মোৰ গাঁও মোৰ মানুহ : এজন বিস্কুট বেপাৰীৰ আত্ম কথা~ আমাৰ গাওঁ আমাৰ চহৰ-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
আপোনালোকৰ মনত আছে চাগৈ কুৰুৱাৰ প্ৰথম বিস্কুট ফেক্টৰীটোৰ কথা ৷ ওপৰ কুৰুৱাৰ শংকৰ মন্দিৰৰ কাষৰ উদ্ধৱ কাকা আৰু কালিৰাম খুড়া দুই ঘৰৰ মাজৰ ঠাই খিনিতেই আছিল বিস্কুট ফেক্টৰীটো ৷ ফেক্টৰীটো কোনে খুলিছিল সঠিকভাৱে মোৰ মনত নাই ৷ কিন্তু ফেক্টৰীত বনোৱা বিস্কুট দোকানে দোকানে বিক্রী কৰি ফুৰা শংকৰ নামৰ মানুহজনৰ কথা হ'লে মনত আছে ৷ শংকৰৰ প্ৰকৃত বংশ পৰিচয় মই নাজানিছিলোঁ ।কিন্ত একোচা গোঁফৰ সৈতে কিচকিচিয়া ক'লা শংকৰক সকলোৱেই চিনি পাইছিল ৷ মোৰ খুৰাৰ এখন চাইকেল মেৰামতি কৰা দোকান আছিল ৷ মোৰ পাঁচজনী বাইদেউ আৰু মোৰ একমাত্ৰ দাদা খুড়াৰ বৰ মৰমৰ আছিল ৷ খুড়াৰ নিজৰ তিনিজন ল'ৰা ৷ সিহঁত কেইটা আমাতকৈ যথেষ্ট সৰু ৷ কোনোবাই ল'ৰা ছোৱালী কেইটা বুলি সুধিলে খুৰাই সদায়েই মোৰ ল'ৰা পাঁচটা আৰু ছোৱালী পাঁচজনী বুলি কৈছিল ৷ সৰুতে পুৱাৰ পৰা গধূলিলৈ উৱা(খুড়া)ৰ সান্নিধ্যতে জীৱন অতিবাহিত কৰিছিলোঁ ৷ স্কুলৰ পৰা আহি উৱাৰ দোকানত বহি কটোৱাৰ সময়বোৰ মনত পৰিলেই শংকৰৰ কথাও মনত পৰে ৷ খুড়াৰ আগত শংকৰে প্ৰায়েই তাৰ সংসাৰখনৰ জোৰা তাপলি মৰা কথা ,বিস্কুট বেপাৰ কৰি পোৱা লাভ লোকচানৰ কথা ইত্যাদিবোৰ লেনিয়াই লেনিয়াই কৈছিল। কথাবোৰৰ পৰা লাগিছিল এই শংকৰৰ যেন মূৰৰ ওপৰত সংসাৰৰ এটা ডাঙৰ বোজা আছিল ৷ যি নহওঁক শংকৰে সদায়েই খুড়াৰ দোকানত আহিলেই মোৰ হাতত এখন কুকিচ বিস্কুট গুজি দিছিল ৷ সেইবাবে শংকৰ আৰু তাৰ চাইকেলৰ পিছত বান্ধি কঢ়িয়াই লৈ ফুৰা বিস্কুট ভৰ্তি প্লাইউডৰ বাকছটো মোৰ মনৰ মণিকোঠাত আজিও সজীৱ হৈয়েই আছে ৷
এদিন শংকৰ বহুত বিষাদগ্ৰস্ত হৈ উৱাৰ দোকান ওলালহি ৷ গাল মুখ উখহি আছে ৷ মূৰৰ চুলিবোৰ আউলি- বাউলি হৈ আছিল ৷ খুড়াৰ লগত পতা কথা বতৰাৰ পৰা গম পালো পাবলগীয়া ধন আদায় কৰিবলৈ যাওঁতেই কোনোবা দোকানীয়ে শংকৰক অপদস্ত কৰি পঠিয়াইছে ৷ শংকৰৰ মুখত সকলোখিনি কথা শুনাৰ পাছত খুড়াৰ খুব খং উঠিছিল ৷ কিন্ত মোৰ বৰ দুখ লাগিছিল ৷ শংকৰে সেই দিনাখনো কিন্তু মোৰ হাতত বিস্কুট এখন গুজি দিবলৈ পাহৰি যোৱা নাছিল ৷ সেই ঘটনাটোৰ পাছত কিছুদিনলৈ শংকৰ বিস্কুট বেচিবলৈ অহা নাছিল ৷ কিছুদিনৰ বিৰতিৰ পাছত শংকৰে পুনৰ চাইকেলৰ কেৰিয়াৰত বিস্কুট ভৰ্তি প্লাইউডৰ বাকছটো
