সপোন-হুমায়ুন কবীৰ

Rinku Rajowar
0
বহুতৰ দৰে সপোন মইও দেখোঁ
সপোনত বুৰ গৈ,
সপোনত উটি ভাহি, 
সপোনৰ লগত খোজ মিলাই,
মইয়ো সপোন দেখোঁ।

সপোনে লৈ আনে নতুনত্ব,
সপোনে বাধা নামানে; 
মনটোক লৈ যায় অচিন দেশলৈ 
সপোনে দিয়ে জীয়াই থকাৰ আশা
আৰু আনে সীমাহীন আনন্দৰ জোৱাৰ।

সপোনৰো বয়স বাঢ়ে,
সপোনবোৰ দিঠকত ধৰা দিয়ে
পোৱা নোপোৱাৰ দোমোজাত 
ই কঢ়িয়াই আনে বহু প্ৰশ্ন।

সপোনো ভাঙে কাঁচৰ দৰে 
ইয়াৰ শব্দই বুকুত আঘাত দিয়ে।
        
 ✍️ হুমায়ুন কবীৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)