লকডাউন প্ৰকৃতি পুৰাণ-পুলকেশ বৰুৱা

0
অৱগুণ্ঠনে ঢাকি ৰখা ৰাঙলী জবা
বেংচটা, ভেঁকুৰেও বজালে দবা।
ফেচুঁ বায়ে হুটা মাতেৰে দিলে উৰুলি,
দূৰত্ব মানি কেতেকীয়েও বজালে সুহুৰি।

দৰাঘৰৰ পোন্ধৰ জনীয়া জোৱানৰে গোট,
মাস্ক খনে ঢাকি দিলে জবা আইদেউৰ মুখ।
দৰা সাজে মৌ পিয়াই লগালেহি মাত,
মাজে মাজে কৈ গ'ল ধুই লোৱা হাত।

ধনেশ আহিল,ময়ূৰ আহিল
দলিচাতে বহিল,
বৰটোকোলাইয়েও চেগ চাই
 চাডা মলিল।

লাহে লাহে চলি গ'ল বিয়াৰ ৰীতি-নীতি,
পুৰোহিতে গৰমতে কোচাই ললে ধূতি।
গোলাপে বোলে তগৰ বাই,লওগে ব'লা জুতি,
জবা মাকে পুলাও লগত বেলিছে চাগে ৰুটি।

নাৰ্জীয়ে শিয়ালীক বাটতে পালে লগ,
কোনফালেনো যোৱা পাছে লৈ  মস্ত জগ,
শিয়ালীয়ে বোলে নাৰ্জী পৰিস্থিতি বেয়া,
লকডাউন নিদিবলৈ বনৰ ৰজালৈ ঘোচ আনিছো এয়া ।
          
✍️পুলকেশ বৰুৱা
  দশম শ্ৰেণী, লখিমপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)