এটি ৰুগীয়া অকবিতা-আৰ,জে নিৰজ আহমেদ

©Admin
0
বৰশী চিপত কাৰ ইমান অভিমান?

খান্দি উলিওৱা বনকেতেকীৰ সুগন্ধি কবৰলৈ চাই
যিজোপা জবাই এটা সময়ত ওভতগোৰে নাচিছিল,
পৰি আছে আজি তাই
ঢেঁকীৰ থোৰা হৈ নিজকে নিজে খুন্দিবলৈ।

নেলুৱা বাটটোৱে কালৈ চাই হাঁহে?

আমলখি ঘুমটি কোন বাটে যায়?
যি বাটে আজি এন্ধাৰ নাযায়
হেদালিৰে সৰকি এটা পাইতাৰা তৰা মোৰ কোলাত পৰে।
এঙাৰৰ পোৰণিত দুটি মুজুৰা শালিকী
পনিয়লী বেৰ বগাই
আগচোতাললৈ ঢপলিয়াই আহে।

কাৰ গাৰ নোমে মোৰ বুকুত বিন্ধে?
এয়া যেন ৰাতিৰ গল্প,
এটি ওকণি তেজপীয়াৰ প্ৰেমত পৰে।

 ✍🏻আৰ,জে নিৰজ আহমেদ
বৰক্ষেত্ৰী বৰ্ণী, নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)