শিশুৰ শিক্ষাত পৰিয়ালৰ প্ৰভাৱ-পল্লৱী গোস্বামী

এটি শিশুৱে প্ৰথম জ্ঞানৰ চকু মেলে নিজ গৃহৰ পৰাই ৷ ঘৰ তথা পৰিয়ালটোৰ প্ৰাথমিক নীতি শিক্ষাক আওকাণ কৰি কেতিয়াও বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাই শিশু এটিক সৰ্বাঙ্গীণ দিশত উপযুক্ত কৰি গঢ়ি তুলিব নোৱাৰে ৷ সেয়েহে পিতৃ-মাতৃৰ উপৰিও ভাতৃ-ভগ্নী আৰু ঘৰখনত থকা আন আন সদস্যকে ধৰি প্ৰতিজন সদস্যই এটি শিশুৰ জ্ঞানৰ প্ৰথম কিৰণ বুলি ক’লেও ভুল কোৱা নহ’ব ৷ কাৰণ ঘৰখন বা পৰিয়ালটোৰ প্ৰতিজনৰে প্ৰভাৱ আওপকীয়াকৈ শিশুটোৰ ওপৰত পৰা দেখা যায় ৷ 

কোনো এখন দেশৰ পৰিয়ালৰ অৱস্থা বা মানদণ্ডই সেই দেশৰ সমাজ আৰু সভ্যতাৰ পৰিচয় দিয়ে। ঐতিহাসিক দৃষ্টিকোণৰ পৰাও বিচাৰ কৰিলে দেখা যায় যে শিশুৰ শিক্ষাৰ বাবে পৰিয়ালেই হ’ল  সবাতোকৈ প্ৰাচীন আৰু শক্তিশালী অনুষ্ঠান  যিয়ে এটি শিশুক উপযুক্ত বাতাৱৰণ তথা পৰিৱেশ দিব পাৰে ৷ ৰোজেন ক্ৰেজ নামৰ এগৰাকী পণ্ডিতে এই সম্পৰ্কে মন্তব্য দি কৈছে " গৃহই হ’ল শিক্ষাৰ আৰম্ভণি বিন্দু ৷"কুমলীয়া বাঁহক যেনে ইচ্ছা তেনে গঢ় দিব পৰাৰ দৰেই শিশুটিক এই সময়ছোৱাৰ ভিতৰতে প্ৰকৃত মানৱ হিচাপে গঢ়িবলৈ উপযুক্ত বাতাৱৰণৰ প্ৰয়োজন ৷এই  বাতাৱৰণ এখন ঘৰ বা পৰিয়ালটোৱেহে দিব পাৰিব। এটা কথালৈ আমি সদায় মন কৰিব লাগিব যে সকলো শিশু একে নহ’বও পাৰে ৷ কিছুমান শিশু শান্ত প্ৰকৃতিৰ আৰু ধীৰ-স্থিৰ হয় ৷ সেইপ্ৰকাৰৰ শিশুৱে পঢ়াকে আদি কৰি অন্যান্য দিশতো আগ্ৰহ তথা মনোযোগ দিয়া দেখা যায় ৷ আনহাতে কিছুমান শিশু চঞ্চল স্বভাৱৰ আৰু কিছুমান উগ্ৰ স্বভাৱৰ হয় ৷ তেনেধৰণৰ শিশুক মাৰ-পিট কৰি বা খং-ৰাগেৰে শিক্ষা দিব নালাগে ৷ পিতৃ-মাতৃ তথা পৰিয়ালৰ সদস্যই  মৰমেৰে বুজাই সিহঁতক আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব ৷ শিশুৰ যিটো বিষয়ত ৰাপ দেখা যায় , সেইদিশত আগবঢ়াই নিবলৈ সদায় যত্নপৰ  হ’ব লাগে ৷জোৰ কৰি কোনো বিষয় শিশুক জাপি দিব নালাগে ৷ 

