কৈশোৰ কালত ল’ৰা-ছোৱালী বিপথে নাযাবলৈ মাক দেউতাকৰ দায়িত্ব-পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

মানৱ জীৱনৰ কৈশোৰ কালটো ধুমুহা আৰু পীড়নৰ কাল বুলি কোৱা হয় ৷ জীৱনৰ আলিকেঁকুৰি সদৃশ এইখিনি সময় আনহাতে ৰূপান্তৰৰ সময় ৷ কিশোৰ-কিশোৰীসকলে জীৱনটোক নকৈ আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে আৰু ল’ৰা-ছোৱালীৰ বাল্যকালৰ  নিসংকোচ মিলামিছাত বাধাৰ কাৰকবোৰ  আহি পৰে ৷ জীৱনৰ নানান দিশৰ পৰিৱৰ্তন আৰু বিকাশৰ ফলত কিশোৰ-কিশোৰীৰ মনৰ মাজত  লাজ , ভয় , সংকোচ আদি ভাবে ঠাই পায় ৷ আনহাতে দেহৰ ভিতৰত নিঃসৰিত হোৱা কিছুমান গ্ৰন্থিৰ বাবে জৈৱশক্তি লাভ কৰি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰে ৷ 
       
         কৈশোৰ কালৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আৱেগৰ প্ৰবলতা ৷ কিশোৰ-কিশোৰীয়ে বহুক্ষেত্ৰত বিবেকৰ দ্বাৰা পৰিচালিত হোৱাতকৈ আৱেগৰ দ্বাৰা পৰিচালিত হয় , বুদ্ধিত বিশাৰদ হৈ পৰে ৷ যুক্তি তৰ্কটো তৎক্ষণাত বুদ্ধিৰে যুক্তি দৰ্শাব পৰা হয় ৷ দলীয় বন্ধুত্ব গঢ়ি উঠে আৰু নিজৰ এখন বেলেগ পৃথিৱীত থাকি একেলগে সহমৰ্মিতাৰে কাম কাজ কৰি ভাল পায় ৷ ধৰ্ম বা সমাজৰ ৰীতি-নীতিৰ ক্ষেত্ৰতো মতবিৰোধ দেখিবলৈ পোৱা যায় ৷ মুঠৰ ওপৰত কৈশোৰ কালটো কিশোৰ-কিশোৰীসকলৰ বাবে ইমানেই জটিল হৈ উঠে যে যিকোনো সময়তে তেওঁলোক বিপথগামী হোৱাতো পৰিলক্ষিত হয় ৷ আনকি বহু সংখ্যক কিশোৰ-কিশোৰীয়ে ড্ৰাগছ সেৱন , মদ্যপান , বিড়ি চিগাৰেট আদিৰ দৰে ৰাগীয়াল দ্ৰব্যসমূহো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে  এনেক্ষেত্ৰত অভিভাৱক বা পিতৃ-মাতৃ সজাগ সচেতন নহ'লে বহুতৰ ক্ষেত্ৰত  অসম্ভৱ কিবা এটা ঘটনা হৈ যোৱাৰে সম্ভাৱনাই বেছি ৷
       
        কৈশোৰকালৰ কিশোৰ-কিশোৰী স্বাভাৱিকতে বৰ কোমল আৰু ঠুনুকা স্বভাৱৰ হৈ থাকে ৷ অকণমান কথাতে ঠেহ , প্ৰতিবাদ , আৱেগ অভিযোগে আগস্থান লয় ৷ সকলো কথা কামতে সিহঁতে নিজকে শুদ্ধ বুলি ভাবিবলৈ ধৰে ৷ গতিকে এনেক্ষেত্ৰত পিতৃ-মাতৃৰ ব্যৱহাৰৰ গুৰুত্ব অত্যন্ত মন কৰিব লগীয়া কথা ৷ তলত তাৰে কিছু প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰিলোঁ  ---

১/কিশোৰ-কিশোৰীসকলৰ লগত পিতৃ-মাতৃৰ ব্যৱহাৰ  অত্যন্ত বন্ধুত্ব সুলভ হোৱা উচিত ৷ কিছুমান কথা-বতৰা লাজ , ভয় , সংকোচ পৰিহাৰ কৰি বন্ধুৰ দৰে বুজাই দিব পাৰিব লাগে ৷ 

