অলপতে শিক্ষক বন্ধু এজনে কথাৰ মাজতে তেওঁৰ সমস্যা এটাৰ কথা ক’লে ৷ সমস্যাটো হ’ল তেওঁৰ চাৰিবছৰীয়া ল’ৰাটোৱে কথাৰ মাজে মাজে বিশেষকৈ খং উঠিলে অশ্লীল শব্দ কয় ৷ শুনিয়ে মই ক’লো যে, “নিশ্চয় তাৰ সন্মুখত কোনোবাই এনে শব্দ প্ৰয়োগ কৰে ৷” বন্ধুৱে চিন্তা কৰি ক’লে, “দিনত মাক আৰু মই কামলৈ যোৱাৰ পৰত সি পেহীয়েকৰ লগত থাকে , বাকী আমাৰ লগত থাকে । আমাৰ ঘৰত কাৰো এনে শব্দ কোৱাৰ অভ্যাস নাই ৷” মই আকৌ ক’লো,“অকণমান ভালকৈ লক্ষ্য কৰিবা । তোমালোকৰ ঘৰলৈ অহা কোনোবাই এই শব্দবোৰ নিশ্চয় প্ৰয়োগ কৰে , বিশেষকৈ খং উঠিলে ৷ তোমাৰ ল’ৰাই তাৰ পৰাই শিকি উঠিছে যে খং উঠিলে এইটো শব্দ ক'ব লাগে , যদিওবা সি তাৰ অৰ্থ নাজানে ৷"
কথাৰ গুৰি বিচাৰোঁতে বেছি পৰ নালাগিল ৷ এদিন বন্ধুৱে ক’লে তেওঁলোকৰ ঘৰত কাম কৰিবলৈ অহা মানুহজনে মাজে মাজে তেনে অবাইচ মাত মাতে ৷ তেওঁৰ পৰাই শুনি বন্ধুপুত্ৰই মনত ৰাখি থৈছে ৷ এই বয়সত এনেই মগজু চোকা হৈ থাকে ৷ এনেবোৰ কথাই কিন্তু শিশুৰ অভিভাৱকক যথেষ্ট চিন্তাত পেলায় ৷ ইয়াৰ পৰা পৰিত্ৰাণৰ ৰাস্তা সহজ নহয় ৷ শিশুক সিহঁতে কৰা কামটো ভুল বুলি চিধাই বুজাব নোৱাৰে , কিবা কাৰণত যদি কথাটোত ৰস পালে , বাৰম্বাৰ সেই কামকে কৰিব ৷ মাৰ-ধৰ কৰিলেও বিদ্ৰোহী হৈ উঠাৰ কিছু অৱকাশ থাকে ৷ শিশুৰ মুখত তেনে কোনো কথা শুনিলেই প্ৰথম পদক্ষেপ হ’ব লাগে কথাটোত একেবাৰেই গুৰুত্ব নিদিয়া যেন দেখুৱাই কথা সলোৱা ৷ আমাৰ বহুতৰেই সেইখিনিতে ভুলটো হৈ যায় ৷ শিশুৰ মুখৰ কথাবোৰে আমোদ দিয়ে বাবে তাক পুনৰাবৃত্তি কৰিবলৈ মাক-দেউতাকে নহ’লেও ঘৰৰ কোনোবা সদস্যই উৎসাহ দিলেই মহা বিপদ ৷ শিশুৰ সন্মুখত শব্দ প্ৰয়োগৰ ক্ষেত্ৰতো সকলোৱে সাৱধান হোৱা উচিত ৷ আমাৰ বহু কণকণ ল’ৰা ছোৱালীয়ে নিজৰ ককাক-আইতাকক বুঢ়া-বুঢ়ী বুলি সম্বোধন কৰা দেখা যায় ৷ সেয়া কিন্তু তেওঁলোকে নিজে নিশিকে , কোনোবাই শিকায় ৷ সৰুতে বুঢ়া-বুঢ়ী শব্দবোৰ ভাল লাগিলেও সেই শিশুটোৱেই স্কুললৈ যোৱাৰ পাছৰ পৰা এনেবোৰ শব্দ সিহঁতৰ মুখত অশুৱনি লাগে ৷ ঠিক একেদৰে বহুতে আনৰ মুখত শুনি মাহী , পেহী , খুড়া আদি পৰিয়ালৰ সদস্যক নামকাঢ়ি মাতিব আৰম্ভ কৰে ৷ প্ৰথমতে শুদ্ধৰাই দিব পাৰিলে ভাল ৷ পাছলৈ শুদ্ধৰোৱা সহজ নহয় ৷ যিমান পাৰি 'তই' সম্বোধনটো নিশিকালেই ভাল ৷ নহ’লে শিশুটো অলপ ডাঙৰ হ’লেই শিষ্টাচাৰ নজনা যেন লাগে কিন্তু সেয়া ল’ৰা-ছোৱালীৰ ভুল বুলি ক'ব নোৱাৰি ৷ আমি অভিভাৱকসকল মূলতঃ দায়ী ৷
