হোমেন বৰগোহাঞিৰ দৃষ্টিত ৰাজনীতি- জনাৰ্দন তালুকদাৰ

ৰাজনীতি।ই ৰজাৰ নীতি,ই ৰাইজৰ নীতি। আভিধানিক অৰ্থত ৰাজনীতি হৈছে গোটত নিৰ্ণয় কৰি লোৱা বা ব্যক্তিৰ মাজত অন্যান্য প্ৰকাৰৰ শক্তি সম্পৰ্কৰ সৈতে সম্পৰ্কীয় কাৰ্যকলাপৰ সংহতি।
            আমাৰ আলোচ্য বিষয় হোমেন বৰগোহাঞিৰ দৃষ্টিত ৰাজনীতি। প্ৰথিতযশা সাংবাদিক, সাহিত্যিক, বুদ্ধিজীৱি, সমালোচক হোমেন বৰগোহাঞিদেৱে তেখেতৰ বিভিন্ন লিখনিৰ জৰিয়তে অসমৰ ৰাইজক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে। কিন্তু এইজনা মহান সাহিত্যিক, সাংবাদিক, সমালোচকৰ দৃষ্টিত ৰাজনীতিৰ অৰ্থ বাৰু কেনেধৰণৰ আছিল ?
                অসমীয়া সমাজে এই মহান আৰু চিৰনমস্য ব্যক্তিগৰাকীৰ দৃষ্টিত ৰাজনীতি কেনেধৰণৰ বুলি ভাবে মই নাজানো। কিন্তু হোমেন বৰগোহাঞিদেৱৰ দৃষ্টিত ৰাজনীতিৰ অৰ্থ আছিল সদায় স্পষ্ট আৰু ধনাত্মক। এই কথা তেখেতে তেখেতৰ বিভিন্ন লেখনিৰ জৰিয়তে প্ৰকাশ কৰিছে। "ৰাজনীতি হৈছে নিয়মৰ এক বৈশিষ্ট্যপূৰ্ণ প্ৰকাৰ যাৰ দ্বাৰা মানুহে পাৰ্থক্য আৰু সমস্যা সমাধান কৰিবলৈ, বিভিন্ন আগ্ৰহ আৰু মূল্যবোধ ৰক্ষা কৰিবলৈ তথা সাধাৰণ উদ্দেশ্যৰ বাবে  ৰাজহুৱা নীতি প্ৰস্তুত কৰাৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়াৰ যোগেদি একেলগে কাম কৰে।" হোমেন বৰগোহাঞিদেৱে বাৰ্ণাড ক্ৰিকৰ এই মতটোকে বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰিছিল। 
      বৰগোহাঞিদেৱে কৈছিল যে দাসত্ব বন্ধনৰ পৰা সদ্যমুক্ত ভাৰতৰ নিৰক্ষৰ মানুহবোৰে এটাৰ পিছত এটা নিৰ্বাচন অনুষ্ঠিত কৰি সমগ্ৰ বিশ্বক চমক লগাই দিলে। গনতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতা - এই দুটা আধুনিক ভাৰতৰ গৌৰৱ। ইয়াৰ সমস্ত কৃতিত্ব ভাৰতৰ সাধাৰণ মানুহৰ প্ৰাপ্য। বছৰবোৰ বাগৰাৰ লগে লগে ভাৰতৰ নিৰক্ষৰতা দ্ৰুত গতিত হ্ৰাস পাব ধৰিলে, সেই অনুপাতে বাঢ়িবলৈ ধৰিলে শিক্ষিতৰ সংখ্যা। এতিয়াৰ ৰাজনীতিৰ পথাৰত নমা প্ৰায় ১০০ শতাংশ মানুহেই শিক্ষিত। ভোটাৰ সকলৰ মাজতো নিৰক্ষৰ মানুহৰ সংখ্যা অতীতৰ তুলনাত কম। অথচ আচৰিত কথা এই যে নিৰ্বাচনবোৰে তৰ্কযুদ্ধৰ পৰিৱৰ্তে গদাযুদ্ধৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে। যাৰ ফলত বহু মানুহৰ দৃষ্টিত ৰাজনীতি পৰিণত হৈছে এটা অশ্বদ্বেয় বৃত্তিত। এই কথাটোৱেই প্ৰতীকী অৰ্থত বহু কথা কৈ নিদিয়েনে ? তাহানিতে নেপোলিয়নে কৈ যোৱা "তৰোৱালতকৈ কলমৰ শক্তি বেছি" বুলি কথাষাৰ বৰ্তমান অসমৰ ৰাজনৈতিক নেতাসকলে বোধহয় বিশ্বাস নকৰে। 
