স্মৃতি ৰোমন্থন কৰি তোলৈ বুলি এখনি নীলা খামৰ চিঠি-প্ৰিয়ংকা গায়ন

মৰমৰ,
       মুনমী,
             মোৰ হিয়াভৰা মৰমবোৰ তোলৈ পঠালো।হাতৰ কলমটো থৰথৰ কৈ কপিছে।হৃদয়ৰ শব্দবোৰেও আজি বিধি পঠালি দিছে।মনটো কিবা উন্দুলিয়াই নিছে।তথাপি আজি তোলৈ বুলি লিখিছো।মনত সেই বিশেষ মুহূৰ্তবোৰ ভাঁহি আহিছে।মই ওচৰত থাকিলে তোৰ যে এখন হাত সদায় মোৰ হাতত থাকে।মোৰ পাছতে বহি " ঐ শুন আকৌ, ঐ এইফালে চাচোন" এনেকৈ থকা তোৰ কথাবোৰে মোক কন্দুৱাই অ' কেতিয়াবা।তোৰ মনত পৰিছেনে বাৰু সেই দিনবোৰ ,আমি যে টিউচন কৰিছিলো দশম শ্ৰেণীৰ অংক আৰু ইংৰাজী।কি সময় আহিল চাচোন আজি তই মই লগ নোপোৱা দুবছৰেই হ'বৰ হ'ল তথাপিও তোৰ স্মৃতিবোৰেই মোৰ মনটোক প্ৰতিদিনে জীপাল কৰি ৰাখিছে।সেইবোৰ বাদ দে বাৰু।
      ভগৱানে নিশ্চয় তোক আৰু মা দেউতাক ভালে ৰাখিছে।ভালে ৰাখক সদায়।এতিয়া যিহে পৰিস্থিতি সাৱধানে থাকিবি,স্বাস্থ্যৰ যত্ন ল'বি।কি দিন আহিল আজি ওচৰত বহি কথা পাতিব ও নোৱাৰি।ক'ৰণা শেষ হ'লেই লগ পাম।মন গ'লেই লগ পাব নোৱাৰি এতিয়া।ঘৰতে থাকিবি।আশা কৰো ভাল দিন খুউব সোনকালেই আহিব।আমাৰ জীৱন যাত্ৰা আকৌ এক সুকীয়া গতিত গতি কৰিব।ভালে থাক।বহুত মৰম আৰু শুভেচ্ছা তোলৈ।মা দেউতাক মোৰ সেৱা জনাবি।আজিলৈ সামৰণি।  
                                                                       ইতি, 
                                                            মৰমৰ বান্ধৱী
প্ৰিয়ংকা গায়ন

✍️প্ৰিয়ংকা গায়ন

Post a Comment

Previous Post Next Post