আজিকালি মোবাইল ফোনটো শিশুৰ অভিন্ন লগৰী হৈ পৰিছে ৷ ইয়াৰ কুপ্ৰভাৱ নিশ্চয় আছে । কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত আমিবোৰ অকণমান সজাগ হ’লেই আজিৰ শিশুৱে বহু কথা ইয়াৰ পৰাই শিকে ৷ তাত যাতে বেয়াখিনি শিকিব নোৱাৰে সেইক্ষেত্ৰত আমি কিছু কঠোৰ হোৱাৰ প্ৰয়োজন থাকে ৷
এই কথাবোৰ আমি সকলোৱে জনাৰ পাছতো এটা প্ৰশ্ন নিশ্চয় থাকি যায় , আমি আমাৰ শিশুহঁতক কি শিকোৱা উচিত বা কথাবোৰ কেনেকৈ শিকোৱা উচিত ৷ এইক্ষেত্ৰত ব্যক্তিভেদে মন্তব্য ভিন্ন হ’ব ৷ ইয়াত আমি যি শুদ্ধ বুলি বিবেচনা কৰোঁ তাকেহে ক’বলৈ আগবাঢ়িছো ৷ প্ৰথম কথা আমি কৃত্ৰিমভাৱে বা বাহ্যিক দিশত অতি আধুনিকতাৰ ভাও ধৰাৰ প্ৰয়োজন নাই , প্ৰয়োজন নাই নিজৰ ঘৰখনক তথাকথিত পাশ্চাত্য সংস্কৃতিৰ আখৰা গৃহ সজোৱাৰ ৷ আমি যি ঘৰুৱা অনুশাসনৰ মাজত ডাঙৰ হৈছিলোঁ সেই পৰিৱেশটো কিছু হ’লেও বৰ্তাই ৰখাৰ দৰকাৰ আছে ৷ ৰাতিপুৱা সোনকালে উঠিবই লাগিব , কিতাপত চকু দিবই লাগিব , দুপৰীয়া নিৰ্দিষ্ট সময় জিৰণি ল'বই লাগিব , সন্ধিয়া প্ৰাৰ্থনা , তাৰ মাজতে সমনীয়াৰ লগত খেল-ধেমালি , জ্যেষ্ঠজনলৈ সমীহ ইত্যাদি ইত্যাদি ৷ এই কথাবোৰৰ ক’তো ভুল নাছিল ৷ আমাৰ কাৰোবাৰ মাক-দেউতাক অশিক্ষিত আছিল যদিও ঘৰবোৰত একেই অনুশাসন আছিল আৰু জীৱনৰ লগত যুঁজ দিয়াৰ সাহস আমি প্ৰায়বোৰেই সৰুৰে পৰা পালোঁ ৷ আমাৰ সন্তানকো তেনেকৈয়ে এটা পৰ্যায়লৈ আগবঢ়াই নিব পাৰিলে বেয়া নহয় ৷ সেই প্ৰচেষ্টাত সফল হ’বই লাগিব বুলি কথা নাই, কিন্তু চেষ্টা কৰাৰ প্ৰয়োজন আছে ৷ এই কথাখিনি মানি লোৱাৰ পাছতো এষাৰ কথাই আমাক কষ্ট দিব- “এতিয়া যুগ সলনি হৈছে ৷" আমিও কওঁ সময় সলনি হৈছে ৷ কিন্তু সেইবুলিয়েই আমি কিছু অনুশাসন আৰু নিয়মৰ মাজেৰে আমাৰ সন্তানক আগুৱাই নিব খু্জিলেই তেওঁলোক প্ৰযুক্তিগত দিশত আগবাঢ়ি নাযাব বা আধুনিক জীৱনশৈলীৰ লগত অভ্যস্ত নহ’ব বুলি ভবাটো আমাৰ মূৰ্খামি ৷ আজি আমি যিবোৰ বৃত্তিৰ লগত জড়িত হৈ আছোঁ বা আধুনিক প্ৰযুক্তিৰ যি বিশাল সম্ভাৰ দৈনন্দিন জীৱনসূচীত অন্তৰ্ভুক্ত কৰি লৈছোঁ, সেইবোৰ আমাৰ শৈশৱত কল্পনাৰ বাহিৰত আছিল ৷ কিন্তু আজিৰ তাৰিখত সেই জীৱনশৈলীৰ লগত আমি অভ্যস্ত ৷ আমিয়ে পাৰিলোঁ যেতিয়া আমাৰ সন্তানেও পাৰিব ৷ আজিৰ তাৰিখত তেওঁলোকক মোবাইলত বেছি সময় ব্যস্ত নাৰাখি তাৰপৰাই কিছু সময় উলিয়াই ছবি , সংগীত , খেল-ধেমালিৰ লগত ব্যস্ত কৰাই দিব পাৰিলে তেওঁলোক শাৰীৰিক , মানসিক দুয়োটা দিশতে লাভৱান হ’ব ৷ বিদেশৰ ভাষা , সংগীত সাহিত্যও শিকক , ইয়াৰ লগতে আমাৰ নিজৰখিনিও গৌৰৱেৰে আকোঁৱালি লওঁক ৷ তেওঁলোকক সঠিক ৰাস্তা দেখুওৱাৰ দায়িত্ব আমাৰ ৷
✍🏻ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