জোনাকৰ পোহৰত আইৰ নিচুকনি গীতৰ তালত খোৱা
তৃপ্তিভৰা এমুঠি ভাতৰ আমেজ,
বাৰিষাৰ বৰষুণত নাওঁ সাজি
আনন্দৰ আমেজ বিচাৰি ফুৰা ছবিবোৰ অদৃশ্য হ'ল।
বোকা চোতালৰ ভৰিৰ চিহ্নবোৰ নাইকিয়া হ'ল
চোতালবোৰ পকি হোৱাৰ পৰা,
বৰষুণৰ টিপ টিপ শব্দবোৰও আজি ছন্দহীন
পঁজাবোৰ অট্টালিকা হোৱাৰ পৰা।
হেঙুলি আবেলিবোৰ অস্তিত্বহীন
খেলপথাৰৰ সেই চিঞৰবোৰ পাবজী,ফ্ৰী ফায়াৰ য়ে কাঢ়ি নিলে।
ৰমণীৰ ককাল ভঙা নৃত্যবোৰ আবদ্ধ মাথো টিকটক এপত
শংকৰ,আজান,জ্যোতি,বিষ্ণু আৰু ভূপেন মামাৰ গীতবোৰক অপহৰণ কৰি ঠাই ললে ৰেপসংগীতে ।
✍️অমৰ নায়ক
তিনিচুকীয়া