুনা গৰু ।বৰ স্মাৰ্ট দেখাইছে । তাৰ গাত ভুলে নাই সৱ শিক্ষকৰ গাত দোষ হুহ্ । পঢ়ি দে...
পুতেক- Head of Father
বাপেক- সেই লাইনটো যে পঢ়িলি কি বুলি বুজাইছে জান জানো ?
পুতেক- অটো কিয় নাজানিম, সোধক আকৌ ।
বাপেক- সুধিলে সৱ জান কিন্তু এটাও শুদ্ধকৈ ক'ব নোৱাৰ । Head of মানে কি ?
পুতেক- মূৰ বা মাথা বা মুৰব্বী হ'ব।
বাপেক - (অলপপৰ ভাবি) কথাটো হৈছে বাৰু । এইবাৰ of মানে কি ?
পুতেক- ৰ উচ্চাৰণ বুজাই আক্। কেতিয়াবা বেলেগ।
বাপেক - (হাঁহি) হৈছে হৈছে পাৰিছা,পাৰিছা সোণটো । এইবাৰ Father মানে একা।
পুতেক-দেউতা বা বাপেক বা দেতা হ'ব আক্ ।
বাপেক - সুন্দৰ । এইখিনিহে হৈছে কোনে শিকালে।
পুতেক- মায়ে আক্।
বাপেক- তেন্তে,Head of Father বুলিলে কি বুজাই জাননে,,?
পুতেক- (হাঁহি) এইটো বাৰু সুধিব লাগেনে ? তপৰাই কৈ দিম ।
বাপেক- (হাঁহি) হয় নে ?তেন্তে কৈ দিয়া ।
পুতেক - বাপেৰৰ মূৰটো আক্
বাপেক- হা ! কি ক'লি ? বাপেৰৰ মূৰটো ? চাল্লা , একো ইংৰাজীয়ে নাজান তই অনলাইনৰ ক্লাছ লৈ ধেমালি কৰিব আহিছ ?
পুতেক- মোৰ কি দোষ ? মায়ে শিকাইছিল ।
তাকে শুনি বাপেকৰ মূৰটো যেন ঘূৰি যোৱা অনুভৱ হ'ল।
বাপেক:- হেৰা,মোৰ টেমা চুটি হৈ গৈছে । ঠাণ্ডা পানী এগিলাচ , চাহত নহৰু ফুটা দুটামান পেলাই , আধানিসিজা আলু লৈ আনা। যোৱাকালি ডিলিভাৰী বয়টোৱে দি থৈ যোৱা নৱৰত্ন তেলটো বেগাই আনা ।
✍️ লখন বে
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