২/ সন্তানে কিবা ভুল কৰিলে বা নকৰিব লগীয়া কাম এটা কৰিলে কথা-কাম বা ঘটনাৰ বিষয়ে ভালকৈ নুবুজাকৈ  চিধাই খং-ৰাগ , মাৰপিট আদি কৰি শুধৰাবলৈ যাব নালাগে ৷ বৰঞ্চ খুব মৰম চেনেহৰ মাজেদি তেওঁলোকৰ যে এইটো ভুল হৈছে , এই কাম যে তেওঁলোকে কৰা উচিত হোৱা নাই সেই কথাটোহে প্ৰতীয়মান নিয়াবলৈ চেষ্টা কৰিব লাগে ৷

৩/ পিতৃ-মাতৃ সকলে  কিশোৰ-কিশোৰীৰ মনৰ গতি উপলব্ধি কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সম্ভৱ হ'লে সিহঁতৰ মনৰ গতিৰ সোঁততে সহযোগিতা আগবঢ়াব লাগে।

৪/ শিক্ষাৰ বিষয়ো সিহঁতকে নিৰ্বাচন কৰিবলৈ দিব পাৰিলে ভাল ৷ কাৰণ বহুসময়ত পিতৃ-মাতৃৰ মনৰ সপক্ষে গৈ পিছত সন্তানে মনৰ সংঘাতত ভোগী ভাল ফলাফল দেখুৱাব নোৱাৰেগৈ ৷

৫/ সন্তানে বেয়া কিবা এটা কৰিলে তেওঁক মাতবোল নকৰি অকলশৰীয়া কৰি এৰি নিদি বৰঞ্চ বেছি ওচৰলৈ চপাই কৌশলেৰে ভুলটো শুধৰাবলৈ চেষ্টা কৰা উচিত ৷
        
       কৈশোৰ কালৰ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পিতৃ-মাতৃ সকলৰ এনেধৰণৰ অনেক দায়িত্ব থাকে ৷ এইবোৰ আমি জানি বুজিও প্ৰায়ক্ষেত্ৰত ভুলেই কৰি পেলাওঁ অৰ্থাৎ উপযুক্ত সময়ত উপযুক্ত ব্যৱহাৰ পাহৰি নিজৰ সমাজিক প্ৰস্থিতি , পদমৰ্যদা , ধনদৌলত আদি নানানটা  অজুহাতৰ অহংকাৰত নকৰিবলগীয়া ব্যৱহাৰটোকে কৰি কিশোৰ-কিশোৰীক আৰু বেছি বিপথগামীহে কৰি তোলো ৷ গতিকে আমি আমাৰ দায়িত্ব সঁচা অৰ্থত পালন কৰিবলৈ হ'লে আমি সমাজৰ বা বেলেগৰ কথা নাভাৱি প্ৰথমে নিজৰ ল’ৰাটো বা ছোৱালীজনীক হে গুৰুত্ব দিব পাৰিব লাগিব ৷
    
       শেষত কওঁ যে ৰূপান্তৰৰ কাল কৈশোৰৰ কিশোৰ-কিশোৰী সকলৰ লগত ঘটা ঘটনা বা উপলব্ধি হোৱা কথা-বতৰবোৰ জানি বুজি ভাৱি-চিন্তি সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে । পোন প্ৰথমবাৰ অজানিতে কৰা ভুলৰ বাবে ক্ষমা কৰি দি ভালদৰে বুজাই দিব লাগে ৷ বাৰে বাৰে একেটা ভুলকে কৰি থাকিলে শাস্তি প্ৰদান কৰিব লাগে আৰু কেতিয়াবা চিকিৎসকৰো  কাষ চাপিবলগীয়া হ’ব পাৰে ৷ এনে ক্ষেত্ৰত সামাজিক প্ৰস্থিতি বা লোক লজ্জাৰ ভয়ত পিতৃ-মাতৃ কেতিয়াও পিছ হুহুঁকি আহিব নালাগে ৷


✍🏻পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send