অপ্ৰাপ্তি-ববিতা শইকীয়া

Unknown
0
"পাখি,.. বহুত দিনৰ পিছত দেখিলো তোমাক।ভালে আছা ?"
"অ' ..অংকুৰ ..আছোঁ দিয়া।তোমাৰ খবৰ কোৱা।"
"মোৰো ভালেই দিয়া...ইমান ৰাতি ইয়াত যে তুমি....!"
" কালি ইয়াত মোৰ বহুত বস্তু হেৰাই গৈছিল।তাকে বিচাৰি আহিছিলোঁ।"
"কিয়--- দিনটো আহিব পাৰিলা হয়।"
"দিনত আহিব টান পালোঁ অলপ..."
"কিয়....!"
" মানুহ বোৰে দেখিব।কিবা কিবি ক'ব..."
"কিয় ক'ব.... একো নকয় আৰু এতিয়া ...."
" জানা...কালি কিছুমান মানুহৰ কাৰণে মোৰ সকলো হে'ৰাল.."
"ইমান অসাৱধান কিয় তুমি ! পাখি"
"আজি কালি মন বোৰ খেলি মেলি হৈ থাকে অ'...বহুত চিন্তা।তুমিও নাই যে...."
"তেনেকৈ জীৱন নচলে.. মইতো আজিও তোমাৰ অপেক্ষাতেই থাকিলোঁ।"
"কিয়.... বিয়া নপাটিলা নেকি তুমি !"
"ওহোঁ...."
"কিয়..."
"মন নগ'ল। তুমি জনী হেৰাই থাকিলা..."
"বিচাৰি নাহিলা কিয় মোক...!"
"সাহস নহ'ল...মোক ভুল বুজিছিলা তুমি।"
"তথাপিও আহিব লাগিছিল.."
" এতিয়া আহিছোঁ একেবাৰে তোমাৰ কাষত ।"
" বহুত সুখী হৈছোঁ আজি অংকুৰ "
"উম...মইও।"
"যোৱা কালি মোৰ ধৰ্ষণ হ'ল।আৰু মোক মাৰি পেলালে  এইখিনিতে...বেগ টোত অলপ দৰকাৰী কাগজৰ লগত তোমাৰ ফটো খন আছিল।তাকে নিব আহিছিলোঁ। "
" মই তোমাক লগ পাম ভাবিয়েই আহিছিলোঁ আৰু চোৱা...পালোঁ ।"
" ভালেই কৰিলা..."
" কালি মইও গাড়ী একচিডেন্টত ..."
" এতিয়া আমি তাৰমানে এক হব পাৰিম ! "
" উম..."।।

✍️ববিতা শইকীয়া▪️দেৰগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)