অচিন পক্ষীৰ
কিচিৰ মিচিৰ কাকলিত
ৰিঙা ৰিঙা আজি মন…
সেউজীয়াৰ সুকুমল বক্ষত
জাক জাক জোনাকীৰ
প্ৰাণচঞ্চল ,
নৃত্যৰ লহৰ দেখি প্ৰাণৰ প্ৰিয়তমৰ অনুপস্থিতিত
দূৰু দূৰু কৈ,
কঁপিছে আজি মন…
কুহেলিকাৰ আঁচল টানি
গৰ্ভৱতী কঁহুৱানি ডৰাৰ বুকুত
মুখ গুজি
জিলি জনীৰ হিয়াভগা বিননিৰ
কৰুণ গাঁথা শুনি অশ্ৰুৱে চুমিছে আজি মন…
হিমসনা সমিৰণৰ
মৰম বুলোৱা পৰশ পাই
যৌৱনত ভৰি দিয়া, শেৱালি জোপাৰ
অপৰূপ ক্লান্তি দেখি
বুকুৰ ধনৰ মধুময় সোঁৱৰণীত উদাস উদাস আজি এই মন………|||
✍️সুমিত্ৰা দাস(গহপুৰ)