বৰষুণ হৈ ৰুণ্-জুন
ৰুণ্-জুন শব্দ কৰি ,
দেহ পাৰ হৈ সৰকিছে কলিজালৈ ।
মিঠা জুন্ জুন্ সুৰত
তপত টোপালবোৰ ধৰালৈ
টোপ টোপ কৈ
সৰি পৰিছে মুকুতা হৈ ।
তুমি মই তিতিছোঁ , তাত
তিতিছে আমাৰ চৌপাশ
ডালত তিতিছে চৰাই হাল
আৰু গাজনিত কম্পমান
বুকুৰ ধপ্ ধপ্ ধপ্
নিঃশব্দত গুজৰি-গুমৰি
ওফন্দিছে হৃদয় মেঘে ।।
✍🏻যদুমণি গগৈ
শিৱসাগৰ