            হোমেন বৰগোহাঞিদেৱে তেখেতৰ আত্মজীৱনী "আত্মনুসন্ধান" ত উল্লেখ কৰিছে যে যি সময়ত তেখেতে ধুবুৰীত SDC হিচাপে কৰ্মৰত, সেই কাৰ্যকালত ঠিকাদাৰ এটাৰ দুৰ্নীতিগ্ৰস্ত ফাইল এটাত চহী কৰা নাছিল। ঠিকাদাৰজন সেই সময়ৰ মন্ত্ৰী ফকৰুদ্দিন আলী আহমেদৰ ঘনিষ্ঠ আছিল, সেয়ে মন্ত্ৰী আহমেদ ডাঙৰীয়াই বৰগোহাঞিদেৱক ফাইলটোত চহী কৰিবলৈ নিৰ্দেশ দিছিল। তাৰ পিছৰে পৰা বৰগোহাঞিদেৱে সেই উচ্চপৰ্যায়ৰ চাকৰিৰ পৰা চিৰদিনৰ বাবে অব্যাহতি লয়। কাৰণ তেখেতে ৰাজনীতিৰ ওচৰত নিজৰ সুস্থ বিবেক আৰু সৎ কৰ্মৰাজিক শৰনাপন্ন কৰিবলৈ বিচৰা নাছিল। 
           বৰগোহাঞিদেৱে মুখ্য সম্পাদনা কৰা বাতৰি কাকত নিয়মীয়া বাৰ্তাত BTR ৰ নিৰ্বাচনৰ পিছত "ৰাজনীতি আৰু মনুষ্যত্ব" শীৰ্ষক এক লিখনী লিখিছিল। লিখনীটো আছিল এনেধৰণৰ -- ৰাজনীতিৰ পৰা মনুষ্যত্ব সম্পূৰ্ণৰূপে বিতাড়িত হ'ল নেকি ? তেখেতৰ এই প্ৰশ্ন মনলৈ আহিছিল BTR ৰ সদ্য-নিৰ্বাচিত সদস্য কেইজনমানক নিজৰ কৰ্মস্থানলৈ যাব নিদি গুৱাহাটী বা মেঘালয়ৰ হোটেলত আৱদ্ধ কৰি ৰখাৰ দৃশ্যটো দেখি। কিয় তেওঁলোকক কোকৰাঝাৰৰ পৰা বহু নিলগত আৱদ্ধ কৰি ৰখা হৈছিল ? সংশ্লিষ্ট পক্ষই তাৰ বাখ্যা যিয়েই নিদিয়ক লাগিলে, তেওঁলোকক যাতে কোনেও কিনিব নোৱাৰে বা প্ৰলোভিত কৰিব নোৱাৰে কেৱল সেই উদ্দেশ্যৰেই তেওঁলোকক বিভিন্ন স্থানত আৱদ্ধ কৰি ৰখা হৈছে বুলি সৰ্বসাধৰণ মানুহে বিশ্বাস কৰিবলৈ বাধ্য হৈছে। এই কাৰ্যৰ দ্বাৰাই যিটো ধাৰণা স্পষ্ট হৈছে সেইটো হৈছে -- এই যে ৰাইজৰ দ্বাৰা গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত জনপ্ৰতিনিধিসকল, তেওঁলোক লোভী আৰু চৰিত্ৰহীন।
              নিয়মীয়া বাৰ্তাত প্ৰকাশ হোৱা আন এক ৰাজনৈতিক সম্পৰ্কীয় লিখনীত তেখেতে উল্লেখ কৰিছে যে প্ৰত্যক ৰাজনীতিকৰেই দুটা পৰিচয় থাকে। এটা হ'ল-মানুহজনৰ একান্ত নিজা পৰিচয় অৰ্থাৎ মানুহজন কেনেকুৱা বা তেওঁ নিজকে কেনে বুলি ভাবে সেই পৰিচয়। দ্বিতীয়টো হ'ল- আন মানুহে তেওঁৰ বিষয়ে কি ধাৰণা লয় বা তেওঁৰ যিটো ৰূপ কল্পনা কৰি লয়, সেই পৰিচয়। প্ৰত্যক ৰাজনীতিকৰেই এই দ্বিতীয় পৰিচয় হব লাগে বুলি বৰগোহাঞিদেৱে বিবেচনা কৰিছিল। 
