নন্দিনীৰ সৰুৰেপৰাই ফুলৰ প্ৰতি গভীৰ অনুৰাগ। জনা হোৱাৰপৰাই বিভিন্ন জাতৰ ফুলেৰে পদূলি শুৱাই তুলিছে। নিজেও এপাহ নিষ্পাপ ফুলৰ দৰে।
বিধিৰ কি যে বিপাক! ফুল ভালপোৱা ছোৱালীজনী ফুলশয্যাৰ নিশাই লেৰেলি গ'ল। নিষ্প্ৰাণ ফুলৰ খবৰ ৰখা জীৱন্ত ফুলপাহৰ মনৰ বতৰাৰ কোনেও ভু কে নাপালে। এদিন সেই ফুলপাহো নিৰ্জীৱ হৈ ওলমি ৰ'ল।
✍️অংশুমান ভূঞা
চামতা,নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