শেষ আশ্ৰয়-কানন বৰুৱা

পংখী মৰাণ
3
হেৰাই গ'ল ক'ৰবাত সেই দিনবোৰ, 
ক'ব খুজিও ক'ব নোৱাৰিলোঁ মনৰ কথা, 
দিব খুজিও দিব নোৱাৰিলোঁ আন্তৰিকতা। 
আশে-পাশে সকলো থকাৰ পিছতো ল'ব নোৱাৰিলোঁ 
সুখৰ মাদকতা, কেৱল বিচাৰি ফুৰিলোঁ 
দুখ-বেদনাবোৰ,
সুখবোৰ সাঁচি ৰাখিলোঁ বুকুৰ একোনত ......
সময় পাখিলগা কাঁড়ৰ দৰে গুচি গ'ল, 
যাক ঘূৰাই পাব নোৱাৰিলোঁ। 
এদিন অজস্ৰ আছিল কিন্তু যেন কিবা এটি নাছিল। 
সময়ৰ সদ্ ব্যৱহাৰ কৰিব নোৱাৰিলোঁ, 
দিলোঁ মাথোঁ দুখ সকলোকে
মেৰিয়াই আচলত বান্ধি ললোঁ বেদনাবোৰ। 
ৰৈ গ'ল মাথোঁ হেজাৰ স্মৃতি
থাকি গ'ল বহু হেপাঁহ, আনন্দ দিব পৰা ,ল'ব পৰা
সেইবোৰ পুনৰ আহিবনে ঘূৰি...
ৰৈ গ'ল মাথোঁ বহু স্মৃতি মন দাপোনত
শেষ আশ্ৰয় স্হলিত নিৰৱ সাক্ষী হৈ।। 

✍️কানন বৰুৱা

Post a Comment

3Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. আপোনালোকৰ ই-আলোচনীত মোৰ 'শেষ আশ্ৰয়'-ক স্থান দিয়াৰ বাবে ধন্যবাদ জনালোঁ।

    ReplyDelete
  2. স্বাগতম জনাইছোঁ ।

    ReplyDelete
  3. স্বাগতম জনাইছোঁ ।

    ReplyDelete
Post a Comment