           ৰাজনৈতিক সমালোচনাত বদৰুদ্দিন আজমল সম্পৰ্কেও হোমেন বৰগোহাঞিদেৱৰ ধাৰণা স্পষ্ট আৰু যুক্তিসংগত। এই কথা সঠিক ৰূপত প্ৰমাণিত হৈছে ২৮ আগষ্ট(২০২০) ইং তাৰিখে নিয়মীয়া বাৰ্তাত প্ৰকাশ হোৱা "বদৰুদ্দিন আজমল" শীৰ্ষক প্ৰথম কলমত। বৰগোহাঞিদেৱৰ লিখনীত প্ৰকাশ পোৱা মতে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত হোৱা বদৰুদ্দিন আজমলৰ দ'লটোৱে এবাৰ অসম বিধান সভাত প্ৰধান বিৰোধী দ'ল হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল। এতিয়াও অসমৰ প্ৰায় এক-চতুৰ্থাংশ মানুহে তেওঁক নেতা বুলি স্বীকাৰ কৰি লৈছে। এনে এজন মানুহক পাকে-প্ৰকাৰে অসমৰ শত্ৰু বুলি চিহ্নিত কৰাৰ চেষ্টা কৰাটো নিশ্চয় এটা ৰাজনৈতিক ভুল বুলি পৰিগণিত হ'ব। কাৰোবাৰ দৃষ্টিত বদৰুদ্দিন আজমলৰ কাম-কাজ আৰু কথা-বাৰ্তা অসমৰ স্বাৰ্থৰ পৰিপন্থী বুলি বিবেচিত হ'ব পাৰে। সেই ধাৰণাক সত্য বুলি ধৰি ললেও তেওঁক প্ৰতিহিত কৰিব লাগিব ৰাজনৈতিক গণতান্ত্ৰিক পদ্ধতিৰে, তেওঁক Demonize কৰি নহয়। বদৰুদ্দিনৰ অসমীয়া ভাষাক লৈও বহুতে ব্যংগ-বিদ্ৰুপ কৰি তেওঁক দূৰলৈ পঠিয়াবলৈ চেষ্টা কৰি আছে। কিন্তু তেওঁ ফকৰুদ্দিন আলী আহমেদতকৈ বহু বেছি শুদ্ধ আৰু শুৱলা অসমীয়া কৈছিল। ধৰ্ম নিৰপেক্ষতাৰ নামাৱলী পিন্ধা বহুতো কংগ্ৰেছী নেতাতকৈ বদৰুদ্দিন আজমল বেছি ধৰ্ম নিৰপেক্ষ বুলি হোমেন বৰগোহাঞিয়ে মত পোষণ কৰিছিল। 
         হোমেন বৰগোহাঞিৰ দৃষ্টিত ৰাজনীতিক ঘিণ কৰো বুলি শিক্ষিত, উচ্চশিক্ষিত লোকসকল নিৰ্লিপ্ত হৈ থাকিলে আৰু নিৰ্বাচন আয়োগৰ আহ্বান অনুসৰি নাগৰিকৰ অধিকাৰ সাব্যস্ত কৰি ২-৩ বছৰে EVM ৰ বুটাম টিপি থাকিলে মাত্ৰ কাৰ লাভ। মাথোঁ ৰাজনীতিৰ ব্যৱসায় কৰি থকা সকলোৰ নহয়নে ? জনতাই নিৰ্বাচন কৰি দিয়া সকলে শাসকৰ গাদীত বহি জনতাৰ ওপৰতে ৰজা হব আৰু আমি ভোট দি অধিকাৰ সাব্যস্ত কৰাৰ আত্মপ্ৰসাদত গদগদ হৈ থাকিম ? ৰাজনীতিকৰ কথা, কাম আৰু আচৰণত নৰম সুৰ নিৰ্বাচনৰ আগত নহয়, বছৰৰ ৩৬৫ দিনেই হৈ থকা উচিত। তেওঁলোক ৰাইজে নিৰ্বাচন কৰি দিয়া ৰাইজৰ সেৱকহে, ৰজা বা ডিক্টেটৰ নহয়।
           এইজনা মহান সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱি, সমালোচক আজি আমাৰ মাজত নাই। কিন্তু তেখেতৰ দৃষ্টি মতে ৰাজনীতিত সমাজৰ ভিতৰত আৰু জনসাধাৰণৰ মাজত সহযোগিতা, মীমাংসা আৰু সংঘাতৰ  সকলো কাৰ্যকলাপ অন্তৰ্ভূক্ত থাকে, যাৰ দ্বাৰা মানুহে তেওঁলোকৰ জৈৱিক আৰু সামাজিক জীৱনৰ উৎপাদন আৰু প্ৰজননৰ সময়ত মানৱ, প্ৰাকৃতিক আৰু অন্যান্য সম্পদৰ ব্যৱহাৰ, উৎপাদন বা বিতৰণ সংগঠিত কৰিব পাৰে। কোনো কোনোৱে হয়তো বৰগোহাঞিদেৱক ৰাজনৈতিকভাৱে সুবিধাবাদী বুলি কব পাৰ, কিন্তু ৰাজনৈতিক দৃষ্টিকোণৰ পৰা তেখেতৰ ৰাজনৈতিক ধাৰণা সদায়ে স্পষ্ট আৰু যুক্তিসংগত।
             
✍️জনাৰ্দন তালুকদাৰ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send