শিশু এটিয়ে ঘৰখনৰ পৰাই আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি সকলোখিনিয়ে আয়ত্ব কৰে ৷গতিকে আমি সকলোৱে ঘৰখনৰ বাতাৱৰণৰ ওপৰত চকু দিয়াটো অতিকে প্ৰয়োজন ৷ কাৰণ আজিৰ শিশু কালিলৈ হ’ব ভৱিষ্যতৰ এজন নাগৰিক ৷ সুস্থ মগজুৰ নাগৰিক এজন গঢ়িবলৈ হ’লে গৰ্ভত থকাৰপৰাই তাৰ যত্ন লোৱাটো প্ৰয়োজন ৷ সেইখিনি সম্ভৱ হ’ব পিতৃ-মাতৃৰ সুকৰ্মৰ দ্বাৰাহে ৷ বাতাৱৰণ গঢ়াৰ ক্ষেত্ৰত পোন প্ৰথমে পিতৃ-মাতৃ আৰু তাৰ পিছত পৰিয়ালটোৰ সকলোৰে কৰ্তব্য বুলি মই ভাৱো ৷ যিহেতু সুশিক্ষাই সু-নাগৰিক গঢ়িব আৰু সুস্থ মনৰ নাগৰিকেহে এখন দেশৰ তথা দহৰ মংগলৰ হেতু চিন্তা কৰে ৷ ভৱিষ্যতে সিহঁতৰ ওপৰতেই পৰিয়াল, সমাজ, দেশ এখন নিৰ্ভৰ কৰিব ৷ সেয়েহে প্ৰত্যেক পিতৃ-মাতৃ তথা ঘৰৰ সকলো সদস্যই  প্ৰতিটো দিশতে শিশুক গঠনমূলক শিক্ষা প্ৰদান কৰিবলৈ হ’লে প্ৰতিটো দিশতে ৰীতি-নীতি , আচৰণ, কথন ভংগী  তথা আনৰ প্ৰতি ব্যৱহাৰ মাৰ্জিত হোৱাটো নিতান্তই বাঞ্ছনীয় ৷ শিশু যিহেতু অনুকৰণ প্ৰিয় ,সিহঁতে অনুকৰণৰ দ্বাৰাই বহু কথাই শিকি লয় ৷ সেয়েহে পৰিয়ালটোৰ মাৰ্জিত আচৰণ, ব্যবহাৰে শিশুটিক বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধন কৰাত অৰিহণা যোগায় ৷ পৰিয়ালটোত সকলোৰে সহযোগিতাৰে সুস্থ পৰিৱেশ এটা গঢ়ি তুলিব পাৰিলে এটি শিশু ভৱিষ্যতে সুনাগৰিক হৈ গঢ়ি উঠিব বুলি আশা কৰিব পাৰি ৷ ঘৰ তথা পৰিয়ালত শিশু এটিৰ বাবে  কৰণীয় কেইটামান কথা তলত উল্লেখ কৰিলোঁ -------- 

