বহোৱাইছো..
যিখন খিৰিকীৰে,
মোৰ হৃদয়ত সোমাব পাৰিব
জীৱনে দিয়া অনাবিল আনন্দখিনি,
যিখন খিৰিকীয়ে,
কঢ়িয়াই আনিব
মোৰ ওঠত হাঁহি বিৰিঙোৱা স্মৃতিবোৰ,
যিখন খিৰিকীৰে,
অতীতৰ ভগ্ন সপোনবোৰ আজুৰি আনি
আকৌ হেঁপাহেৰে সজাব,
আৰু তাকে দেখি,
খিৰিকীৰে জুমি থকা
আকাশখনে হাঁহিব,
নিথৰ হৈ পৰা বতাহজাকো
যেন আকৌ খিৰিকীৰে
উলাহতে খেলিব।
এইখন খিৰিকীৰে,
মোৰ বিষণ্ণতাবোৰ, হা-হুমুনিয়াহবোৰ,
উলিয়াই পঠাব বিচাৰো,
মোৰ হৃদয়ৰ অসফল কামনাবোৰ
এৰি দিব বিচাৰো,
মই হেৰুৱা, মোক কন্দুৱাৰ মুহূৰ্তবোৰ
উৰুৱাই দিব বিচাৰো।
সেইবাবে মনৰ খিৰিকীখন
দৃঢ়তাৰে বহোৱাইছো,
প্ৰহৰীৰ দৰে মোৰ হৃদয়ৰ
সুখ, দুখবোৰক নিৰীক্ষণ কৰিবলৈ,
ইচ্ছা কৰিলে ভাললগাবোৰ
আঁকোৱালি ল'বলৈ,
আৰু, ইচ্ছা কৰিলে হৃদয়ে কঢ়িয়াই ফুৰা
বিষাদবোৰ উলিয়াই দিবলৈ।
✍️ মামনি হাজৰিকা
অতি সুন্দৰ কবিতা। বৰ ভাল লাগিল।
ReplyDelete