এশ বছৰৰ মূৰে মূৰে আহে মহামাৰী বছৰ
আছে এতিয়াও মনত নাই সীমা দুখৰ
১৭২০ এই চনটো মানে ২০ মানেই মহামাৰী
১৮২০ এই চনটো মানে ২০ মানেই মহামাৰী
১৯২০ এই চনটো মানে ২০ মানেই মহামাৰী
২০২০ এইবাৰ যোৱা চনটো মানে ২০ মানেই মহামাৰী
১৭২০ চনত মহামাৰী হৈ আহিছিল
প্লেগ নামৰ মহামাৰী।
১৮২০ চনত মহামাৰী হৈ আহিছিল
কলেৰা নামৰ মহামাৰী।
১৯২০ চনত মহামাৰী হৈ আহিছিল
স্পেনিছ ফ্লু নামৰ মহামাৰী।
২০২০ চনত মহামাৰী হৈ আহিছিল
ক'ৰণা নামৰ মহামাৰী।
এতিয়াও ২০২১ চুই গৈছে
২০ মানেই জানিবা মহামাৰী
মৃত্যুৰ আন এক নাম মহামাৰী
এশ বছৰৰ মূৰে মূৰে আহে মহামাৰী
ইতিহাস সাক্ষী হৈ থিয় হৈছে
বিশ্ব আজিও সহিছে
পাহৰিব নোৱাৰা চাৰিটা বছৰ
কিয় আহে এশ বছৰৰ মূৰে মূৰে পৃথিৱীত মহামাৰী
এক ভয়ংকৰ বিভীষিকাৰ সৃষ্টি কৰি
মৃত্যু দি যায় এই মহামাৰীয়ে
এতিয়াও ক'ৰণাৰ শেষ হোৱা নাই
কাষ চাপিছে
ব্লেক ফাংগাছ শৰীৰত প্রৱেশ কৰি
ৰোগ দি যায়,আজিও মানুহ মৰিছে।
✍️হাইছ উদ্দিন আহমেদ
নগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