সজাই দৈনন্দিন জীৱনৰ পৰিক্ৰমাত ব্যস্ত হৈ পৰিল ৷ কেইমাহমান পাছত এদিন শংকৰৰ বিস্কুট বজাই কৰা চাইকেলখনৰ আগত ওলোমাই অনা মোনাখনত গৰম গৰম বন কেইটামান দেখি খাবলৈ মোৰ বৰ মন যোৱাত উৱাক কিনি দিবলৈ খাতিৰ ধৰিলোঁ ৷ উৱাই শংকৰক বন দুটা দিবলৈ কোৱাত বন কেইটা এজন বিশেষ মানুহলৈ নিবলগীয়া হোৱাৰ বাবে সেই দিনাখন সি বনকেইটা দিব নোৱাৰিব বুলি জনালে ৷
খুৰাই বনকেইটা কোন বিশেষ মানুহলৈকে নিবলগীয়াত পৰিল বুলি সোধাত শংকৰে লেনিয়াই লেনিয়াই উত্তৰত কোনোবা এজন দুৰাৰোগ্যত ভুগি থকা কেন্সাৰ ৰোগীৰ বাবেহে বনকেইটা লৈ গৈছে বুলি জনালে ৷ শংকৰৰ উত্তৰত হতবাক হৈ খুড়াই ক'লে সেই দোকানীজনেই তোক ছমাহ মান আগত মাৰধৰ কৰা নাছিল জানো ? খুড়াৰ প্ৰশ্নত বিমৰ্ষ মনেৰে শংকৰে ক’বলৈ ধৰিলে ককাইদেউ এই চব ওপৰৱালাৰ লীলা ৷ মই সদায়েই ৭মাইল চাইকেল চলাই বন দি আহোগৈ ৷ মানুহজনে গোটা একো খাব নোৱাৰে নহয় ৷ গাখীৰত বন তিয়াই খাইহে বাচি আছে ৷ বনৰ বিক্ৰী নাই কাৰণে ফেক্টৰীত বনাবলৈও দিগদাৰ ৷ সেইকাৰণে ওষ্টাডক কৈ মেলি সদায়েই কেইটামান বন বনাই দি থৈ আহোঁ ৷ ৰুগীয়া মানুহ ভাবিলেই বেয়া লাগে ককাইদেউ ৷ সৰল মনৰ শংকৰৰ বিশাল হৃদয়ৰ কথাখিনিয়ে যেন মোৰ শৈশৱ মনত এচাতি পচোৱাই বোঁৱাই থৈ গ'ল ৷ মানুহ যে সময়ৰ দাস পাছলৈ বাৰুকৈয়েই উপলব্ধি কৰিব ধৰিলোঁ ৷ শংকৰৰ লগত ঘটা ঘটনাৱলীৰ সতে জালত পৰা সিংহ আৰু নিগনিৰ সাধুটোৰ সাদৃশ্য বুজি পাইছিলোঁ ৷
আজি সেই সৰল মনৰ শংকৰৰ কোনো শুংসূত্ৰই নাপাওঁ। জীৱিত আছেনে তাকো নাজানো। কিন্ত সেই শংকৰে পৰিচিত কৰাই দিয়া উদাৰতাৰ পাঠ মোৰ মনত চিৰ সঞ্জীৱিত হৈ ৰ'ল ৷ ভগৱান শাক্যমুনিয়ে শংকৰৰ মংগল কৰক তাকেই প্ৰাৰ্থনা জনালোঁ ৷
         মোৰ গাঁৱৰ অখ্যাত লোকসকলে এৰি থৈ যোৱা বিখ্যাত চানেকিৰে যাতে উৎসাহিত হৈ নৱ প্ৰজন্মই আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাই তাৰেই কামনাৰে আজিলৈ সামৰিছোঁ ৷

✍️চুমিন্দ্ৰ চৌধুৰী
 নতুন দিল্লী ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)