          ✍পৰিয়ালটোৰ পৰিৱেশ সুস্থ আৰু সুন্দৰ কৰি ৰাখিব লাগিব ৷ কাৰণ সুস্থ পৰিৱেশেহে শিশু এটিৰ সুস্থ মনৰ বিকাশত সহায়ক হ’ব ৷
✍ পৰিয়ালৰ তথা পিতৃ-মাতৃৰ সৎ ব্যৱহাৰ , সৎ চিন্তাধাৰাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে ৷ 
✍পিতৃ-মাতৃ তথা পৰিয়াল আৰু সন্তানৰ মাজত বন্ধুত্বসুলভ মনোভাৱ গঢ়ি উঠিব লাগিব ৷ তেতিয়াহে শিশুৰ ভুলবোৰ আঙুলিয়াই দি ভাল দিশবোৰ গ্ৰহণ কৰিবলৈ দিহা বা পৰামৰ্শ আগবঢ়াব পাৰিব ৷
✍পৰিয়ালৰ সকলোৰে মাজত পাৰস্পৰিক বুজাবুজিৰ ভাৱ সুদৃঢ় কৰিব লাগিব ৷তেতিয়াহে শিশুটোৱেও অনুকৰণ কৰি শিকিব পাৰিব ৷
✍শিশুৰ ভুল-ক্ৰটিৰ বাবে শাস্তিমূলক ব্যৱস্থা পৰিহাৰ কৰি মৰমেৰে বুজাই ভুলৰ সংশোধন কৰিবলৈ চেষ্টা কৰিব লাগিব ৷
আত্মনিৰ্ভৰশীলতা ,নিয়মানুৱৰ্তিতা ,সহানুভূতিশীলতা আদি শিশুৰ মানসিক গুনৰ বিকাশৰ প্ৰয়োজনীয় বাতাৱৰণ সৃষ্টি কৰিবলৈ পিতৃ-মাতৃ তথা পৰিয়ালে চেষ্টা কৰিব লাগে ৷ সিহঁত ডাঙৰ হৈ অহাৰ লগে লগে নিজৰ নিজৰ কাম নিজে কৰিবলৈ দিব লাগে ( যেনেঃ- ফুলগছত পানী দিয়া ,গধূলি প্ৰাৰ্থনা কৰা ,খেলি উঠি সামগ্ৰীসমুহ পুনৰ ভৰাই থোৱা ,নিজে আহাৰ খোৱা , নিজে কাপোৰ পিন্ধা ) আদি ৷
✍"সুস্থ দেহেহে সুস্থ মনৰ সৃষ্টি কৰে " সেয়েহে শিশুক খেলা-ধূলা ,ব্যায়াম-প্ৰানায়াম আদি কৰিবলৈ দিব লাগে ৷
✍সিহঁতক সময়সূচী মানি চলিবলৈ দিয়া হয় যদিও কিছু সময় সিহঁতক নিজাকৈ কটাবলৈও এৰি দিব লাগে ৷
✍শিশুৰ আগ্ৰহৰ প্ৰতি দৃষ্টি ৰাখি নৃত্য-গীত, চিত্ৰাংকন, নাটক, কবিতা আদি বিভিন্ন দিশেৰে আগুৱাই নিব পাৰি যদিহে এটি শিশুৱে পৰিয়ালৰপৰা উপযুক্ত বাতাৱৰণ লাভ কৰে  ৷ তেনেবোৰ অনুষ্ঠানৰ যোগেদি পুৰস্কাৰ আদি প্ৰদান কৰি সিহঁতক উৎসাহিত কৰিব লাগে ৷
✍পিতৃ-মাতৃ বা পৰিয়ালে শিশুক ভাল কথা বা অকল উপদেশ দি থকাতকৈ নিজে কৰি দেখুৱালেহে শিশু এটিয়ে  শিকাৰ ক্ষেত্ৰত উপকৃত হ’ব ৷
✍শিশু এটিয়ে ভৱা ধৰণেৰে সফলতা দেখুৱাব নোৱাৰিলেও তাক আনৰ লগত তুলনা কৰি কেতিয়াও হেয়জ্ঞান কৰিব নালাগে ৷
✍সিহঁতক সাধুকথাৰ যোগেদিও বিভিন্ন জ্ঞান প্ৰদান কৰাৰ লগতে ইয়াৰ দ্বাৰা সিহঁতৰ সৃষ্টিসুলভ মনোভাৱ বিকশিত হোৱাত সহায় কৰে ৷ 

পৰিয়াল এটিৰ গঠনমূলক শিক্ষা আৰু অনুকুল বাতাৱৰণে শিশু এটিৰ অসাধ্য কৰ্মও সফল হোৱাত সহায় কৰে ৷ শিশু এটিক আগুৱাই নিয়াত পিতৃ-মাতৃ তথা পৰিয়ালটোৰ একান্ত নিষ্ঠা আৰু সাধনাৰ প্ৰয়োজন বুলি মই ভাৱো। 


✍পল্লৱী গোস্বামী

Post a Comment

Previous Post Next Post